এপিয়লা চাহ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, March 4, 2022

এপিয়লা চাহ

 


এপিয়লা চাহ

                             অনুস্মিতা ফুকন 

                                  বঙাইগাঁও


শেষ নিশাৰ ৰণখন যেন 

তোমাৰ স্পৰ্শতেই জীৰ্ণ পৰি ৰয়

সপোন বুলি ভাবি সন্ত্তষ্টিৰ হাঁহি মাৰোতেই

খিৰিকীৰে সোমাই অহা বেলিৰ কিৰণে বাস্তবক সোঁৱৰাই দি যায়...


বৰ হেঁপাহৰ এপিয়লা চাহ


যাৰ সান্নিধ্যই নোহোৱা কৰি দিয়ে

চঞ্চল মনত ক্ৰিয়া কৰি থকা 

উচিত-অনুচিতৰ প্ৰশ্নবোৰক

যাৰ সুগন্ধিয়ে খুলি দিয়ে

শিকলিৰে বন্ধা অনুভৱী মনৰ খেয়ালী সপোনবোৰক


বহু প্ৰেম বহু বিচ্ছেদৰ নিৰৱ সাক্ষী 

দীঘলীয়া আড্ডাৰ একমাত্ৰ সাৰথি

এপিয়লা চাহ

নাইবা

জীৱনৰ কোনোবাখিনিত

অকলশৰীয়া হৈ পৰাৰ সুখৰ সংগী

এপিয়লা চাহ.....


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages