মিচিং ভাষা শিক্ষা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, March 4, 2022

মিচিং ভাষা শিক্ষা

 


মিচিং ভাষা-শিক্ষা

                    খগেন পেগু





ষোৱ সংখ্যাৰ পৰা...

নৱম খণ্ড(তৃতীয় ভাগ)


Progressive Assimillation(প্ৰগত সমীভৱন)


         মিচিং ভাষাৰ শব্দৰ মাজত ওচৰা ওচৰিকৈ দুটা ধ্বনি থাকিলে দুই ধৰণে ক্ৰিয়া কৰে৷

         এক, আগৰ ধ্বনিয়ে পাছৰ ধ্বনিক প্ৰভাৱিত কৰি সলনি কৰি দিয়ে৷ ইয়াক ইংৰাজীত Progressive Assimillation আৰু অসমীয়াত প্ৰগত সমীভৱন বোলে৷

         দুই, পাছৰ ধ্বনিয়ে আগৰ ধ্বনিটো প্ৰভাৱিত কৰি সলনি কৰি দিয়ে৷ ইয়াক ইংৰাজীত Regressive Assimillation আৰু অসমীয়াত পৰাগত সমীভৱন বোলে৷

             আমি ইতিমধ্যে মিচিং ভাষাৰ Regressive Assimillation বা পৰাগত সমীভৱনৰ বিষয়ে আলোচনা কৰিলোঁ৷ এতিয়া আলোচনা কৰিম Progressive Assimillation বা প্ৰগত সমীভৱনৰ বিষয়ে৷  

              অৱশ্যে 'মিচিং ভাষাৰ বানান পদ্ধতি' তৃতীয় সংস্কৰণ, 2003 ত Progressive Assimillationটোকো Regressive Assimillation বুলিয়ে ভুলকৈ ছপা কৰা হৈছে, যিটো এটা Blunder mistake, অমাৰ্জনীয় দোষ৷ ইয়াৰ শুধৰণী দি স্পষ্ট নকৰিলে আগলৈ অগ্ৰজৰ লগতে অনুজ বা নৱপ্ৰজন্মকো ভুলপথে পৰিচালিত কৰাটো খাটাং৷ আমি ক'ব পাৰোঁ, সেয়া চাবুৰাম টাইদৰ ভুল নহয়; ভুল প্ৰকাশন প্ৰতিস্থান মিচিং আগম কৌবাং নিয়োজিত ব্যাকৰণ নজনা Proof reader জনৰ৷ 

               সি যি কি নহওক, মিচিং ভাষাত শব্দৰ মাজৰ দুটা ধ্বনিৰ আগৰটোৱে পাছৰটোক প্ৰভাৱিত কৰি সলনি কৰি দিয়াৰ উদাহৰণ বহুত আছে৷ যথা—


(i) m-l>mn


Ém+la=Émna—বুলি

Tum-la=Tumna—বিবুদ্ধি হৈ৷ (জেইল বা ফাটেকত) ভৰাই৷

Sum-len=Sumnen—জাপ দি ওলা

Kum-líg=Kumníg—(ভগৱানৰ ওচৰত কাৰোবাৰ ভালৰ বাবে) সেৱা কৰ্

Jum-níg jum-lígla=Jumníg jumnígla—গাৰ শক্তিৰে জোৰ দি জোৰ দি

A:m+li:=A:mni:—ধানৰ কঠিয়া৷ কঠিয়া৷ ইত্যাদি৷

            ওচৰা ওচৰিকৈ থকা এটা শব্দ বা বাক্যৰ মাজৰ দুটা ধ্বনিৰ মাজতো এনে সমীভৱন সংঘটিত হয়৷ যথা—


Motum-la:ma:yé=Motumna:ma:yé— বাধা দি ৰাখিব নোৱাৰিব

Gítum-la:ma:yé=Gítumna:ma:yé—গৈ ৰখাব নোৱাৰিব

Di:tum-la:ma:yé=Di:tumna:ma:yé—খুঁটা বা গোঁজ পুতি ৰখাব নোৱাৰিব

Agom+lokké=Agomnokké—ভাষাৰ বা কথাৰ৷ ইত্যাদি৷

              অৱশ্যে দুটা শব্দৰ ওচৰা ওচৰিকৈ থকা দুটা ধ্বনিৰ মাজত Progressive Assimillationৰ লগতে Regressive Assimilationও লক্ষ্য কৰা যায়৷ যথা—


Kébang+nébíng=Kéba: nébíng—সাধাৰণ সম্পাদক

Do:lung+dokkém=Do:lu:dokkém—গাঁওখনৰ পৰা(লৈ আহিছোঁ)৷ ইত্যাদি৷       

              এইক্ষেত্ৰত নিবন্ধ দীঘল হোৱাৰ আশংকাত বহলকৈ আলোচনা কৰাৰ পৰা বিৰত থাকিলোঁ৷


(ii) n-l>nn


Tun-la=Tunna—জুপিয়াই থাকি

Kun-líg=Kunníg—টোপোলা বান্ধি পঠা

Pan-lu=Pannu—(মাছ আদি জালত) সান-মিহলিকৈ লাগি ধৰ্

Pun-líg=Punníg—উলু খেৰ আদিৰ কাইটীয়া পোখা

Séngon+la=Séngonna—বেঙা মেলি৷ ইত্যাদি৷


(iii) r-l>rr


Tur-la=Turra—জীয়াই থাকি

Kar+len=Karren—কাচিজোন অাকাশত দেখা দে৷ বাকলি গুচাই ভিতৰৰ গুটি আদি উলিয়া

Kur-led=Kurred—নখেৰে আজুৰি তললৈ পেলা

Gur-líg=Gurríg—চিপৰাং আদিৰে খুচি মাটিৰে সৈতে ঠেলি পঠা৷ গৰু-ম'হ আদিয়ে শিঙেৰে খুচি পঠা৷

Yír-lad=Yírrad—হাঁহিয়াতৰ পাত্ৰ কৰ্ ইত্যাদি৷


(iv) ng-l=ngno


(a) Ta:ng+lok=Ta:ngnok(Dunamé)—কাঁইটে বিন্ধা

             অৱশ্যে এনেকৈ কিছুমানেহে কয়৷ আমি Ta:ng+lok=Ta:lok—কাঁইটৰ বুলিহে কওঁ৷ তেনেকৈ কিছুমানে Miting+lo=Mitingno, Mising+lo=Misingno আদি কয়, আমি যিটো Mití:lo—মিটিঙত, Misí:lo—মিচিং ইত্যাদিহে কওঁ৷ অৱশ্যে Ba:ng+lo=Ba:ngno—ভাঙত ইত্যাদি৷

            (b) কিছুমান Loan wordৰ ক্ষেত্ৰতো 

ng-lo =ngno দেখা যায়৷ যথা—


Beng+lo=Bengno—বেংকত

Geng+lo=Gengno—গেঙত বা গেঙৰ মাজত

Teng+lok=Tengnok—টেংকৰ৷ ইত্যাদি৷


              টাবুৰাম টাইদ ছাৰৰ বানান পদ্ধতিত নিজৰ ফালৰ পৰা আৰু এটা দেখুৱাইছে৷ যথা—


(v) n-y=nny


Ban-yag(Ko:yag)=Bannyag—(নৈৰ গঢ়া আদি) খহি ফালি যা

Ben-yag=Bennyag—ভাগি যা (সাধাৰণতে Bedyag বুলি কোৱা হয়৷)

Len-yé=Lennyé—ওলাব; প্ৰকাশ পাব

Pén-yo=Pénnyo(Pényo+é=Pénnyo)—তাৰু

Man+yir=Mannyir—বাদ্য বজাবলৈ শিকা

Kunnyo—পাতেৰে টোপোলা নাবান্ধিবা

Ménnyíng—যোৱাবছৰ

Konnyíng—যোৱা বছৰৰ আগৰ বছৰ

Lunnyíng—অহাবছৰ

Gonnyab—তেনেই ঠেক আৰু চুটি ধুতি৷ লেংটি, পাহাৰীয়া মানুহে পিন্ধে৷ ইত্যাদি৷




No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages