বিষাদ গাথা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, February 2, 2022

বিষাদ গাথা

 বিষাদ গাথা

ঝৰ্নালী শৰ্মা বৰকটকী

তেজপুৰ বিশ্ববিদ্যালয় চৌহদ




উইচিৰিঙা ৰাতি

বন্ধ্যা বতাহ জাকে 

কোবাই যায় সৰাপাতত।


শেলুৱৈয়ে গচকা হৃদয়ত

উতনুৱা যৌৱনৰ

প্ৰনয়ৰ এফাঁকি

আধৰুৱা  গীত।


দুচকুত জল মলাই উঠে

কেৰেচীয়া সপোনবোৰে।


শেষ নিশা হেৰাই যায়

দুচকুত  অশ্ৰুৰ সেলেঙি বোলাই

 জোন গলা পথাৰত।


তেতিয়া পথাৰৰ সীয়নিত

শব্দৰ মেলা

কবিতাৰ উখনা-উখনি।


সৰাপাতত উৰি ফুৰে

আদহীয়া প্ৰেমৰ সুৱাস। 




ফোন নং ৯১০১৮৬০৩৫৯


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages