ফেথ'মিটাৰ
গায়ত্ৰী দেৱী বৰঠাকুৰ
তেজপুৰ
তেওঁ ক'লে,
তুমি মোৰ বুকুৰ নদী
মই সুধিলোঁ
ক'বানে ন দি
তেওঁ ক'লে
তুমি স্ৰোতস্বিনী
মই সুধিলোঁ
কিয় গৰাখহনীয়ালৈ বৰ ভয় নেকি
তেওঁ ক'লে
তুমি কল্লোলিনী
মই সুধিলোঁ
ভিতৰত কিহৰ ইমান হুলস্থূল
তেওঁ ক'লে
তুমি মোৰ
মই ক'লো
হ'ব পাৰে
সাগৰ লৈ বহু দূৰ.....
(ফেথ' মিটাৰেৰে জোখা হয় সাগৰৰ গভীৰতা...।)
No comments:
Post a Comment