জোনাক নিশাৰ প্ৰেম
ৰাজু কুমাৰ নৰহ
জোনাকত সূৰ্যৰ প্ৰতিবিম্ব
তোমাৰ কপালত উজ্বলি উঠাত,
শূণ্যমূখী আকাশখনৰ মুৰুলী সদৃশ
প্ৰতিধ্বনিৰ বিৰাজমান কালতে
তোমাৰ সৌন্দৰ্যতাৰ হাবিয়াস,
চোতালৰ দুৱৰিৰ গছকত
ধৰণী সেউজীয়া হৈ পৰে।
বিস্তৃৰ্ণ আকাশৰ এটি কোণত
ভিন্ন ৰঙী ৰামধেনুৰ ফাকু খেল।
থৰ লাগি ছাই থকা
এজাক মেঘ ৰাজ্যৰ আত্ম সমৰ্পন,
তাতে তোমাৰ যৌৱনৰ উম্নাদনাত
তুমি সৌন্দৰ্যতাৰ অধিক গৰাকী হোৱা।
সকলোৰে হৃদয়ক প্লাৱিত কৰি
আকৃষ্ট কৰি তোলা জাগৃত প্ৰেম,
তাৰেই এপাচি আত্ম-গৌৰৱৰ টোপোলা লৈ
ভাহি ফুৰা উদণ্ড প্ৰেমিকাৰ চাকনৈয়াত।।
No comments:
Post a Comment