মই কোনো নহওঁ
ঋষভ নাথ
খালিহাতে যুঁজিবলৈ কঠিন
হাত দুখনৰ ওজন আছে
ভৰি দুখনো যথেষ্ট ভাৰী
মূৰ সোনকালে নষ্ট হয় বাবে কষ্ট হয়
ঠিকে থাকিলে কিছুদূৰ কঢ়িয়াম
আহ, বিপৰ্যস্ত এই অৱস্থাত
মই কোনো নহওঁ
মই কোন!
ছিটিকি ফুৰিছোঁ হাতৰ দাঁতৰ ফাঁকেৰে
চুঁচৰি ফুৰিছোঁ অশ্বোন্মত্ত ভৰিৰ মাজেৰে
কেতিয়াবা গঁতা খাই কেতিয়াবা পিছলি
হঠাৎ উফৰি বোকাই পানীয়ে পৰি
যদিও মই হৰা নাই মই মৰা নাই
মই ইয়াত কোনো নহওঁ
তোমাৰ তেওঁ সেও
তোমাৰ তেওঁ, তেৱেঁইতো
প্ৰতিপক্ষৰ ভেঁটিত তিতালাও তুলিলে
পানীৰ টোপালবোৰ সময়নিৰূপি ৰুই
ঊষৰভূমিজুৰি কৰিলে কেকটাছৰ বাগিচা
চোৱা তেওঁ কদমত খোজকঢ়াই নিছে
এটা এটাকৈ মূৰ্তিবোৰ মন্দিৰৰপৰা
ৰক্তাক্ত বিশ্বাসৰ মাজমজিয়ালৈ
তোমাৰ তেওঁ দেও
ফুঁ মাৰি সৰুৱাইছে সেয়া পুৰণি পাতবোৰ
জৰাজীৰ্ণ এখন দেশৰ অৱস্থাত
এতিয়া গছজোপা
কাউৰীজাকে তেওঁৰ কৰ্মফল খাইছে
সিহঁত উৰি যাব, বেছিপৰ নাথাকে,
কণী উমাবলৈ বা টোপনি যাবলৈ
দিন যিহেতু আগৰ ঋতুত
টিকি থকা নাই।
চকুৰ বাহ এৰি উৰি যাব সপোন
শূন্যতাৰ ভৰত আকাশখন
দোঁ খাই খহাৰ আগতে
কোন তেওঁ ৰজা
খুঁটি জৰা ওজা
এমুঠি ছাইত তেওঁৰ জীৱন নিৰ্মাণ কৰিব
এতিয়া কেৱল চৌদিশ জ্বলিবলৈ বাকী
তেওঁৰ শব্দভেদী হাতত জুই নাকী
কোন তেওঁৰ ভ্ৰমত পৰাক্ৰমত
বশ্যতা স্বীকাৰ কৰে সৃষ্টিয়ে
মই ৰণাংগনত কোনো নহওঁ
চমৎকাৰ প্ৰদৰ্শন কৰিবৰ বাবে
কোন তেওঁ এই সন্ধ্যা বাছি ল'লে
ৰাতিটোও পালে ৰাউচিৰ তালে তালে
বতাহকো চাকি নুমুৱাবলৈ লগালে
আৰু ক'ত মই তোমাৰ ছাঁ
আন্ধাৰত নেদেখা
তোমাৰ তেওঁ সৰ্বময় ভয়
তেওঁৰেই আজি জয়
মই কোনো নহওঁ
তথাপি লাহেকৈ
ওলাম কাইলৈ
সূৰ্যৰ আলমত
দেখা যাওক বিবেকে মোক
তোমাৰ কি বুলি কয়
ঠিকনা:
No comments:
Post a Comment