দকচিৰি
জুনু বুঢ়াগোহাঞি নাথ
গুৱাহাটী
সুখৰ সন্ধিয়া এটা
মাতমৰা ঘাটৰ মথাউৰিৰ ওচৰৰ
গাঁও এখনৰ জীয়া কাহিনী
বৰলুইতখন সাক্ষী ৷
শব্দহীন বিশ্বাসৰ উন্মাদ পচোৱাই
নদীৰ বিশুদ্ধতাক ঢৌ তুলি নচুৱায়
য'ত নদীৰ অস্তিত্বই নিৰ্মল পানীক সাৱটি
ভালপোৱাৰ দ্ৰাঘিমাত উজায় ৷
মেম-মিগমৰ ঐনিতমৰ সুৰ
বতাহত দুলি দুলি
বহু দূৰলৈ যায়
মিগমে দিয়া দকচিৰিৰ দোলনে
মেমৰ আচলখন বাৰে বাৰে খহায় ৷
ঢুকি নোপোৱা দূৰৈত
সন্ধিয়াৰ যান্ত্ৰিকতাৰ কিৰিলি
চুবহি নোৱাৰে চাংঘৰৰ শান্তিৰ পদূলি
নদীৰ অৰণ্যত
মুকলি উশাহ, বতাহৰ নদীয়াল মেলা ৷
ওচৰ চাপি গ'লোঁ
ক্ষয়িষ্ণু নগৰৰ কোলাহল
ইয়াত চপৰা-চপৰে খহে
বান্ধ খালে নদীৰ কথকতা
মোৰ ভাবনাৰ লহৰৰ স'তে
খোল খালে যাতনাৰ বন্ধ দুৱাৰ
ক্ষন্তকলে'----৷
চাঙৰ গান্ধৈত ভাগৰুৱা জালৰ এঙামুৰি
মাছমৰীয়াৰ নাৱৰ নীৰৱতাত
শীতৰ নিহালি এখন লৈ
চাংঘৰবোৰ শুবলৈ ল'লে ৷
ইমান ধুনীয়া নদীৰ পাৰৰ গধূলি
ইমান ধুনীয়া মেমৰ ডিঙিৰ দকচিৰি
বতাহত হালিছে
মৰমত দুলিছে ৷
মাজনিশা
সাৰপাই নুঠে নদী
সাৰপাই নুঠে চাংঘৰ
সাৰপাই নুঠে দকচিৰি ৷
*************************************
No comments:
Post a Comment