পুতলা নাচ
যতীন মিলি
নাটখন যৱনিকা পৰাৰ আগলৈকে
জীৱন নামৰ মঞ্চত জী থাকে
পুতলাৰ অভিনয়
কাৰো মুখলৈ চাই ধৰিব নোৱাৰি
প্ৰিয় অথবা অপ্ৰিয় অনুৰাগীৰ
পৃথিৱীত সকলো মানুহেই মাটিৰ পুতলা হৈ জন্ম লাভ কৰে
দেৱতাৰ ফুল হৈ ফুলে প্ৰতিগৰাকী আইৰ বুকুৰ বাকৰিত
পৰিৱেশে ৰচনা কৰা কাহিনীৰ দাবী অনুযায়ী
পুতলাই মঞ্চস্থ কৰে জীৱনৰ নাট
পৰিৱেশন কৰে অনৰ্গল
সুখ-দুখৰ সংলাপ-বচন
তথাপি কাকো সমানে সুখী কৰিব নোৱাৰে পুতলাই
বিৰ দি বাট নোপোৱা দৰ্শকৰ মাজৰ পৰা বাৰে বাৰে উচ্চাৰিত হয়
মেদবহুল বদহজমী অনেক কবিতা
আমি সকলোৱে একো একোটা মাটিৰ পুতলা
মূৰৰ চুলিৰ সমান আয়ুস বিচাৰি
পুৱা-গধূলি নাচি থাকোঁ
পুতলা নাচ
আৰু
সেই ভাওৰ জুমুঠিত জ্বলি উঠা জোনাকৰ আভাত পঢ়োঁ
উশাহৰ নিটোল আখৰ
প্ৰত্যাশা আৰু সেউজীয়াৰ...
No comments:
Post a Comment