মিচিং সমাজ আৰু জাতীয় সংগঠন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, March 4, 2022

মিচিং সমাজ আৰু জাতীয় সংগঠন

 


মিচিং সমাজ আৰু জাতীয় সংগঠন                      

                         জাতিৰাম কামান



     মিচিং সকলৰ জাতীয় সংগঠন বুলি ক'লে বৰ্তমানে চলি থকা ছয় জাতীয় সংগঠন যেনে_1)MBK(Mising Ba:ne´

Ke'bang),2/MAK(Mising Agom Ke´bang),3/TMPK(Takam Mising Porin Ke´bang),4/MDK(Mising Di´rbi Ke'bang),5/TMMK(Takam Mising Mime´ Ke´bang) আৰু 6/MMK (Mising Mimag Ke´bang)কে বুজা হয়।এই ছয় অৰাজনৈতিক জাতীয় সংগঠন সমূহেই হল মিচিং সকলৰ জাতীয় সংগঠন।মিচিং জাতীয় সংগঠনৰ উপৰিও MAC(Mising Autonomous Council)হল মিচিং ৰাইজৰ সৰ্বাংগীন উন্নতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে আগবঢ়োৱা এখনি প্ৰশাসনিক অনুষ্ঠান।

    জাতীয় সংগঠন সমূহৰ চৰিত্ৰ সদায়েই নিৰপেক্ষ আৰু অৰাজনৈতিক,বিপৰীতে প্ৰশাসনিক গোটৰ চৰিত্ৰ হল ৰাজনৈতিক আশীষপুষ্ট।কাজেই জাতীয় সংগঠনৰ লগত প্ৰশাসনিক অনুষ্ঠান বা স্বায়ত্ব শাসিত পৰিষদৰ সনাপিটিকা হলে জাতিটোৰ সৰ্বাংগীন উন্নয়ণৰ স্বাৰ্থতকৈ স্বায়ত্ব শাসিত পৰিষদে পৰিষদীয় ৰাজনৈতিক অভিষ্ট সাধনত অগ্ৰাধিকাৰ লাভ কৰে।সেই বিষয়ে স্থানান্তৰত সবিশেষ আলোচনা আগবঢ়াম।প্ৰথমে বিশদ আলোচনা  কৰা হওঁক জাতীয় সংগঠনৰ বিষয়ে।

     ১৯২৪ চনতেই জন্ম লাভ কৰা মিচিং জাতীয় সভা,পৰৱৰ্তী কালত ১৯৩৫ চনত পূৰ্ণাংগ ৰূপ লোৱা সদৌ অসম মিৰি সন্মিলনেই ১৯৫৬ চনত বাঃনৗ কৗবাং নামে পৰিচিত হয়।মিচিং সংগঠন বুলি ক'লে সেই তাহানিৰ পৰা চলি অহা বাঃনৗ কৗবাঙেই হল মিচিংসকলৰ প্ৰধান অৰাজনৈতিক অভিভাৱক সংগঠন।মিচিং সমাজক একত্ৰিকৰণ প্ৰক্ৰিয়াত বাঃনৗ কৗবাঙৰ এক উল্লেখনীয় অৱদানৰ কথা নুই কৰিব নোৱাৰি যদিও আৰ্থ সামাজিক ভাৱে মিচিং সমাজক আগুৱাই নিয়াত কিমান অগ্ৰণী ভূমিকা পালন কৰি আহিছে এয়া সন্দেহৰ আৱৰ্তত!আমি জনা বুজা হোৱাৰে পৰা যিমান বাঃনৗ কৗবাঙৰ অধিৱেশন দেখি আহিছোঁ সেইবোৰলৈ লক্ষ্য ৰাখিলে দেখা যায় যে বাঃনৗ কৗবাঙৰ সভাপতি পদক লৈ অধিৱেশনস্থলীত খোৱা কামোৰা,বাক্ বিতণ্ডা আৰু ৰাজনৈতিক কূট কৌশল ৰচনা কৰাহে পৰিলক্ষিত হোৱা যেন লাগে!শতবৰ্ষ গৰকিব ধৰা বাঃনৗ কৗবাঙে এতিয়ালৈকে মিচিং সমাজৰ বাবে উল্লেখযোগ্য কৰ্মসূচী হাতত লৈছে বুলি মনে নধৰে আৰু তেনে দৃষ্টান্তমূলক কাম কৰিছে বুলিও ক'ব নোৱাৰি।

   ১৯৬৬ চনত কুলাজানত অনুষ্ঠিত হোৱা বাঃনৗ কৗবাঙেই হল উল্লেখনীয় বাঃনৗ কৗবাং।কাৰণ,সেই বাঃনৗ কৗবাঙতেই তদানীন্তন প্ৰধানমন্ত্ৰী,প্ৰয়াত ইন্দিৰা গান্ধীয়ে পদাৰ্পণ কৰি ঐতিহ্যমণ্ডিত কৰি তুলিছিল।কাজেই,কুলাজানৰ বাঃনৗ কৗবাঙক মিচিং সমাজে ঐতিহাসিক বাঃনৗ কৗবাং হিচাপে গন্য কৰি আহিছে।ইন্দিৰা গান্ধীৰ উপস্থিতিত বাঃনৗ কৗবাঙে কি চকুত লগা ঐতিহাসিক সিদ্ধান্ত গ্ৰহন কৰিছিল সেই কথা জনা নাযায়।প্ৰধানমন্ত্ৰীৰ উপস্থিতিত সেই বাঃনৗ কৗবাঙতেই যদি কুলাজান-ডিবৰু সংযোগী দলঙৰ প্ৰস্তাৱ গ্ৰহন কৰি ধাৰাবাহিক ভাৱে দাবী উত্থাপন কৰি থকা হলে হয়তু এতিয়‍াৰ বগীবিল-কাৰেং চাপৰি সংযোগী সাঁকোৰ ক্ৰেডিট বাঃনৗ কৗবাঙেই লব পাৰিলেহেঁতেন!

   বাঃনৗ কৗবাঙৰ পাছতেই ১৮ এপ্ৰিল, ১৯৭২ চনত গঠন হোৱা মিচিং সাহিত্য সভা বা মিচিং আগম কৗবাং হল মিচিংসকলৰ দ্বিতীয়টো উল্লেখযোগ্য জাতীয় সংগঠন।বড়ো সাহিত্য সভাৰ তুলনাত মিচিং আগম কৗবাঙেও মিচিং ভাষাৰ উত্তৰণত বিশেষ উল্লেখনীয় কিবা এটা কৰিছে বুলি ধৰিব নোৱাৰি।কাৰণ,আজি পৰ্য্যন্ত মিচিং ভাষা নিচেই চালুকীয়া অৱস্থাতহে আছে।এতিয়াও দোৱনীয়া চৰিত্ৰত আছে বুলি ক'লেও অত্যুক্তি কৰা নহব নিশ্চয়।

   তৃতীয়টো গুৰুত্বপূৰ্ন জাতীয় সংগঠনটো হল চালুকীয়া অৱস্থাত সদৌ অসম- অৰুনাচল মিৰি ছাত্ৰ সন্মিলন নামে জন্ম লভা ছাত্ৰ সংগঠনে পৰৱৰ্তী সময়ত ১৯৭১ চনৰ ১৬ অক্টোবৰত TMPK(টাকাম মিচিং পৰিন কৗবাং)বুলি আত্মপ্ৰকাশ কৰে।আশীৰ দশকলৈকে মিচিং ছাত্ৰ সংগঠনো সৰ্বাত্মক ৰূপত আত্ম প্ৰকাশ ঘটা নাছিল।তাৰ পৰৱৰ্তী দশক সমূহত টিএমপিকেয়ে ক্ৰমান্বয়ে মিচিং অধ্যুষিত অঞ্চলত ব্যাপক জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হয়।একৈশত TMPK য়ে সোনালী জয়ন্তী বৰ্ষ গৰকিব।ASSU,AJYCP আৰু ABSU দৰে    TMPKও জাতীয় ছাত্ৰ সংগঠন স্বৰূপে আত্ম প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হোৱা এটা বলিষ্ঠ সংগঠন। এয়া মিচিং সমাজৰ বাবে সুখৰ বতৰা।

   ১৯৮০ চনত প্ৰতিষ্ঠা লভা MDK বা মিচিং দৃৰবৃ কৗবাঙো মিচিং সমাজৰ এটি উল্লেখনীয় সংগঠন।মিচিং ক'লা কৃষ্টি,জাতীয় পৰম্পৰাৰ বিকাশ সাধনত মিচিং দৃৰবৃ কৗবাঙে কিছু অগ্ৰণী ভূমিকা লৈ আহিছে যদিও এয়া যথেষ্ট নহয়।মিচিং ক'লা সংষ্কৃতি বুলি ক'লে পৰম্পৰাগত মিচিং সাজ পাৰ আৰু মিচিং অইনিঃতমৰ কথাহে প্ৰথমে মনলৈ আহে।বড়ো জনগোষ্ঠীৰ দৰে মিচিং জাতীয় সাজ পোছাক সৰ্বাত্মক ৰূপত পৰিধান কৰাত সক্ষম হোৱা নাই এতিয়াও।বড়ো জনগোষ্ঠীৰ দখনা এতিয়া অসম তথা ভাৰতৰ এটা পৰিচিত সুন্দৰ সাজ পাৰ।

বড়োসকলৰ দৰে দেউৰী মহিলাও নিজা সাজ পোছাক ৰাজহুৱা স্থানত সুন্দৰভাৱে পৰিধান কৰি আহিছে।আমাৰ মিচিং জীয়ৰী বোৱাৰীও মিচিং ৰিহা মেখলা,ৰিঃবি গাছেং আদি ৰাজহুৱা ভাৱে পৰিধান কৰি আহিছে কিন্তু উৎসৱ পাৰ্বন আৰু সভাই সমিতিতহে সীমিত থকা পৰিলক্ষিত হয়।মিচিং জীয়ৰীয়ে নিজ হাতে বোৱা ৰংচঙীয়া মেখেলা চাদৰে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে।ইয়াক ৰাষ্ট্ৰীয় পৰ্য্যায়ত প্ৰচলন কৰিবলৈ হস্ত তাঁত শিল্পৰ উদ্যোগ গঢ়ি তুলি বাণিজ্যিক দিশত আগবঢ়ালেহে ইয়াৰ গুণাগুণ বৃদ্ধি পাব।এতিয়াও মিচিং সমাজত নিপুন শিল্পীৰ অভাৱ নাই।প্ৰয়োজনীয় সংসাধন আৰু উদ্যোগৰ অভাৱত মিচিং জাতীয় সাজপাৰে দেশীয় বজাৰত খোপনি পুতিব পৰা নাইকিয়া।মিচিং জীয়ৰীয়ে ৰিঃবি গাছেং পৰিধান কৰাৰ দৰে মিচিং বোৱাৰী সকলে ৰাজহুৱা স্থানত মেখলাৰে মেঠনি মাৰি কঁকালত সেউজীয়া ৰঙৰ সুন্দৰ চানেকিৰে বোৱা ছেগৰেক পৰিধান কৰিব পাৰে।কিন্তু ছেগৰেক(কঁকালত মৰা বিশেষ ধৰণৰ কাপোৰ)পৰিধান লাহে লাহে কমি আহিব ধৰিছে।নগৰ চহৰতটো নায়েই আনকি গাওঁসমূহতো বোৱাৰীসকলে ছেগৰৗক পৰিধান কৰিবলৈ এৰিছে লাহে লাহে।এগে গাচৰ আৰু ছেগৰেক মিচিং মহিলা তিৰোতাৰ বাবে এবিধ সুন্দৰ পোছাক।গাদু বা জীম কাপোৰ আৰু তাপুম গাছৰ বা এৰি ছাদৰ ক্ৰমান্বয়ে বিলুপ্ত হব ধৰিছে।দৃৰবৃ কৗবাঙে এটা ইতিবাচক কৰ্মসূচী তৈয়াৰ কৰিব পাৰে পৰম্পৰাগত মিচিং সাজ-পোছাকবোৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে।

    মিচিং গীতৰ আটাইতকৈ জনপ্ৰিয় গীতটোৱেই হল অইনিঃতম।বাকী মিচিং লোকগীত সমূহৰ চৰ্চাৰো প্ৰয়োজনীয়তা আছে কিন্তু আমি ইয়াত অইনিঃতমৰ বিষয়েহে আলোকপাত কৰিছোঁ।ধ্ৰুপদী মিচিং সংগীত যেনে_কাবান,আঃবাং,

লেৰেলি,ছেল্লয়া আদি গীত আছে সেইবোৰৰো চৰ্চাৰ প্ৰয়োজনীয়তা আছে।

আকৌ আহিছোঁ অইনিঃতমলৈ।মিচিং অইনিঃতম শুদ্ধৰূপত চৰ্চা কৰি থাকিলে অইনিঃতমক ৰাষ্ট্ৰীয় পৰ্য্যায়তো জনপ্ৰিয় কৰি তুলিব পাৰি।অইনিঃতমৰ এটা বেলেগ মিঠা সুৰ আৰু আমেজ আছে।ভাষাটো বুজি নাপালেও অইনিঃতমে বাকী অনামিচিং শ্ৰোতাকো সন্মোহিত কৰিব পাৰে।মাথোঁ অইনিঃতমক বজৰুৱা আৰু বিকৃত কৰিব নালাগে।সেইক্ষেত্ৰত দৃৰবৃ কৗবাঙৰ বিশেষ কৰণীয় আছে।

   আৰু এটা গুৰুত্বপূৰ্ণ জাতীয় সংগঠন হল ১৯৯০ চনত গঠন হোৱা TMMK বা তাকাম মিচিং মিমৗ কৗবাং বা সদৌ মিচিং মহিলা সংগঠন।মিচিং মিমৗ কৗবাঙৰ কৰণীয় বহুখিনি আছে।মিচিং নাৰীসকলক জাগৰণ অনাত মিমৗ কৗবাঙে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে কিন্তু মিচিং নাৰী সংগঠনে তেনে উল্লেখনীয় ভূমিকা পালন কৰিছে বুলি আমাৰ মনে নধৰে।মিচিং নাৰী শিক্ষাৰ লগতে গাঁৱে গাঁৱে হস্ত তাঁত শিল্পৰ ক্ষুদ্ৰ উদ্যোগ,হাঁহ কুকুৰা,গৰু ছাগলী পালনৰ ক্ষেত্ৰত বিশেষ উদ্যোগ নাৰী সংগঠনে লব পাৰে।নাৰী সংগঠনৰ অগ্ৰণী ভূমিকাহে মিচিং নাৰীৰ উত্তৰণ ঘটাব পাৰে।

   মিচিং মহিলাসকল স্বভাৱগত ভাৱে কৰ্মপটু,পৈনত শিপিনী আৰু হাঁহ কুকুৰা গাহৰি পালনত সিদ্ধহস্ত।উপযুক্ত infrastructure ৰ অভাৱত মিচিং মহিলাসকল গ্ৰাম্য অৰ্থনীতিত স্বাৱলম্বী হব পৰা নাই,যদিও তেওঁলোক কৰ্মপটু।মিমৗ কৗবাঙেহে মিচিং মহিলাসকলত নৱজাগৰণ আনিব পাৰিব।

  ১৯৯৩ চনত গঠন হোৱা MMG বা মিচিং মিমাগ কৗবাং(মিচিং সংগ্ৰাম পৰিষদ)ৰ বিষয়ে বিশেষ বহলাই আলোচনা নকৰোঁ কিন্তু সেইবুলি মিমাগ কৗবাঙৰ দায়িত্ব আৰু কৰ্তব্য নাই বুলি ক'ব নোৱাৰি।দৰাচলতে মিমাগ কৗবাঙৰ কৰণীয় খিনি মুটামুটি TMPK ৰ ছত্ৰছায়াতেই হয়।যিকোনো জাতীয় অস্তিত্বৰ স্বাৰ্থত মিমাগ কৗবাঙে সমুখ সমৰত ভৰি দিয়াতো কৗবাঙৰ দায়িত্ব আৰু কৰ্তব্য কিন্তু MMK ৰ স্থিতি কেতিয়াবা কেতিয়াবা ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত হয় বাবে MMK ৰ ভূমিকাত সন্দিহান হব লগা হয় কিছু কিছু ক্ষেত্ৰত।এইখিনিতে MMKৰ ভূমিকা হব লাগে ন্যস্ত স্বাৰ্থৰহিত আৰু ৰাজনৈতিক ভাৱে প্ৰৰোচিত হব নালাগে।সেইক্ষেত্ৰত MMK ৰ নেতৃবৰ্গ সচেতন হোৱা প্ৰয়োজন।

    ইয়াৰোপৰিও মিচিং কথাছবি,সংগীত নাটক আদিৰ উন্নতি কল্পে MAA বা মিচিং আৰ্টিষ্ট এচছিয়েশ্যন নামে সংস্থা এটাও আছে কিন্তু এয়া মিচিং জাতীয় সংগঠনৰ অন্তৰ্ভুক্ত নহয়।পৰিধিৰ বাহিৰত থাকিও কিন্তু MAA এ সাংষ্কৃতিক দিশত বহু কিছু কাম কৰা পৰিলক্ষিত হৈছে।

   লগতে মিচিং জনগোষ্ঠীৰ প্ৰতিটো খেলৰ অপৃন কৗবাং সমূহ।পৰিয়াল পৰিজনৰ সম্প্ৰীতি তথা বংশানুক্ৰমিক দীনপঞ্জী প্ৰস্তুতিত অপৃন কৗবাং সমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।


উপসংহাৰ:-

__________

এতিয়া আচল কথালৈ আহি আলোচনাটিৰ মুখনি মাৰোঁহক।আমি আগতেই উনুকিয়াই আহিছোঁ যে প্ৰত্যেকটো জাতীয় সংগঠনৰ চৰিত্ৰ অৰাজনৈতিক হোৱা উচিত।

প্ৰতিটো জাতীয় সংগঠনৰেই আছে নিজস্ব পৃথক সত্বা আৰু প্ৰত্যেকৰে বৈশিষ্ট্য বেলেগ বেলেগ।যিকোনো সংগঠনে নিজস্ব অস্তিত্বৰে মহিমামন্বিত হৈ স্বতন্ত্ৰ ভাৱে সমাজৰ কাম কৰিলেহে সেই সেই সংগঠনৰ নিজা নিজা গৰিমা অটুট থাকিব অদূৰ ভৱিষ্যতে।জাতীয় সংগঠন সমূহে নিজা নিজা ফিল্ডত আন্তৰিকতাৰে কাম কৰিলে সংগঠন সমূহ নিশ্চয় নিজ লক্ষ্য আৰু উদ্দেশ্য সাধনত সফলতা লাভ কৰিব পাৰিব।তাৰবাবে কিন্তু বাস্তৱসন্মত কৰ্মসূচী থাকিব লাগিব আৰু ৰাজনৈতিক মেৰপেচৰ পৰা সম্পূৰ্ণ মুক্ত হব লাগিব।

   কথাই কথাই যিকোনো কাৰ্য্যসূচী প্ৰস্তুত কৰিবলৈ বা যিকোনো পৰিকল্পনাক বাস্তৱায়িত কৰিবলৈ উমৈহতীয়া মঞ্চৰ প্ৰয়োজন নহয়।আগম কৗবাঙৰ কাম হল একাত্মভাৱে ভাষা সাহিত্য চৰ্চা কৰা আৰু পাঠ্যপুথি প্ৰণয়ন কৰা।দৃৰবৃ কৗবাঙৰ কাম হল ক'লা কৃষ্টি সংষ্কৃতিৰ বিকাশ সাধন কৰা।ঠিক তেনেকৈ মিমৗ কৗবাঙৰ কাম হল নাৰী সমাজত জাগৰণ অনা আৰু পৰিন কৗবাঙৰ কাম হল বিদ্যাতনিক দিশত মনোনিবেশ কৰা আৰু প্ৰয়োজনত ছাত্ৰ সমাজৰ প্ৰয়োজনীয় দাবী পুৰণৰ বাবে সংগ্ৰাম কৰা,যিটো সম্পূৰ্ণৰূপে আৰু শুদ্ধৰূপত ছাত্ৰ আন্দোলন হব লাগিব।

    আমাৰ বোধেৰে মিচিং বাঃনৗ কৗবাঙে পূৰ্বৰ চৰিত্ৰ হেৰুৱা যেন লাগিছে।বাঃনৗ কৗবাং হল মিচিঙৰ আটাইতকৈ জ্যেষ্ঠ সংগঠন আৰু অভিভাৱক স্বৰূপ।বাঃনৗ কৗবাং জ্যেষ্ঠ নাগৰিকৰ দ্বাৰা পৰিচালিত হব লাগে আৰু এই কৗবাঙৰ যোগেদি আমাৰ ধৰ্মীয় পৰম্পৰা,প্ৰথা আৰু সামাজিক ৰীতি-নীতি,নীতি -নিয়ম আদিৰ বাবে নীতি নিৰ্ধাৰন হব লাগে।এলান্ধু কলীয়া নীতি নিয়মৰ কিছু সাল সলনি ঘটাই যুগৰ লগত খাপ খুৱাকৈ যুগধৰ্মৰ লগত চলিব পৰাৰ সুন্দৰ পৰিৱেশ এটা গঢ়ি তোলাৰ মাৰ্গদৰ্শন বাঃনৗ কৗবাঙে বিধিগত ভাৱে দিব পাৰে, যিটো মঞ্চ হব লাগে বয়োজ্যেষ্ঠ আৰু জ্ঞানোশ্ৰেষ্ঠ বয়োবৃদ্ধ প্ৰতিনিধি সকলক লৈ।

   কিন্তু দেখা গৈছে যে প্ৰায়বোৰ বিষয়ত উমৈহতীয়াভাৱে সঘনে সভামঞ্চত উপবিষ্ট হোৱা দেখা যায়। পৰিণতি স্বৰূপে যিকোনো agenda ৰ concrete and specified decision লোৱাত হীনদেৰি হৈ যায় ইচ্ছাকৃত বা অনিচ্ছাকৃত ভাৱে।নানা মুনিহৰ নানান মত অমতৰ বাবে কেতিয়াবা কেতিয়াবা মিটিঙৰ সিদ্ধান্তবোৰ বেবেৰিবাং হৈ যায়।ইয়াৰ একমাত্ৰ কাৰণ হল সামূহিক মতানৈক্য।কথাটো এনেকুৱা পৰ্য্যায় পায়গৈ যে___Everybodys business becomes nobodys business ৰ দৰে হৈ পৰে।

   তাৰোপৰি জাতীয় সংগঠনৰ উমৈহতীয়া মঞ্চবোৰ কেতিয়াও ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত হব নালাগে অথবা ৰাজনৈতিক ভাৱে প্ৰৰোচিত হব নালাগে।আমি আকৌ দোহাৰিছো যে জাতীয় সংগঠনবোৰ অৰাজনৈতিক সংস্থা যেতিয়া সদায়েই ৰাজনৈতিক মেৰপেচৰ পৰা আতঁৰত অৱস্থান কৰাতো সংগঠনটোৰ বাবে বা জাতিটোৰ বাবে মঙ্গলজনক।

   সদৌ শেষত MAC,অৰ্থাৎ মিচিং অট'নমাচ কাউন্সিল বা মিচিং স্বায়ত্ব শাসিত পৰিষদৰ কথাৰে সামৰিছোঁ।

এম এ চি খন সম্পূৰ্ণ মিচিং স্বায়ত্ব শাসিত পৰিষদ নে জনজাতীয় স্বায়ত্ব শাসিত পৰিষদ এয়া আমাৰ জ্ঞাত নহয়।News portal RNEWS ৰ এংকৰ(চিত্ৰকৰ)

শিৰোমনি দলেয়ে পৰিচালনা কৰা  সাক্ষাৎকাৰ অনুষ্ঠান এটিত এগৰাকী অনা মিচিং ব্যক্তিৰ ভাষ্যই আমাক ভৱাই তুলিলে!তেওঁৰ ভাষ্য হুবহু এনেধৰণৰ আছিল__"আমি আগতে ভাৱিছিলোঁ MAC খন অকল মিচিংসকলৰ বুলি;কিন্তু এতিয়া জানিব পাৰিছোঁ যে MAC খন অকল মিচিঙৰ নহয়,অনামিচিং সকলৰ বাবেও;গতিকে আমিও এম এ চিৰ মানুহ।আমিও এম এ চিৰ পৰা সা সুবিধা পাইছোঁ"।এয়া আছিল তেওঁৰ বক্তব্য।MAC ৰ প্ৰতিনিধিৰ বাবে আমিও ভোটদান কৰিছোঁ।কিন্তু ভোটাৰ লিষ্টত অকল মিচিং ভোটাৰেহে আছে।অকল মিচিং ভোটাৰেৰে নিৰ্বাচিত পৰিষদখন কেনেকৈ সকলো জনগোষ্ঠীৰ পৰিষদ হল তাকেহে বুজি নাপালোঁ!

ই যিকিনহওঁক,মিচিং স্বায়ত্ব শাসিত পৰিষদখন এটা প্ৰশাসনিক গোট।মিচিং অধ্যুষিত অঞ্চলৰ সৰ্বাংগীন উন্নতি কল্পে গঠন কৰা অসম চৰকাৰৰ অধীনৰ স্বায়ত্ব শাসিত এটা পৰিষদ।কবলৈ গ'লে মিচিং সকলৰ স্বাধিকাৰৰ বাবে প্ৰতিষ্ঠা কৰা এখন মিনি চৰকাৰ সদৃশ।MAC খন সম্পূৰ্ণ ৰাজনৈতিক অনুষ্ঠান।ৰাজনৈতিক,অৰ্থনৈতিক আৰু প্ৰশাসনিক ক্ষমতাসম্পন্ন এটা পৰিষদ।কিন্তু হলেও স্বতন্তৰীয়া বিধান পৰিষদ নহয়।অসম চৰকাৰৰ অনুগ্ৰহত চলা এটা প্ৰসাৰিত প্ৰশাসনিক গোট কেৱল মিচিং অধ্যুষিত অঞ্চলক লৈ।তথাপি MAC ৰ কৰণীয় বহুখিনি আছে।পৰিষদখনক ৰাজ্য চৰকাৰে দিয়া অনুদান একেবাৰে কম বুলিও কব নোৱাৰি।চৰকাৰৰ আৰ্থিক অনুদানক যদি সুপৰিকল্পিত ভাৱে সদ্ ব্যৱহাৰ কৰে তেন্তে সেইখিনি টকাৰে বহু উন্নয়ণ মূলক কাম কৰিব পাৰি।

   জাক জমকতাৰে ব্যয়বহুল ভাৱে সভা, অনুষ্ঠান অধিৱেশন আদি পতাৰ বাবে ব্যয় কৰা টকাবোৰ পৰিষদীয় উন্নয়ণমূলক কামত খটুৱালে মিচিং গ্ৰাম্য দুখীয়া সমাজে আৰ্থিকভাৱে বহুকিছু সকাহ পাব।সেই বুলি আমি সভা সমিতি নাপাতিবলৈ কোৱা নাই।অৰ্থনৈতিক ভাৱে সৰ্বস্বান্ত হোৱা মিচিং সমাজে পেটত গামোছা বান্ধি ৰাজকীয় অনুষ্ঠান পতাৰহে আমি পক্ষপাতী নহয়।

     স্বায়ত্ত-শাসিত পৰিষদখনে একান্তভাৱে পৰিষদৰ কামত মনোনিৱেশ কৰিলে, দক্ষতাৰে পৰিষদখন পৰিচালনা কৰিলে অনাগত দিনত পৰিষদখন অধিক সক্ৰিয় হোৱাৰ অৱকাশ আছে।পৰিষদ সক্ৰিয় হৈ থাকিলেহে উন্নয়ণৰ কামবোৰ ত্বৰান্বিত হব।পৰিষদখন নিষ্ক্ৰিয় হলেই জানিব যে উন্নয়ণ স্থবিৰ হৈছে।

    স্বায়ত্ত-শাসিত পৰিষদে জাতীয় সংগঠনবোৰৰ পৰা কিছু আতঁৰত থাকিলেহে পৰিষদীয় কামত একাগ্ৰচিত্তে নিজকে ন্যস্ত ৰাখিব পাৰিব।ঠিক তেনেকৈ জাতীয় সংগঠনবোৰেও সমদূৰত্বত অৱস্থান কৰি সাংগঠনিক কামত আত্ম নিয়োগ কৰা উচিত।তেহে নিজ নিজ ক্ষেত্ৰসমূহ আগুৱাই নিব পাৰিব সুন্দৰভাৱে।

     অৱশ্যে MAC য়ে সকলো জাতীয় সংগঠনৰ বাবে বাজেটত কিছু কিছু fund allot কৰিব লাগে সাংগঠনিক কামৰ বাবে আৰু লগতে আচঁনিসমূহ ৰূপায়ণৰ বাবে।

   জাতীয় সংগঠনৰ প্ৰাক্তন নেতাদ্বয় ৰাষ্ট্ৰীয় বিজেপি দলৰ মন্ত্ৰী বিধায়ক হল যেতিয়া পৰিষদৰ কামো সুচল হব আৰু সংগঠনৰ দাবীবোৰো পুৰণ হোৱাত হীনদেৰি হব নালাগে।

কিন্তু এটা কথা জানিব যে বিজেপি দলৰ মন্ত্ৰী বিধায়কে জাতীয় সংগঠনসমূহৰ শ্ৰুতলিপিত কেতিয়াও কাম নকৰে।

   ৰাইজে মনত ৰখা দৰ্কাৰ যে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ মন্ত্ৰী বিধায়ক,স্বায়ত্ত-শাসিত পৰিষদ আৰু জাতীয় সংগঠন সমূহ প্ৰত্যেকেই একো একোটি বেলেগ বেলেগ সত্বা।ৰাষ্ট্ৰীয় দলৰ মন্ত্ৰী বিধায়ক,স্বায়ত্ত-শাসিত পৰিষদ আৰু জাতীয় সংগঠনসমূহক লৈ খিছিৰি পঘাব নোৱাৰি।প্ৰত্যেকৰে লক্ষ্য আৰু উদ্দেশ্য পৃথক পৃথক।খিছিৰি পঘালেই বিপদ অনিবাৰ্য্য।

কচু ঢেকীয়‍াৰ লগত জাতিলাউ সিজোৱাৰ দৰে কথা।নিমিলা শাকৰ লগত নিমিলা পাচলিৰ আঞ্জা।

   ৰাজনৈতিক দল,নেতা প্ৰতিনিধিৰ লগত জনসাধাৰনৰ যেনেদৰে সম্পৰ্ক আছে ঠিক তেনেকৈ জনগোষ্ঠীয় সংগঠন সমূহৰো সমাজৰ লগত ওতঃপ্ৰোত সম্বন্ধ আছে।কিন্তু জনগোষ্ঠীয় সংগঠন সমূহৰ চৰিত্ৰ অৰাজনৈতিক হব লাগে।ৰাজনৈতিক পৃষ্ঠপোষকতাত অনুষ্ঠান প্ৰতিষ্ঠান আদি গঢ়ি উঠাতো দোষনীয় নহয় কিন্তু নামত অৰাজনৈতিক সংগঠন সমূহ কামে কাজে ৰাজনীতিৰ লগত লেতু সেতু হব নালাগে।যিকোনো ৰাজনৈতিক দল সংগঠনেই দেশৰ জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত হৈ দেশৰ জনসাধাৰণৰ বাবে কাম কৰিবলৈ বাধ্য,যিহেতু তেওঁবিলাক ৰাইজৰ প্ৰতিনিধি।কিন্তু জাতীয় সংগঠন সমূহ হল জাতিটোৰ অতন্দ্ৰ প্ৰহৰি আৰু জাতিটোৰ প্ৰতিভূ স্বৰূপ।তেনে জাতীয় সংগঠনবোৰ যদি ৰাজনৈতিক ভাৱে

প্ৰৰোচিত হয় অথবা সংগঠনবোৰক ৰাজনৈতিক অস্ত্ৰ হিচাপে যদি ব্যৱহাৰ কৰা হয়,তেতিয়া জাতীয় সংগঠন বোৰে নিজস্ব চৰিত্ৰ হেৰুৱাই পেলায় আৰু নিজস্ব সত্বা আৰু স্বকীয়তা বিসৰ্জন দিব লগা হয়।কাজেই সেই সেই জাতীয় সংগঠনবোৰৰ গৰিমাত ম্লান পৰে।

গতিকে যিকোনো জাতীয় সংগঠনেই সৰ্বতোপ্ৰকাৰে ৰাজনৈতিক মেৰপেচৰ পৰা আতঁৰত থকাতো বাঞ্চনীয়।ৰাজনীতিৰ পথাৰখন বৰ বহল।ৰাজনীতি খেলিবলৈ সাধাৰণ ৰাইজ আছে।কিন্তু জাতীয় সংগঠনক লৈ ৰাজনীতি কৰা সমীচিন নহয়।

   ৰাজনীতিৰ মেৰপেচৰ পৰা মুক্ত জাতীয় সংগঠনৰ কন্ঠ হল মুক্ত সিংহৰ গৰ্জন!বিপৰীতে ৰাজনীতিত লেতু সেতু হোৱা সংগঠনৰ কন্ঠ হল পিঞ্জৰাবদ্ধ বাঘৰ গোজৰণি।গুজৰি গুমৰিহে থাকিব পাৰে,একো কৰিব নোৱাৰে।কিন্তু পিঞ্জৰামুক্ত সিংহই বিচৰামতে ইচ্ছানুযায়ী অনায়াসে চিকাৰ কৰিব পাৰে।

   ৰাজনীতি আৰু জাতীয় সংগঠন সদায়ে পৃথক সত্বা।দুয়ো নিৰাপদ দূৰত্বত অৱস্থান কৰিলে দুয়োটিৰ বাবে শুভ আৰু জাতিটোৰ বাবে মঙ্গলজনক॥


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages