ঘৰত কোনোবা আছেনে ? - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, March 4, 2022

ঘৰত কোনোবা আছেনে ?

 


ঘৰত কোনোবা আছেনে ?

                                              অত্ৰেয়ী গোস্বামী

তিতাবৰ,যোৰহাট

জপনা খুলি সোমাই যাওতেই 

তগৰ এপাহ সৰি পৰিল,

বুটলি লৈ শুঙি চালোঁ

ভিতৰখন চেঁচা পৰি গ’ল৷


আগফালে দুৱাৰডাং

পিছফালে ধোবাংবাং

ঔ আই ই কি

এইটো দেখোন প্ৰকাণ্ড গাঁত৷


ভিতৰৰ শব্দবোৰ আপোনাআপুনি ওলাই আহিল,

মোৰ ভাল লাগিল

ইমান শীতল,ইমান নিৰ্জন

এয়া যেন পৰম আকাংক্ষিত চেনেহপুৰ৷


মোৰ দুচকু বন্ধ

মই গান্ধাৰী নহয়৷

লাহেকৈ মাত দিলো

ঘৰত কোনোবা আছেনে?


ক’ৰপৰা জানো আহিল সেই গুমগুমনি

যেন চুই গ’ল মোৰ আত্মা

অথচ মোৰ দুচকু বন্ধ

মই বুজিলো এতিয়া মই

পৃথিৱীৰ পৰা বিচ্ছিন্ন৷


পৃথিৱীখন ক্ৰমশঃ মোৰ বাবে

অচিনাকি হৈ পৰিছিল

মই মোৰ ভাৰ এৰি দি

উন্মুক্ত হ’ব খুজিছিলো৷


ইমান কোলাহল, ইমান ঈৰ্ষা

ইমান অবিৰত আক্ৰমণ!

মই মোক হেৰুৱাব খোজা নাছিলো 

ভিৰৰ মাজত ঘৰ হেৰুৱাই অঘৰী হ’লো৷


ইয়াৰ পৰা বাহিৰৰ শব্দবোৰ নুশুনি

হয়তো কোনোবাই বাৰে বাৰে সুধিব

অথবা কোনেও কেতিয়াও নুসুধিব

ঘৰত কোনোবা আছেনে?


                


মোবাইলঃ ৯১০১৫৩৫৭৭৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages