পোহৰ
কৰবী ভুঞা
মুৰফুলনী বাগান গাঁও, গোলাঘাট
জালিকতা বেৰেদি পোহৰে বাট কাটে,
ৰান্ধনী বেলিটিয়ে পোহাৰ মেলা পৰত।
আইয়ে যতনাই পোহৰৰ এঙামুৰি,
মহাজনৰ দোকানৰ কেৰাচিন তেলেৰে পূৰ্ণ হয় এঙামূৰিটো।
জুহালৰ জুইকুৰা উমাল হৈ পৰে
চাকিৰ এঙেৰুৱা আঁতৰাই সন্ধিয়াৰ আয়োজন,
মজিয়াত যতনাই দিয়া থৈলা ব্স্তাখনত
জীৱনৰ আদিপাঠৰ সমাহাৰ
চিঞৰি পঢ়ি শুনাও ,
অনাখৰী আয়ে বুজে নিৰৱে।
পিতাইৰ মুখৰ সাধুকথা বোৰে সাৰ পাই,
আইয়ে উচপিচাই সাধু শুনি টোপনি যোৱাৰ ভয়ত।
ঢিমিকি পোহৰবোৰে এদিন উজ্জ্বল কৰিছিল চৌদিশ,
টিপচাকিটো বৰ আপোন ,
কেৰাচিনৰ গোন্ধটোৱৰ দৰে
আমাৰ চৌদিশে হাজাৰ সপোন উন্মুক্ত হয়।
No comments:
Post a Comment