ঐনিমত
অনুভৱ প্ৰিয়ম মিৰি
নৈ পাৰৰ পৰা
ৰিবৰিব বা হৈ বলি আহে
আ: শাত পৰি যায় দেহ
মৌৰ দৰে মিঠা
ফুলৰ দৰে সুবাস
পান কৰিয়ে থাকিবৰ মন
দাৱনীৰ মুখৰ পৰা
পথাৰৰ মাজৰ পৰা
আ: কি যে সুন্দৰ !
নিজৰাৰ পানীৰ দৰে
নিগৰি নিগৰি বৈ আহি
দেহ মন জীপাল কৰে
গৰখীয়াৰ মুখৰ পৰা
চৰণীয়া পথাৰৰ পৰা
কি যে মধুময় গুঞ্জন !
উভতি অহা পক্ষীজাকৰ দৰে
ডেউকা কোবাই উৰি আহি
স্পৰ্শ কৰে দেহ মন
শুনি শুনি আমনি নালাগে
শুনিলে শুনি থাকিবৰ মন
গাব নাজানিলেও গুণগুণাবৰ মন
শুনি মগ্ন হৈ থ'মকি ৰয়
বাটৰুৱাৰ মন
বন ফৰিঙৰ জাক
দুখ ভাগৰ পাহৰিব দিয়ে
ননচা মন নাচিব দিয়ে
আ: কি যে মধুৰ ঐনিমত !
No comments:
Post a Comment