গেৰুৱা পোক
গুনোজীৎ দাস
ফোন-7896748986
বহুকাল চৰাইবোৰে গান গোৱা নাই ইয়াত
ঘামবোৰ এতিয়া আলুতলিৰ চৌ
বজাৰ দাম নাপাই সি কেতিয়াবাই ঘূৰি আহিল
এইবাৰ গেৰুৱা ৰঙৰ চোলাটোই বচন মাতিছে,
ভোকৰ জুইকুৰা পিৰালিতে বহি বহি চোতালত সাত পাক ঘূৰিলে
বনৰীয়া বতাহচাতি চৰাইৰ চকুৰে বৈ
অৰণ্যত হালধীয়া হ'ল ৰাতিৰ জোন
পোহৰ পৰি চাঙগলিৰ পৰা জপিয়াই নামি অহা ছাগলীৰ পোৱালিটোক
প্ৰাত: ভ্ৰমণৰ খোজবোৰে বিচাৰি দিলে
মাকজনীৰ পেটত দুটা গুলি
গুলিৰ নামত এটা সদৃশ ভগ্নাংশ জপিয়াই নামি আহি
দেশ দুই ভাগৰ এক
এভাগ হিন্দু ,এভাগ মুছলমান
হিন্দুবোৰ গেৰুৱা ,মুছলমাবোৰ সেউজীয়া
কাজেই
গৰুবোৰ হিন্দু হৈ গৈ আছে
ছাগলীবোৰ মুছলমান
দেশখন ভাঙিছে ৰঙৰ নামত
দেশখন ভাঙিছে জন্তুৰ নামত
ভোকৰ জুইকুৰাৰ আভ্যন্তৰীণত
পিতপিতাই ফুৰিছে
এটি গেৰুৱা সন্ধিপদী
তেজ বমিত সি ঘূৰি-ঘূৰি
বেলনাত এৰি গ'ল বতৰৰ
ঘূৰণীয়া ৰুটি
No comments:
Post a Comment