ফাগুন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, March 4, 2022

ফাগুন

 


ফাগুন

             ঝৰ্নালী শৰ্মা বৰকটকী

             তেজপুৰ বিশ্ববিদ্যালয় চৌহদ

  


ফাগুন আহে এবুকু স্বপ্ন লৈ

ৰাঙলী সাজেৰে


উদাসী সন্ধিয়া বোৰত

ফাগুনে ছটিয়াই যায়

এমুঠি জোনাক


চকুৰ লাহী পতাত

ফাগুনে প্ৰলেপ সানে

উতনুৱা ডেকা গাভৰুৰ

দেহ মন পুলকিত হৈ উঠে


জুই ফুলৰ মিচিকিয়া হাঁহিৰে

আকাশ ৰঙচুৱা কৰি তোলে


ধূলিয়ৰি বাট-পথত

উচুপি উঠে সৰাপাতে

কথা পাতে এয়াও এক

নতুনক আদৰাৰে যন্ত্ৰনা


ৰাঙলী পলাশ  শিমলু মদাৰৰ 

সমীৰণত বিয়পি পৰে

 প্ৰেমৰ  গোন্ধ।







No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages