কথনবেলা
স্বপ্নালী কলিতা
তেওঁ মোক সুধিলে-
জীৱনটো প্ৰথমৰ পৰা আৰম্ভ কৰিবলৈ সুবিধা পালে কি কৰিবা?
মই ক'লো--মুঠিৰ ফাঁকেৰে সৰকি যোৱা ধূলিখিনি গোটাই থ'ম।
তেওঁ উত্তৰটো বোধহয় টুলুঙা পালে।
আক্ষেপৰ বাবে কোনো ভ্ৰুক্ষেপ নাই।
জীৱন সজাবলৈ,সাজোন দিবলৈ গাণিতিক পৰিকল্পনা এটা যে জৰুৰী,
সেই কথা জীৱলৈ কচৰৎ কৰা কোনেনো নাজানে?
তেওঁ মোক দুনাই সুধিলে--
আৰু একো নাই কবলগীয়া!
মই ভাবিলোঁ-কাচোন দিব পৰাকৈ এটা
জীৱন নাই,
সাজোন দিব পৰাকৈ কিছু সমল নাই,
গঁড়াল দিব পৰাকৈ নাই সময়ৰ কামি ।
ক'বলগীয়াই বা থাকিল কি?
অগতিৰ গতি
অসতীৰ সতী
অজাতিৰ জাতি
অমাটিৰ মাটি
সকলোঁ সামৰি এমুঠি উৰণীয়া ধূলি।
হাতৰ ফাঁকেৰে সৰি পৰাখিনি
জীৱনৰ দোকমোকালি।
তেওঁক ক'লো-
ধূলি গোটোৱাটো মোৰ
জীয়নৰ প্ৰথমপাঠ।
No comments:
Post a Comment