মৰমবোৰ নদীহৈ বৈছে
নিৰ্মল নৰহ
মৰম-ভাল পোৱাৰ আকুলতাবোৰ
হৃদয়ৰ নিভৃত কোণৰ পৰা
নদী হৈ বৈছে ।
হিয়াৰ দলিচা খন যে
লুনীয়া সাগৰৰ দৰে
বৰকৈ ওপঙিচে ।
কেতিয়াবা নদী আৰু সাগৰখনকে সুধি চাবলৈ
অঘনে মন যায়
মোৰ প্ৰেমৰ সঠিক ঠিকনা কথা ।
সঠিক প্ৰেমৰ সন্ধানত
কেতিয়াবা নদীৰ পাৰত
নতুবা
নিৰ্জন ৰাতি আকাশৰ তলত বহি
জোনবাইৰ স'তে অফুৰন্ত
মনৰ বহুটো কথা পাতিবৰ
মন যায় ।
নিৰ্জন ৰাতিৰ আকাশত
মিচিকিয়াই কিয়ৰ কথা পাতে বাৰু
মোৰো যে আছে এক
আপোন জনৰ স'তে লগ হৈ
হিয়া উজাৰি
মনৰ কথা পাতিবলৈ ।
লৃগাং আহিলে মৌ:নামলৈ
বৰকৈ মনত পৰে
চাওঁ বুলিলেও
তেওঁ চোন আজি মোৰ কাষত নাই ।
সৌ আকাশৰ
চন্দ্ৰ তৰাই মোৰ সাক্ষী হৈ ৰব
মধু মিলন কামনা কৰি ।
মৰমবোৰ নদী হৈ বৈছে
তোমাৰ আলফুলীয়া
মৰম বিচাৰি ।
(অৰ্পণ - কবিতাটি সহপাঠী প্ৰীতি পেগুৰ হাতত
মৰমেৰে তুলি দিলোঁ ।)
No comments:
Post a Comment