কণ্ডাৰ গুঃমৃনৰ ইতিবৃ্ত্ত ( মিচিং প্ৰৱজনৰ চমু ইতিহাস )
হৰিচৰণ পেগু
আৰম্ভণি
বংশ বা অপৃন বুলিলে সাধাৰণতে এটা নিৰ্দিষ্ট বৃত্তৰ মাজত একেটা নীতি নিয়ম ডোলেৰে আবৃত্ত, একেটা ৰক্তৰ উত্তৰসূৰী পৰিয়াল বৃক্ষকে বুজা যায় । অপৃন শব্দৰ আভিধানিক অৰ্থ হৈছে একেলগে জন্মলাভ কৰা কুটুম্ব । ইংৰাজী clan বা lineage শব্দক অপৃনৰ সমাৰ্থক হিচাপে ব্যৱহাৰ কৰিব পাৰি । ইয়াৰ পৰা অপৃন শব্দই বংশ ,কূল , পৰিয়াল অথবা খেল আদি শব্দবোৰক সাঙুৰি লৈছে বুলি সিদ্ধান্তলৈ আহিব পাৰি ।
মিচিং সকলৰ অপৃনক বৰ্ণহিন্দু সকলৰ বৈদিক গোত্ৰোদ্ভৱ বংশলতাৰ সৈতে তুলনা কৰিব পাৰি । বৰ্ণ হিন্দু সকলে নিজকে কোনো পৌৰাণিক বিশিষ্ট ঋষিৰ পৰা উৎপত্তি হোৱা বুলি বিশ্বাস কৰি সেইমতে সেই ঋষিৰ নামেৰে গোত্ৰ বিচাৰ কৰে । যেনে পৰাশৰ গোত্ৰ , গাৰ্গ গোত্ৰ , অস্তি গোত্ৰ ইত্যাদি । তেনেকৈ আমাৰ মিচিং সকলেও নিজ নিজ উপৰিপুৰুষ কোনো মহান আত্মাৰ নামেৰে নিজৰ অপৃন নিৰূপণ কৰে । অৱশ্যে গুঃমৃন আৰু অপৃন হয়তো একে নহয় অথবা দুয়ো সমাৰ্থক নহয়। কিন্তু দুয়োৰে নিগূঢ় সম্পৰ্ক আছে ।
মিচিং সকলৰ অপৃনৰ ওপৰত গুঃমৃন । অপৃনে বংশাৱলীক বুজোৱাৰ বিপৰীতে গুঃমৃন শব্দই গোত্ৰদেৱতাক সূচায় যাৰ অৰ্থ হৈছে বংশ প্ৰৱৰ্তক উপৰি পুৰুষৰ সন্তানৰ শৃংখল । অৰ্থাৎ কোনো অপৃনৰ গুঃমৃন মানে হৈছে তেওঁলোকৰ দূৰ অতীতৰ উপৰি পিতৃ পুৰুষ । গুঃমৃনৰ ওপৰত দেৱত্ব আৰোপ কৰা হয় আৰু ইয়াক ডাঙৰীয়াৰ ৰূপ হিচাপে গন্য কৰি পিতৃ পিণ্ডাদি সমৰ্পিত কৰা হয় । এটা গুঃমৃনৰ উত্তৰসুৰীৰ মাজৰে কোনো মহান আত্মাক কোনো বংশৰ আদি-মূল হিচাপে গণ্য কৰি সেই নামেৰেই বংশৰ পৰিচয় দিয়া দেখা যায় যাক আমি অপৃন বুলি অভিহিত কৰিছো । অৱশ্যে গুঃমৃনৰ কোনজন উত্তৰসুৰীক অপৃনৰ প্ৰতিষ্ঠাপক হিচাপে গন্য কৰা হয় অথবা কাৰ নামক কেতিয়া কেনেকৈ উপাধি হিচাপে গ্ৰহণ কৰা হয় তাৰ কোনো ধৰা-বন্ধা বৈজ্ঞানিক নীতি নিয়ম আমাৰ মিচিঙৰ অপৃন সকলৰ মাজত নাই । আনহাতে বংশৰ উপৰিপুৰুষ গুঃমৃন দেৱতাৰ ওপৰতো আন এক গুঃমৃন আমাৰ মাজত বিদ্যমান যাক গুঃমৃন চয়িন হিচাপে জনা যায় । গুঃমৃন চয়িনক গুঃমৃন বত্তে হিচাপে পূজা অৰ্চনা কৰে । চেঃদি মেঃলৰ প্ৰত্যক্ষ সৃষ্ট বুলি মান্য কৰি আজিও মিচিং সকলে নিজৰ মেৰামৰ এটা চুক গুঃমৃন চয়িনৰ নামত সমৰ্পিত কৰি প্ৰতিদিনে আপঙেৰে অভিষেক কৰে । এই গুঃমৃন চয়িং আৰু বংশৰ উপৰিপুৰুষ গুঃমৃনজন একেজনেই নহয় ।
মিচিং জাতিৰ বহুকেইটা ফৈদ আছে আৰু প্ৰতিটো ফৈদৰে নিজা নিজা গুঃমৃন , অপৃন আদি আছে । প্ৰত্যেকৰে নিজা নিজা বংশাৱলী উপবংশাৱলী আছে । এতিয়ালৈ প্ৰায় বাৰটা ফৈদৰ মিচিং ঠেঙুলি চিনাক্ত হৈ আছে । তাৰে প্ৰধান ফৈদবোৰ হৈছে দেলু, পাগৰঃ , ময়ৃং , চাঃয়াং , অয়ান , দামবুগ , চামুগুৰিয়া , বিহিয়া , তামাৰ , বংকোৱাল , চমুৱাং আৰু বেবেজীয়া । অৱশ্যে মিচিং বুদ্ধিজীৱী সকলে এতিয়াও এই বিষয়ত ঐক্যবদ্ধ হোৱা দেখা পোৱা নাই । মিচিঙৰ প্ৰথম বুৰঞ্জীবিদ হিচাপে খ্যাত সোনাৰাম পাঞাং কটকীদেৱে চমুৱা ,বংকোৱাল , বিহিয়া আৰু বেবেজীয়াক মিচিঙৰ ঠেঙুলি হিচাপে ৰখা নাই । বৌদ্ধিক মহলত এতিয়াও মিচিঙৰ ন ৰ পৰা দহটাহে ফৈদহে আছে বুলি চিহ্নিত কৰা হৈছে । যিকি নহওক ন দহ বা বাৰটাৰ সঠিককৈ কোনটো শুদ্ধ এয়া বৌদ্ধিক মহলৰ বিচাৰ্যৰ বিষয় ।
এতিয়ালৈ মিচিং সমাজত প্ৰচলিত গুঃমৃন সমূহ হৈছে কণ্ডাৰ , বমি , চঃব , বকি , মিয়ঃ পাংকং মিয়ং , লঃয়িং , লংগৃং , পেদং , তঃৰি , বজু , লঃৰৃন , বনুং , জঃব , লঃয়, বজুম , লৃংকুং ,জঃতিৰ , পবাং , কেনতু , কেব্ব/বৰাং , পাংকং , লেগ' , কেঃদ', য়ঃব আদি । এতিয়ালৈকে এই চৌব্বিছটা গুঃমৃনৰ নামোল্লেখ পোৱা গৈছে । ইয়াৰে মাজৰ সৰ্ববৃহৎ গুঃমৃনটো কণ্ডাৰ গুঃমৃন । কণ্ডাৰ গুমৃনত প্ৰায় চৌব্বিছটা সৰু বৰ ঠেঙুলি(বংশাৱলী) সন্নিৱিষ্ট হৈ আছে । প্ৰধানত পেগু অপৃনৰ কেন্দ্ৰস্থল কণ্ডাৰ গুঃমৃনে চৌব্বিছোধিক বংশ উপাধি লৈ মিচিং সকলৰ সৰ্ববৃহৎ গোত্ৰ হিচাপে পৰিচিত হৈ আছে ।
মিচিং সংস্কৃতিৰ আলেখ্য পুথিখনৰ শ্ৰদ্ধেয় নাহেন্দ্ৰ পাদুন ছাৰৰ গুঃমৃন বা গোত্ৰদেৱতা শীৰ্ষক প্ৰৱন্ধটিৰ আধাৰত আৰু সোনাৰাম পাংঞাং কটকীদেৱৰ মিৰি জাতিৰ বুৰঞ্জীৰ আধাৰত তথা কিছু নিজস্ব সংযোজনেৰে মিচিং সকলৰ কোনটো গুমৃনৰ অন্তৰ্গত কোন কোন উপাধি আছে তলত উল্লেখ কৰা হ'ল ।
কণ্ডাৰ গুঃমৃন -- গুপিত , গুদাং , কাৰী , মেধি , মিলিং এৰাং , কমাৰ , পাটগিৰি , পাতিৰি , পাঠৰী , উচাপেগু , গাঁওবুঢ়া , জন্তিয়া , দমদম পেগু , বান্দেনা পেগু , কতি , চন্দি , চকীয়াল , দয়িত পেগু , সাতোলা পেগু , জেকতুম পেগু , চুকতাম পেগু , জঃক পেগু , বৰুৱা পেগু , আপৃগুদাং পেগু আদি ।
কেঃদ / কেঃয়ৃ গুঃমৃন --- টায়েং
কেব্ব বৰাং গুঃমৃন -- দাঃচাং (বমি)
কেঃন্তু গুঃমৃন --- মেদক
চঃব গুঃমৃন --- দলে , মিছং , কাগয়ুং
চঃদ গুঃমৃন -- - পাইট
জঃব গুঃমৃন ----- তাকু
জঃতিৰ গুঃমৃন ---- পাতিৰ
তঃৰি গুঃমৃন -- বৰি
পাংকং গুঃমৃন --- পায়েং
পেদং গুঃমৃন --- চুংক্ৰাং , য়িৰাং
পাংকং মিয়ং গুঃমৃন -- ঙাটে
বমি গুঃমৃন -- কুলি , কুটুম , কমান , কাৰ্দং (?), মিলি , পাঃদুন (?) , কুম্বাং , দাঃচাং , পাঃচুং ।
বঃকি গুঃমৃন ---- ৰেগন
বজু গুঃমৃন --- পাঃদী
বনুং গুঃমৃন ----- মঃৰাং
বজুম গুঃমৃন --- তাৰাগ
লংগৃং গুঃমৃন --- পাংগৃং , পগাগ , নৰহ , চিন্তে , পাঃদুন আৰু লাগাছু ।
লঃয়ঃ গুঃমৃন---- টাইদ
লঃয়িং গুঃমৃন -----চাৰহ , পাৱ
লৰিন গুঃমৃন---- মঃডি
লৃংকং গুঃমৃন----তায়ে , য়েইন
য়ঃব গুঃমৃন----টাৱে
লেগ' গুঃমৃন--- লেগ'
(অৱশ্যে এই তালিকাত সমূহ উপাধি অন্তৰ্ভুক্ত হোৱা নাই । )
ওপৰত উল্লিখিত গুঃমৃননামাত যথেষ্ট আহোঁৱাস আছে । কেইবাটাও উপাধি একাধিক গুঃমৃনৰ অংশবিশেষ হিচাপে দেখা পোৱা যায় । সেইবোৰৰ পৰা এটা কথা প্ৰমাণিত হয় যে আদিতে দুয়োটা গুঃমৃন হয় একে গোত্ৰৰ অন্তৰ্গত আছিল নহয় ইটোৱে সিটোৰ নিকটৱৰ্তী হিচাপে বসবাস কৰিছিল । আকৌ এনে একাংশ বংশ বা অপৃন আছে যিয়ে সঠিককৈ নিজৰ গুঃমৃনৰ কথা কব নোৱাৰে । কাজেই এনে একাংশ বংশই নিজৰ নিকটতম প্ৰভাৱশালী গুঃমৃনৰ অংশ হিচাপে নিজকে পৰিচয় দি আহিছে । প্ৰতিটো গুঃমৃনত একাধিক উপাধি আছে ।
মিচিঙৰ উপাধিৰ সংখ্যাও তেনেই তাকৰ নহয় । উপাধিৰ দিশৰ পৰা বিভিদ বৈচিত্ৰতা বিদ্যমান মিচিং সমাজ । এতিয়ালৈকে আমি প্ৰায় শতাধিক মিচিং উপাধি সংগ্ৰহ কৰিবলৈ সক্ষম হৈছো । নিসন্দেহে আৰু অধিক উপাধি থকাৰ পৰা নুই কৰিব নোৱাৰি । তাৰ কেইটামান মিচিং উপাধি ইয়াত সন্নিৱিষ্ট কৰিবলৈ প্ৰয়াস কৰিছো ।
কপ্তাক , কমান , কাগয়ুং , কাৰ্দং , কাৰ্কি , কাৰ্তাগ ,কাৰি , কেদং , কামতি , কুলি , কুম্বাং , কুটুম ,
গাম , গাতাগ* , গাঃৰে , গাঃচি , গামবুঢ়া , গুদাং , গুপিত , ঙাটে ,
চাৰহ , চুংক্ৰাং , চিৰাং , চায়েঙীয়া , চাংমাই , চকিয়াল , চিন্তে , চিৰাম ,চন্দি , চানং
জিমে , জেকতুম , জঃব* , জঃদি ,
তাকু , তায়ে, টাইদ , টাৱ ,টাহু , টাই , টায়েং , টায়ুং , তাঞ(Tanyo) , তাৰাক , টাপে ,
দাও , দাং , দাঃলং ,দলে ,দাৰিগ , দামৰঃ , দাপাক , দাউক , দাঃচাং , নৰহ ,
পাৱ , পাও , পাওগাম , পাৱে ,পাতিৰি , পাতিৰ , পাঠৰী , পাটগিৰি ,পাগদুং ,পাঃজে ,পাঞং , পাংঞাং ,পাঃদুন , পাংগৃং ,পায়েং , পামে , পামেগাম , পাদি , পাহাদি , পাঃচুং , পাইত , পাঃচাৰ , পেৰতিন ,পেৰমে , পাঃয়ন , পায়ুন ,পেগু , পগাগ , পলেং , পাচুম ,পাগদিক ,পাঃচা ,
বাঃচৃং , বৰি , বকাৰ ,বৰাং ,
মেধি , মেদক , মিলি , মিলিং ,মিৰাং , মৰাং ,মডি , মঃয়ং , মিপুন , মিচং ,মিৰি , মেঃগু ,
ৰেগন , ৰুঃতুম , ৰাতান , ৰিবা , ৰৃচং ,
লাগাছু , লাচন , লেঃতুম , লেঃদাং , লেগ' , লয়িং ,
য়েইন , য়িৰাং ,ইৰিং
কেইটামান অনামিচিং উপাধি যি সকলে মিচিং হৈ আছে সেইবোৰ হৈছে বৰুৱা পেগু , আগৰৱালা , পানীখোৱা পেগু , ফুকন , ঘোঁৰাবৰুৱা , আহমেদ , সিং , ছেত্ৰী , শীল, কছাৰী, কোঁৱৰ , গগৈ, গোসাঁই, সন্দিকৈ, গোৱালা আৰু বহুতো । বিশেষকৈ যোৰহাট জিলাৰ কাকতীচুক গাঁৱখনৰ অধিক সংখ্যক উপাধিয়েই অনামিচিং উপাধিৰে সংযুক্ত ।
(মিচিং উপাধি সমূহ শ্ৰদ্ধেয় জুৱেল পেগুদেৱৰ মিচিং জনগোষ্ঠী ঃখেল-গোত্ৰ আৰু উপাধি বিচাৰ ,ডাঃ ঘনকান্ত দলেদেৱৰ গমলাব আকুন , মিচিং সংস্কৃতিৰ আলেখ্য ও বিভিন্ন উপাধিৰ বন্ধু বৰ্গৰ পৰা সংগৃহীত ) ।
এতিয়া আমি আহিম কণ্ডাৰ পেগুসকলৰ ইতিবৃ্ত্ত তথা প্ৰৱজনৰ ইতিহাসলৈ ।
কণ্ডাৰ গুঃমৃনৰ প্ৰৱজনৰ ইতিহাস মিচিং প্ৰৱজনৰ ইতিহাসৰ পৰা পৃথক নহয় । যিহেতুহে মিচিং জনগোষ্ঠীৰ এক অগ্ৰণী গুঃমৃন হিচাপে প্ৰৱজনৰ ইতিহাসৰ নেতৃত্ব বহন কৰাৰ জনশ্ৰুতিমুলক সাক্ষ্য তথা কিছু কিছু ঐতিহাসিক সমল কণ্ডাৰসকলৰ সপক্ষে আছে কাজেই আমি কণ্ডাৰ গুঃমৃনৰ ইতিহাসক মিচিং প্ৰৱজনৰ ইতিহাসৰ সৈতে সংপৃক্ত কৰি অধ্যয়নৰ প্ৰয়াস কৰিম। তাৰো আগতে কণ্ডাৰ সকলৰ মুঠ ঠালৰ সংখ্যা আৰু ইহতৰ নাম বৃতান্ত উল্লেখ কৰি লব বিচাৰিছো ।
আমি এই লেখাৰ আৰম্ভণিতে কৈ আহিছো যে মিচিং গুঃমৃন সকলৰ ভিতৰত সবাতোকৈ বিশাল গুঃমৃনটোৱেই হ'ল কণ্ডাৰ গুঃমৃন । এই গুঃমৃনৰ ভিতৰত প্ৰায় চৌব্বিছটা সৰু বৰ বংশ অন্তৰ্ভুক্ত হৈ আছে । মিচিং সকলৰ সৃষ্টিতত্বৰ বিৱৰ্তনৰ পম খেদি অধ্যয়ন কৰিলে আমি পাও যে মিচিং সকলৰ সৃষ্টিৰ আদিমতম স্তৰটো আছিল কেয়ুম । সেই কেয়ুমৰ পৰাই ক্ৰমে য়ুমকা , কাঃচি ,চিয়াং ,আনব' , বমুগ ,মুকচেং , চেঃদি-মেঃল' , দিঃলৃং ,লৃঃতুং , তুঃয়ে , য়েপে আৰু পেদং নানেৰ উৎপত্তি হৈছে ।
সেই পেদঙৰ পৰাই কণ্ডাৰৰ জনক মহান কাৰ্কৰ উৎপত্তি হৈছে ।
কেয়ুম > য়ুমকা > কাঃচি >চিয়াং > য়ানব (আনব') > বঃমুগ > মুকচেং > চেঃদি-মেলঃ > দিঃলৃং > লৃঃতুং > তুয়ে > য়েপে > পেদং ;
পেদং > দঃচিং > চিঃদাং > দংকা > কাৰ্ক > কণ্ডাৰ ।
অৰ্থাৎ বৰষুণ মাতৃৰ পৰাই ক্ৰম বিবৰ্তিত হৈ মানুহৰূপী কাৰ্ক - কণ্ডাৰলৈ উত্তৰণ ঘটিছে। পেদং নানেৰ পৰা কাৰ্ক-কণ্ডাৰলৈ বিৱৰ্তনৰ পথত নিশ্চয় হাজাৰ হাজাৰ বছৰৰ সময় লৈছে ।
কণ্ডাৰ গুঃমৃনৰ প্ৰধান দুটা শাখা হৈছে গুপিত আৰু গুদাং । একাংশ সুত্ৰই দাৱী কৰিব খোজে যে গুপিত আৰু গুদাঙৰ পৰাই পৰ্যায়ক্ৰমে আন আন কণ্ডাৰ গুঃমৃনৰ অপৃন সকলৰ সৃষ্টি হৈছে । *
(কণ্ডাৰ পুৰুষনামা - হৰেন্দ্ৰনাথ পেগুৰ সম্পাদনা ) ।
গুপিত আৰু গুদাঙক বাদ দি আন কণ্ডাৰ গোত্ৰীয় উপাধি সমূহ হৈছে -- কাৰী , মেধি , মিলিং এৰাং , কমাৰ , পাটগিৰি , পাতিৰি , পাঠৰী , উচাপেগু , গাঁওবুঢ়া , জন্তিয়া , দমদম পেগু , বান্দেনা পেগু , কতি , চন্দি , চকীয়াল , দয়িত পেগু , সাতোলা পেগু , জেকতুম পেগু , চুকতাম পেগু , জঃক পেগু , বৰুৱা পেগু , আপৃগুদাং পেগু আদি ।
ক্ৰমশঃ.....
No comments:
Post a Comment