জাঁজ
অনুভৱ প্ৰিয়ম মিৰি
আমি নদী নহয়
আমি বৈ যাব নোৱাৰোঁ
আমি সৰু সৰু টুকুৰাৰ শুকান নল-খাগৰি
আমাক নদীয়ে য'লৈ উটুৱাই লৈ যায়
আমি তা'লৈ উটি যাওঁ
নদীয়ে কোনোবা চৰ-চাপৰিত এৰি থৈ গ'লে
আমি তাতে থাকি যাওঁ
ক'ত কি হৈ আছে
চক্ৰান্ত নে প্রলোভন
পতান নে শাহ আমি একো বু নাপাওঁ
সঁচা-মিছাৰ আঁচল কথাবোৰ নদীয়ে জানে
নদীৰ দৰে বহল নহয় আমাৰ অৱয়ৱ
দীঘল নহয় আমাৰ হাত
নদীয়ে উটুৱাই নিলে
আমি উটি যাওঁ
নদীয়ে চাকনৈয়াত পেলালে
আমি চাকনৈয়াত পৰোঁ
নদীৰ দৰে ক্ষমতা নাই আমাৰ
খহাই নিব নোৱাৰোঁ দুয়োপাৰৰ মাটি
বুৰাই পেলাব নোৱাৰোঁ চৰ-চাপৰি
সময়ে সময়ে সলাব নোৱাৰোঁ সুঁতি
নদীয়ে জানে ধীৰনে প্ৰবল আমাৰ গতি
ভালনে বেয়া আমাৰ জীৱন
দীঘলনে চুটি আমাৰ আয়ুস
শেষনে সূচনা আমাৰ কফিনৰ গজাল
ভুলনে শুদ্ধ আমাৰ সিদ্ধান্ত
সুৰক্ষিতনে অসুৰক্ষিত জাতিৰ ভৱিষ্যত
আমি নদী নহয়
আমি সৰু সৰু টুকুৰাৰ শুকান নল-খাগৰি ।
No comments:
Post a Comment