এটা প্ৰেমৰ কবিতা
গায়ত্ৰী দেৱী বৰঠাকুৰ
তেজপুৰ
ক'ৰবাত কিবা এটা হৈছিলে।
মই আগুৱাই নিব পৰা নাছিলোঁ মোক।দুচকুত শ্লোক হৈ নিগৰা শোকৰ ছাঁ ।অস্তৰাগৰ বেলিয়ে আঁকিছিল আৰণ্যক মন্ত্ৰ ।
তুমি ফাগুন হৈ আহিবা বুলি বুকুত ফুলিছিল পলাশ ।
ই জানো সম্ভৱ !
সৰাপাতৰ ৰেৱাজতহে বুজিলোঁ।
আচলতে আলাপ বুলিবলৈ একোৱেই নাছিল তোমাৰ-মোৰ মাজত!
তুমি ব'হাগ হ'বা বুলি বুকুত বাচিছিলোঁ বসন্তৰ এটি সুকোমল নাম ।
কুলিয়ে মাতিলেহে যে বসন্ত আহে ,এই কথা কি নাজানে ফাগুনে!
তাতে মোৰ দোষেই বা কি!
No comments:
Post a Comment