গ্ৰন্থ নষ্ট হোৱাৰ কাৰণ সমূহ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, March 4, 2022

গ্ৰন্থ নষ্ট হোৱাৰ কাৰণ সমূহ

 

গ্ৰন্থ নষ্ট হোৱাৰ কাৰণ সমূহ 

মিনু হাজৰিকা



   

      কিতাপ আমাৰ সকলোৰে প্ৰিয় ৷ কেতিয়াবা দেখিবলৈ পাওঁ আমাৰ ভাল লগা কিতাপ সমূহ বহু দিন হ’লে নষ্ট হৈ যোৱা ৷ কিতাপ নষ্ট হোৱাৰ বাহ্যিক কাৰণ সমূহ হ’ল --- ভৌতিক , ৰাসায়নিক, জৈৱিক আৰু অণুজৈৱিক ৷


পোহৰ , তাপ আৰ্দ্ৰতা , ধূলি আদি ভৌতিক কাৰক ৷ পোহৰ আমাৰ জীৱনৰ বাবে অতি আৱশ্যক কিন্তু কিতাপৰ বাবে পোহৰ হানিকাৰক ৷ পোহৰত থকা অতিবেঙুনীয়া ৰশ্মি জৈৱিক পদাৰ্থৰ ৰাসায়নিক  অৱক্ষয়ৰ প্ৰধান কাৰণ ৷ 

অতিমাত্ৰা তাপে কিতাপৰ চিয়াঁহী , ৰং আদিত নষ্ট কৰে আৰু কাগজে ইয়াৰ স্বাভাৱিক ক্ষমতা হেৰুৱাই পেলায় ৷

আৰ্দ্ৰতা কিতাপৰ প্ৰধান শত্ৰু ৷ আৰ্দ্ৰতাই কাগজ সেমেকা কৰি তোলে আৰু কাগজে প্ৰসাৰণ সংকোচনৰ তাৰতম্য হেৰুৱাই পেলায় ৷

ধূলি-বালি আমাৰ বায়ুমণ্ডলৰ এক সহজ লভ্য আৰু হানিকাৰক বস্তু ৷ ই কিতাপ লেতেৰা কৰে আৰু বেছিদিন লেতেৰা হৈ থাকিলে ইয়াৰ কণাসমূহ কিতাপত স্থায়ী বাসিন্দা হৈ ইয়াৰ চেলুল’জ , চিয়াঁহী , ৰং আদিত ক্ৰিয়া কৰি কাগজ বা কিতাপৰ স্বাভাৱিক জীৱনকাল হ্ৰাস পোৱাত সহায় কৰে ৷


আমাৰ বায়ুমণ্ডলত বিভিন্ন  ৰাসায়নিক পদাৰ্থৰে প্ৰদূষিত হৈ আছে ৷ এইবোৰৰ ভিতৰত ছালফাৰ-ডাই-অক্সাইড , কাৰ্বন মন’ক্সাইড ইত্যাদিয়ে চিয়াঁহী আৰু কিছুমান বহু লাংশী নষ্ট কৰে ৷ 


জৈৱিক কাৰণ সমূহৰ বাবেও কিতাপ নষ্ট হোৱা দেখা যায় ৷ যেনে -= ৰ’ডেন্ট ( নিগনি , শহা, এন্দুৰ, কেৰ্কেটুৱা আদি) 

ছিলভাৰ ফিছ : ৰূপালী বৰণৰ দেখাত মাছৰ নিচিনা আধা ইঞ্চিমান দৈৰ্ঘ্যৰ প্ৰাণীবিধৰ নেজডাল তিনিভাগত বিভক্ত ৷ সেমেকা আন্ধাৰ পৰিবেশত ইহঁতে অতি সোনকালে বংশবৃদ্ধি কৰে ৷ কাগজৰ উপৰিভাগ ইহঁতে খাই নষ্ট কৰি পেলায় ৷ 

পইতাঁচোৰা: সৰ্বভক্ষী প্ৰাণী , খাবলৈ একো বাকী নাৰাখে ৷ কাগজ , চামৰা , আঠা , কাপোৰ ইত্যাদি সকলো ই খাই পেলায় ৷

বুক ওৱৰ্ম : কিতাপৰ উপৰিভাগ ইহঁতে খাই পেলায় আৰু সৰু সুৰঙ্গ কৰি ভিতৰলৈ সোমাই যায় বংশ বৃদ্ধি কৰি কিতাপৰ যিকোনো অংশই খাই নষ্ট কৰি পেলায় ৷ 

উই : উই পৰুৱা অকল কিতাপৰে শত্ৰু নহয় , কাঠৰ আচবাব-পত্ৰ , বেৰ , মজিয়া আদি সকলো নষ্ট কৰে ৷

অণুজৈৱিক কাৰক : খালী চকুৰে দেখা বা নেদেখা কিছুমান অণুজীৱয়ো কিতাপৰ ওপৰত বিক্ৰিয়া কৰি সেইবোৰৰ বিভিন্ন প্ৰকাৰে হানিবিঘিণি ঘটায় ৷ ভেঁকুৰ , বেক্টেৰিয়া আদিয়েই হৈছে এই অণুজীৱ সমূহৰ ভিতৰত প্ৰধান ৷

 আচলতে গ্ৰন্থসমূহ ভালদৰে সংৰক্ষণ কৰি ৰাখিবলৈ সদায়ে চাফচিকুণ কৰি থাকিব লাগে ৷ মাজেসময়ে ইটো আলমাৰিৰ পৰা সিটো আলমাৰিলৈ স্থানন্তৰ কৰি থাকিব লাগে ৷  আৰু আটাইতকৈ ভাল ঘৰটো পুথিভঁৰাল হিচাপে ৰাখিব লাগে ৷ তেতিয়াহে আমি গ্ৰন্থসমূহ সংৰক্ষণ কৰি ৰাখিব পাৰিম ৷ 


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages