তুমি ধুনীয়া - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, February 2, 2022

তুমি ধুনীয়া

 তুমি ধুনীয়া

দীপ হেষ্টিংছ্ বৰি

       গোলাঘাট



মই তোমাক ভালপাওঁ

তুমি সেয়ে ধুনীয়া


তুমি মোৰ প্ৰেমৰ প্ৰস্তাৱ

প্ৰত্যাখান কৰিছা বাৰে বাৰে

সেয়েহে চাগৈ মোৰ কবিতাবোৰো ধুনীয়া

( পাঠকৰ দৃষ্টিত )


তোমাক লৈ লিখা

মোৰ কবিতাবোৰ তুমি নপঢ়া

তোমাৰ যুক্তি ধুনীয়া


যাদৃচ্ছিক জীৱন শৈলীৰ মাজতো

সঘনাই মনত পৰি থাকে তোমালৈ

তোমাৰ সতে  কথা হ'বলৈ মন যায়

আচলতে তোমাৰ মাতটো শুনিবলৈ মন যায়

বাৰে বাৰে পকেটৰ পৰা মোবাইল উলিয়াওঁ

ডায়েল কৰো তোমাৰ নম্বৰত

এবাৰো নধৰা

কিযে  তুমি !

তোমাৰ এই দৰ্শন ধুনীয়া


আজি আকৌ তোমাৰ নামেৰে

মোৰ প্ৰেম বদনা 


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages