ওচৰৰ পুঠি খলিহনা
লক্ষী প্ৰসাদ ৰেগন
এটা ৰাতি টোপনিৰ ভাও জুৰি থাকিলো
ভাবিলোঁ আজি ৰাতি চোৰে নিয়ক মোক চুৰ কৰি
ভবা মতে কোনো নাহিল। আচলতে চোৰৰ বাবেও মই
অপদাৰ্থ
ৰাতি এটাক কথা দিলো
মই আজি উজাগৰে থাকিম। তই ক'তো নাযাবি
বিশ্বাস কৰক
সেই ৰাতি সদায় আহে। বেলি লহিয়ালে
জীৱনটো যি লটি-ঘটিৰ মাজেদি পাৰ হৈ আহিছে
আনক কি নিজক ক'বলৈকে লাজ লাগে
দূৰণিৰ ৰৌ বৰালিৰ আশাত আপোন ঘৰ আৰু গাঁওখনক
এৰি যোৱা সকলেই বুজি উঠে
ওচৰৰ পুঠি খলিহনা কিমান আলাসৰ
No comments:
Post a Comment