আহিবিনে তুমি লৃগাঙত গুমৰাগ নাচিবলৈ
বিপিন টায়ে
ঐ কাংকান,লৃগাঙ আহি পালেহি অ"
চোৱাচোন চোৱা সেই
শিমলু গছজোপালৈ
কিমান ধুনীয়াকৈ ৰংচঙীয়া হৈ আছে
শিমলু মদাৰ ফুলে
আজি দেখুন ফাগুনৰ পছোৱাই
মোৰ গোটেই শৰীৰটোকে শীতল
কৰি তুলিছে
আজি লৃগাঙৰ দিনাত মন মাৰি
নাথাকিবা অ কাংকান
লৃগাঙে ৰৈ আছে মুৰং ঘৰৰ লত্তাত
তুমিও ওলাই আহা অ"
ৰি:বি গাছেং পিন্ধি
আমি সকলোৱে মিলি ল:লে নি:তম,
আৰু গুমৰাগৰ সুৰেৰে লৃগাঙক আদৰাম
তুমি নাহিলে গুমৰাগৰ সুৰ
বাজি নুঠিব অ"
ঐ নি:তমবোৰো মুখৰ পৰা নোলাব
সেমেকি যাব ল:লে নি:তমবোৰো
ঐ কাংকান আহিবিনে তুমি লৃগাঙত
গুমৰাগ নাচিবলৈ
মুৰং ঘৰৰ লত্তাত আহিবিনে তুমি
ঐ নি:তম গাবলৈ
আহিবিনে তুমি আনন্দেৰে লৃগাঙক আদৰাবলৈ
No comments:
Post a Comment