ছহিদৰ কণ্ঠ
অমৰজিৎ কুমাৰ পাঠক
মুক্তিৰ ৰাজপথেদি মই যাওঁ
ৰূদ্ধ কাৰাৰ প্ৰাচীৰ ভাঙি।
যদিও দেহত নাই শৃংখল বন্ধন
তথাপি মুক্তিৰ পথততা হওঁ
তােমাৰ বৰ্বৰতা নিষ্ঠুৰতাৰ
স’তে দেখাদেখি।
ভীত নহৈ মই যাওঁ
মুক্তিৰ ৰাজপথেদি মই যাওঁ।
চেতনাৰ আলিয়েদি মই যাওঁ।
দুকাষে দেখা পাওঁ
ভােমাৰ দয়া মায়াহীন অন্তৰৰ
গভীৰ তলিৰ পৰা উৰ্গীৰিত হােৱা
নৃশংসতাৰ আগ্নেয়গিৰিৰ
উদ্দাম বহ্নিনিৰ্কৰ।
সন্মুখত দৃষ্টি থৈ
তথাপি মই কওঁ ‘প্রেমেই জীৱন’।
কাৰাৰ দেৱালততা লিখি থৈ আহিছে
প্ৰেমৰ আচল সংজ্ঞা ..... জীৱনৰাে।
তুমি সােধোঁতে কোৱা সেই সংজ্ঞা
“জীৱন মানেই সংঘাত আৰু
জীৱন মানেই পণ”।
No comments:
Post a Comment