পৰিধি
পাপৰি শইকীয়া বৰা
গোলাঘাট
সৰুৰে পৰাই সি আকাশলৈ চাই বৰ ভাল পায় ।আজৰি সময় পালেই বহি বহি আকাশলৈ চাই থাকে !দেউতাকক বাৰে বাৰে সোধে -- আকাশখন ইমান বহল ! কোনখিনিৰ পৰা কোনখিনিলৈ আছে দেউতা ? মই কেতিয়াবা আকাশখন চুব পাৰিমনে? গভীৰ মমতাৰে দেউতাকে তাক সাৱটি কয় --- পাৰিবি সোণ ।ভাল কাম কৰিলে ভাল মানুহ হ'লে আকাশখন চুব পাৰিবি ।
অনেক বছৰ পাৰ হৈ গ'ল ।কালি দেউতাক চিৰদিনৰ বাবে গ'লগৈ ।দেউতাকৰ নিথৰ দেহটোলৈ চাই থাকোতে হঠাতে তাৰ অনুভৱ হ'ল- "আকাশখন বহুত বহল নহয় !!"
No comments:
Post a Comment