সুখ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, March 4, 2022

সুখ

 


 সুখ

          ববী দত্ত

            টীয়ক


তাহানি বজাৰত চুপি খোৱা বৰফ টুকুৰাৰ মাজত, শুকান বন বগৰী আৰু পকা থেকেৰাৰ গুটি কেইটাত

বৰ সুখ আছিল

আজি সেই সুখ ক'তো বিচাৰি পোৱা নাই মই!

পইতা ভাতৰ পুতনিখিনি  পি খোৱাৰ যি সুখ সেইয়া আজিকালি ক'তো নাপাওঁ

চিকেন পোলাওৰ লোভনীয় গোন্ধেও দেখোন 

 দিব নোৱাৰে সেই সুখ।

বৰশীত টোপ লগাই খালৰ গৰৈ,চেঙেলী,কাৱৈ মাছ ধৰি 

জুইশালত পুৰি ,খৰিচাৰ লগত পিটিকি খোৱাৰ যি তৃপ্তি

খাদ্যৰ সেই স্বাদ আৰু তৃপ্তি আজিকালি নাপাওঁ কিয়?


(খাদ্য পালেই সুখ নহয়)


বৰষুণ দিয়াৰ সময়ত টকৌ পাতৰ বাৰাণ্ডা খনত পিৰা পাৰি বহি যি সুখ পাইছিলোঁ

বৰষুণৰ চিটিকণিয়ে সেইয়া দুগুণে বঢ়াই তুলিছিল

দানলপ,ছোফাত আৰামত বহিলেও আজিকালি সেই সুখ নাপাওঁ কিয়?


(আৰাম মানে সুখ নহয়)


পুহ মহীয়া জাৰত নিহালি লৈ কঁপি কঁপি জাৰ খেদোৱাৰ

যি চেষ্টা তাতো সুখ আছে

এতিয়া মেহগণি পালেঙত কুৰিয়ান ব্লাঙ্কেতেও  সেই সুখ দিব নোৱাৰে কিয়?


বহু মাইল পথ জেঠাইৰ ঘৰলৈ খোজ কাঢ়ি যোৱা,

পথাৰৰ নৰা ফালি ঢপলিয়াই ফুৰা 

তাতো আছিল বহুত অনামী সুখ

আজিকালি বিলাসী গাড়ীত গ'লেও সেই সুখ নাপাওঁ কিয়?


(বিলাস মানে সুখ নহয়)


আগতে হাতত বহুত টকা নাছিল

টকাৰ অভাৱত এটা মাত্ৰ চুৱেটাৰ দহ বছৰ পিন্ধিছিলোঁ ।

লেচেৰীৰ ধান বেছি

বাঁহৰ চুঙাত খুচুৰা পইচা ভৰাই সাঁচি ৰাখিছিলোঁ

তথাপি আছিলোঁ বহুত সুখী

আজিকালি লাখ টকা চুলেও সুখ নাপাওঁ কিয়?


(টকা মানে সুখ নহয়)


এতিয়া সুখ ক'ত?

তেতিয়া সুখ আছিল মনত

তেতিয়াৰ সুখ আছিল প্ৰাণত

তেতিয়া সুখ আছিল শৰীৰত

এতিয়াৰ সুখ ক'ত?




No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages