শব্দবোৰ ধুই লওঁ‌ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, March 4, 2022

শব্দবোৰ ধুই লওঁ‌

 


 শব্দবোৰ ধুই লওঁ‌     

                                ত্ৰিৰঞ্জন টাইড



(ভাতৃপ্ৰতিম জয়প্ৰকাশ পেগুৰ হাতত)


শব্দবোৰ ধুই লওঁ‌

শব্দৰে ধুৱা হয় হৃদয়


শব্দবোৰ নিকা কৰি লওঁ‌

শব্দৰে নিকা কৰি লোৱা হয় সমাজ।


শব্দবোৰ ধুনীয়া কৰি  লওঁ

শব্দৰে ধুনীয়া কৰা হয় জীৱন়।


আহা আহা -শব্দবোৰ কোমল কৰি লওঁ‌ 

শব্দই গুলীবিদ্ধ কৰে হৃদয়

শব্দই অস্ত্ৰোপচাৰ কৰে হৃদয়

শব্দই অস্থিৰ কৰি তোলে হৃদয়

শব্দই জীৱনদান কৰে জীৱন ।


শব্দ হ'ল হৃদয়ৰ ৰোৱনী বোৱনি

জীৱনৰো ৰোৱনী বোৱনি

শব্দৰে সেউজীয়া কৰা হয় হৃদয় 

সেউজীয়া কৰা হয় জীৱন


শব্দ হ'ল কবিতাৰো ৰোৱনী বোৱনি

শব্দৰে ৰোপণ কৰা হয় কবিতাৰ পথাৰ

শব্দৰে জনম দিয়া হয় কবিতাৰ হৃদয় 

শব্দৰে জনম দিয়া হয় কবিতাৰ জনম ।




No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages