সম্পাদকীয় - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, October 1, 2025

সম্পাদকীয়

 


সম্পাদকীয়.....


জুবিন গাৰ্গঃ সংগীতৰ সুৰেৰে জীৱনৰ অৰ্থ ব্যাখ্যা কৰা অনন্য শিল্পীজন


জুবিন গাৰ্গ অসমীয়া সংগীত জগতত এক যুগ সৃষ্টিকাৰী নাম। তেওঁ কেৱল এগৰাকী কন্ঠ শিল্পীয়েই নাছিল, তেওঁ আছিল একেধাৰে কবি, গীতিকাৰ, সুৰকাৰ, চলচ্চিত্ৰ নিৰ্মাতা, নৃত্যশিল্পী, সুদক্ষ অভিনেতা আৰু সমাজ সংস্কাৰক। তেওঁ নিজেই আছিল এক বৃহৎ অনুষ্ঠান। যি অনুষ্ঠানত সংগীতৰ সুৰত প্ৰতিধ্বনিত হয় জীৱনৰ জয়গান। জুবিনৰ সংগীতে প্ৰজন্মৰ পিছত প্ৰজন্মক মুগ্ধ কৰি ৰাখিব, তাত অকণো সন্দেহ নাই। এই কথা ইতিমধ্যেই সমগ্ৰ বিশ্বই প্ৰমাণ কৰি দিছে। জুবিন মানেই এটা জীৱন্ত আৱেগ, এক সত্তা। জুবিন গাৰ্গৰ নামটো উচ্চাৰণ হ’লেই প্ৰতিজন অসমীয়াৰ হৃদয়ত জাগি উঠে এক গভীৰ আৰু পবিত্ৰ সংগীতৰ স্পন্দন। জুবিনৰ জীৱন সংগীতৰ সৈতে এনেদৰে একাত্ম হৈ পৰিছিল যে - সুৰ, তাল, কথা আৰু কবিতা— এই আটাইবোৰ শব্দই যেন তেওঁৰ বাবে শ্বাস-প্ৰশ্বাস আছিল। অসমীয়া সংস্কৃতিক বিশ্ব দৰবাৰত সগৌৰৱে প্ৰতিষ্ঠা কৰিবলৈ নিজৰ সমগ্ৰ জীৱন উছৰ্গা কৰা এক প্ৰকৃত সংস্কৃতি সাধক হ’ল জুবিন গাৰ্গ। অসমীয়া সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ তেওঁ নিজৰ জীৱন উজাৰি দিছে। সংগীতেই যাৰ ধৰ্ম, সংগীতেই যাৰ জীৱনৰ আৰাধনা; তেওঁৱেই হ’ল অসমৰ হিয়াৰ আমঠু, অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। এই মহান শিল্পী গৰাকীৰ সৃষ্টি আৰু সংগীতৰ সুৰত প্ৰকাশ পাই আহিছে জীৱনৰ গভীৰ অৰ্থ। জুবিনৰ সৃষ্টিৰ সুৰত জীৱনান্দৰ মিঠা অনুভৱেই নাছিল, তাত লুকাই আছিল বেদনাৰ গভীৰতা, প্ৰেমৰ মাদকতা আৰু জীৱনৰ প্ৰকৃত অৰ্থ। সংগীতেই যাৰ ধৰ্ম, সংগীতেই যাৰ জীৱনৰ আৰাধনা; তেওঁৱেই হৈছে অসমৰ হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। এই মহান শিল্পীগৰাকীৰ প্ৰতিটো সৃষ্টি আৰু সংগীতৰ সুৰতেই প্ৰকাশ পাইছিল মানৱ জীৱনৰ নিৰ্মল আৰু গভীৰ অৰ্থ।


প্ৰতিদিনে জীৱনৰ অৰ্থ আৰু সংজ্ঞা নতুন ৰূপে সংজ্ঞায়িত হৈ আহিছে। কিছুমানৰ বাবে জীৱন মানে ধন-সম্পত্তিৰ সঞ্চয়, যশ-খ্যাতিৰ অন্বেষণ। আজি এনে এক যুগ আহি পৰিছে, য’ত মানুহে ধনৰ বিনিময়ত মৃত্যুকো বিলম্বিত কৰিব পাৰিব বুলি ভাবিবলৈ ধৰিছে। কিন্তু! প্ৰকৃত সত্যটো হ’ল জুবিনৰ সংগীতৰ ভাষাৰে— মানুহ এই মায়াৰ ধৰাত মাথোঁ দুদিনৰ অতিথি। ধনৰ মোহত আৱদ্ধ হৈ মানুহে জীৱনৰ প্ৰকৃত সৌন্দর্য, মানৱতা, প্ৰকৃত জীৱনৰ মূল্য সমূলি পাহৰি গৈছে। প্ৰকৃততে জীৱন মানে ধনৰ আধিপত্য নহয়, জীৱন হ’ল আত্মাৰ সুৰ আৰু মানৱতাৰ অনুভৱ। সেই জীৱনৰ গভীৰবোধ সংগীতৰ সুৰেৰে জাগ্ৰত কৰি গৈছে অসমৰ কিংবদন্তি, অসমৰ গৌৰৱ, অসমৰ প্ৰাণ, হিয়াৰ আমঠু, কালজয়ী শিল্পী জুবিন গাৰ্গ (৯০ দশকৰ পিছৰ প্ৰজন্মৰ সকলোৰে মৰমৰ জুবিন দা)। যাৰ বাবে সংগীতেই জীৱন, জীৱনেই সংগীত, আৰু সংগীতেই জীৱনৰ সৰ্বশ্ৰেষ্ঠ আৰাধনা।


জীৱনৰ গভীৰ অৰ্থ সংগীতৰ সুৰেৰে সহজ-সৰল ভাষাত প্ৰকাশ কৰিছে জুবিন গাৰ্গে। তেওঁৰ অন্যতম অনন্য সৃষ্টি “যন্ত্ৰ” এলবামৰ “এই মায়াৰ ধৰাত দুদিন মাথোঁ থাকিব তুমি / জীৱন গ’লেই গ’ল, নিবলে একোকে নেপাবা তুমি...” গীতটিত জীৱনৰ দাৰ্শনিক সত্যক অনুপম ৰূপে ফুটাই তুলিছে। এই গীতৰ মাজেৰে জুবিনে মানুহৰ অহংকাৰ, লোভ, ক্ষমতাৰ মোহ আৰু লালসাৰ অন্ধতাৰ ভয়াবহ পৰিণামৰ বিষয়ে সতর্কবাণী দিছে। সংগীতৰ মাধ্যমেৰে তেওঁ কৈছে প্ৰকৃত সত্য— জীৱন ক্ষণস্থায়ী, কিন্তু মানৱতাৰ মূল্য চিৰস্থায়ী। 


  আন এঠাইত জুবিন গাৰ্গে নিজেই কৈ গৈছে—“মোৰ গানতেই মোক বিচাৰি পাবা।” হয় তেওঁৰ গীতেই তেওঁৰ জীৱনৰ আখ্যান, অন্তৰৰ অনুভৱ, দর্শন আৰু মানৱতাৰ গভীৰতম প্ৰতিফলন। ৫২ বছৰ বয়সতেই ৪০টা ভিন্ন ভাষাত প্ৰায় ৩৮,০০০ তকৈও অধিক গীত বাণীবদ্ধ কৰা গীতসমূহৰ মাজৰ পৰা এটা এটাকৈ বাচি উলিয়াই গীতৰ তাৎপৰ্য ব্যাখ্যা কৰাটো অসম্ভৱ কথা। সাক্ষাৎকাৰ সমূহত নিজেও সেই কথা তেওঁ কৈ গৈছে। জুবিনৰ মহাপ্ৰয়াণৰ পিছত অসমত এনে এজন লোক নোলাব যি জুবিনৰ গান শুনা নাই। অসমৰ প্ৰতিঘৰে, অনুষ্ঠান-প্ৰতিষ্ঠানে কেৱল জুবিনৰেই সংগীত। “মায়াবিনী ৰাতিৰ বুকুত….” মূলতঃ সংগীতেই আছিল জুবিনৰ জীৱনৰ ভাষা, আত্মাৰ সুৰ, যাৰ স্পন্দনত জীৱনৰ প্ৰতিটো অনুভৱ জীৱন্ত হৈ উঠে জীৱনৰ গুপ্ত ৰহস্য, দুখ-যন্ত্ৰণা, আশা-নিৰাশা আৰু মানৱতাৰ প্ৰগাঢ় ব্যাখ্যা।


আধুনিক সমাজখনত আজিও শিক্ষিত আৰু ক্ষমতাশালী লোকৰ ছাঁত নিৰক্ষৰ আৰু অসহায় লোকৰ এক গোপন শোষণ সংস্কৃতি চলি আছে। ধৰ্মৰ নামত, চাকৰি বা কেৰিয়াৰৰ মোহত বহুজন আনৰ অধীনত বন্দী হৈ পৰে, জুবিনেই এনে এগৰাকী সাহসী শিল্পী যি সেই বন্ধন ভাঙি, সকলো শ্ৰেণীৰ মানুহৰ মুক্তি, সমতা আৰু স্বাধীনতাৰ কথা গীতত সুৰ তুলিছিল। যি সাহসেৰে এই অন্যায় সমাজব্যৱস্থাৰ বিৰুদ্ধে মাত মাতিছিল। তেওঁৰ ব্ৰজ কণ্ঠ নিস্পৃহ, নিপীড়িত আৰু বঞ্চিত জনতাৰ পক্ষত। সংগীতেৰেই তেওঁ সকলোবোৰ কথা ব্যাখ্যা কৰিছিল। সঙ্গীতৰ ওপৰিও জুবিনৰ এই সামাজিক দায়বদ্ধতাৰ বাবে অধিক জনপ্ৰিয়। প্ৰকৃতি বিশ্বাসী জুবিনে বিশ্বাস কৰিছিল — জীৱন কাৰোবাৰ পৰা লোৱা বন্ধক নহয়; ই সকলোৰে বাবে মুক্ত, নিঃশংক আৰু সমান। 


   এই মায়াময় পৃথিৱীত আমি কিছুদিনৰ অতিথিহে মাথোঁ; মৃত্যু নামৰ নদীখন সকলোৰে বাবে একেই। ধন-সম্পত্তি, পদ-মৰ্যাদা, বা ক্ষমতা, ধনী-দুখীয়া, শ্ৰেণীবিভাজনৰ কোনো অৰ্থ নাই। কোনেও মৃত্যুৰ পৰা হাত হাৰিব নোৱাৰি। মৃত্যু এক চিৰন্তন সত্য। সেয়ে এই দুদিনীয়া জীৱনটো উপভোগ কৰাটো অতি জৰুৰী। আমি জীয়াই থাকোঁতে প্রেম, বিশ্বাস; ক্ষমা আদি শিল্পৰে জীৱনক অমৰ কৰি তুলিব পাৰো, মানুহৰ মন জয় কৰিব পাৰোঁ। জীৱন মানেই আড্ডাৰ এক ৰোমাঞ্চকৰ মঞ্চ। অৱশ্যে এই মায়াৰ ধৰাত আমি দুদিনৰ আলহী হৈ আহিলেও, সৃষ্টিশীল শিল্পকৰ্মই যে মানুহক অমৰ কৰি তোলে তাৰ জীৱন্ত উদাহৰণ অসমৰ মহান শিল্পী জুবিন গাৰ্গ। 


জুবিন গাৰ্গ অসমৰ একক আৰু অনন্য শিল্পী যি নিজৰ জীৱনৰ সুখতকৈ আনৰ জীৱনক গভীৰভাৱে বুজিছিল আৰু মান্যতা প্ৰদান কৰিছিল। দিন হাজিৰা কৰা শ্রমিক, ৰিক্সাৱালা বা ঠেলাৱালাৰ দৰে সাধাৰণ মানুহৰ সৈতে তেওঁৰ হৃদয়ৰ সংযোগ আছিল। পদপথত থকা মানুহৰ সৈতেও সমান মৰম আৰু সহানুভূতিৰ সম্পৰ্ক ৰাখিছিল, যেন প্ৰতিজন তেওঁৰ নিজৰ ঘৰৰ পৰিয়ালৰেই সদস্য। এই কথা তেওঁ জীৱন্ত কালতেই কৈ গৈছে। সেয়ে আজি সমগ্ৰ অসমৰ জনসাধাৰণে তেওঁক নিজৰ পৰিয়ালৰ এগৰাকী সদস্যৰ দৰে প্রতি ঘৰে আদৰি লৈছে। অসমীয়াৰ প্ৰতি ঘৰতেই এতিয়া জুবিনৰ আত্মা নিহিত হৈ আছে। এনে ঘটনা পৃথিৱীত বিৰল। এয়া সম্ভৱ হৈছে কেৱল জুবিনৰ বাবে। জুবিন জনতাৰ শিল্পী, প্ৰকৃতিৰ সন্তান। এগৰাকীক চেলিব্ৰিটী শিল্পী হৈয়ো সাধাৰণ মানুহৰ দৰে জীৱন যাপন কৰাটো ইমান সহজ কথা নহয়। এইটো মাটিৰ মানুহৰ নিদৰ্শন। কাৰণ জুবিন গাৰ্গ আছিল মাটিৰ মানুহ, জনতাৰ শিল্পী।


  জুবিন গাৰ্গ কেৱল এটা সংগীত জগতৰ উজ্জ্বল নক্ষত্ৰৰ নাম নহয়, ই এক যুগৰ অনুভৱ, এক প্রজন্মৰ আত্মাৰ সুৰ। জুবিন মানেই অসম, জুবিন মানেই সংগীত; আৰু অসম-সংগীত মানেই জুবিন গাৰ্গ। জুবিন গাৰ্গৰ সংগীত কেৱল বিনোদনৰ বাবে নহয়; তেওঁৰ গীতত জীৱনৰ গভীৰ অৰ্থ, মানুহৰ অনুভূতি, আৰু সমাজৰ প্ৰতি এক গভীৰ দায়িত্ববোধ লুকাই থাকে। তেওঁৰ বহু গীতত প্ৰকাশ পাই আহিছে দুখ, প্রেম, আশাৰ লগতে মানৱ সমাজৰ সম্প্ৰতি আৰু সহানুভূতিৰ সুৰ। যি সুৰে কেৱল মানু্হ হোৱাৰ স্বপ্নৰ বাট দেখুৱায়। তেওঁৰ গীতত আছে জীৱনৰ কথা, সংগ্রামৰ কথা, জাতি প্ৰেম, দেশ প্ৰেম, আশা, বেদনা, সপোনৰ কথা আৰু পুনৰ উজ্জীৱিত হোৱাৰ কথা। জুবিনৰ এটি জনপ্ৰিয় গীত “মই ভাগৰা নাই / জীৱন হেৰুৱা নাই” — এই গীতত জীৱনৰ মূল্যবোধ আৰু আত্মবিশ্বাসৰ প্ৰকৃত প্ৰতিফলনৰ কথা কোৱা হৈছে। তেওঁ ক’ব খোজে যে, জীৱনৰ কঠিন পৰিস্থিতিৰ মুখামুখি হ’লেও, নিজৰ লক্ষ্যৰ পৰা বিচলিত হ’ব নালাগে। সফলতা তেওঁৰেই হয়, যি নিজৰ আত্ম বিশ্বাস অটুট ৰাখিব পাৰে। এই গীতটিয়ে সাহস, ধৈৰ্য আৰু অন্তৰ্দৃষ্টিৰ শক্তিক উজ্জ্বল কৰি তোলাৰ এক জীৱন্ত উদাহৰণ। পৃথিৱীৰ প্ৰতিগৰাকী মানুহৰ অনুভৱৰ সৈতে জড়িত শিল্পী গৰাকীয়েই হ’ল জুবিন।


এতিয়া সমগ্ৰ পৃথিৱীত কেৱল জুবিনৰ গান - “মায়াবিনী ৰাতিৰ বুকুত/দেখা পালোঁ তোমাৰ ছবি”। তেওঁৰ ইচ্ছা অনুসৰিয়েই তেওঁৰ মৃত্যুৰ দিনা মানুহৰ আত্মাত স্বতঃস্ফূৰ্তভাৱে বাজি উঠিছিল সেই জনপ্ৰিয় গীতটি। ইতিমধ্যেই মায়াবিনী ৰাতিৰ বুকুত/দেখা পালোঁ তোমাৰ ছবি” গীতৰ সংস্কৰণ হিন্দী, ইংৰাজীকে ধৰি কেইবাটাও আন্তঃৰাষ্ট্ৰীয় ভাষাত অনুবাদ হৈছে। অসমীয়া হিচাপে সেয়া আমাৰ গৌৰৱ। সংগীত আৰু কবিতাৰ ভাষাৰে জুবিনে মানৱ জীৱনৰ গভীৰ অৰ্থ ব্যাখ্যা কৰি থৈ গৈছে। জুবিনৰ সংগীতে সকলো শ্ৰেণীৰ মানুহৰ হৃদয় স্পৰ্শ কৰিবলৈ সক্ষম হৈছে। সেই বাস্তৱতাক তেওঁৰ মৃত্যুৰ আগত যেনেকৈ গুণমুগ্ধই প্ৰদৰ্শন কৰিছিল তাতোকৈ বেছি মৃত্যুৰ পাছতো কৰিছে। জাতি, ধৰ্ম আৰু ৰাজনীতিৰ নামত মানুহক বিভাজিত কৰা এই বিশৃঙ্খল সমাজখনক শুদ্ধ কৰি মানৱতাৰ পথ দেখাবলৈ যেন ভগৱানে জুবিনক নিজৰ দূত হিচাপে পঠিয়াইছিল। সংগীতৰ সুৰৰ জৰিয়তে তেওঁ মানুহৰ হৃদয়ত ঐক্য, প্ৰেম আৰু মানৱতাৰ বীজ ৰোপণ কৰিবলৈহে জন্ম লৈছিল।


এনে এগৰাকী মহান শিল্পীক ১৯ ছেপ্টেম্বৰ দিনা কায়িকভাৱে হেৰুৱাই অসমবাসীৰ লগতে সমগ্ৰ বিশ্বৰ লোক ম্ৰিয়মাণ হৈ পৰিছিল। অনাকাংক্ষিতভাৱে সেই অভিশপ্ত দিনটোত প্ৰাণৰ শিল্পী গৰাকী ছিংগাপুৰত মহাপ্ৰয়াণ ঘটা ঘটনাটো আজিও কোনেও সহজভাৱে মানি ল’ব পৰা নাই। জুবিন গাৰ্গৰ এই অকাল প্রস্থানে অসমৰ সাংস্কৃতিক জগতখনক একেবাৰে নিঃস্তব্ধ কৰি পেলালে। দিশহাৰা আজি অসমীয়া জাতি। এটা যুগৰ অন্ত পৰিল, জুবিন যুগৰ অৱসান ঘটিল। চৌদিশে যেন এক বিশাল শূন্যতাই। জীৱন্ত কিংবদন্তিগৰাকী মাত্র ৫২ বছৰ বয়সতে যি অমৰ সৃষ্টি কৰি থৈ গ’ল, সেয়া অসমীয়াৰ হৃদয়ৰ পৰা কোনো দিনো মচি নাযায়। অসমীয়াই ইতিমধ্যে সেই অমৰ সৃষ্টিসমূহক চিৰ যুগমীয়া কৰি ৰখাৰ অংগীকাৰ দিছে। আমি প্ৰতিটো প্ৰজন্মই জুবিনক তেওঁৰ সৃষ্টি, সংগীত আৰু কবিতাৰ জৰিয়তে জীৱন্ত ৰূপত জীয়াই ৰাখিব লাগিব। অসমীয়া সংগীতৰ আত্মাত সদায় জুবিন চিৰস্মৰণীয় হৈ থাকিব।


পৃথিৱীত এজনেই এনে মানুহৰ জন্ম হৈছে যাৰ মৃত্যুত হাজাৰ হাজাৰ গুণমুগ্ধই অকপতে স্বীকাৰ কৰি ল’ব পাৰে যে তেওঁৰ ঠাইত নিজৰ প্ৰাণ দিবলৈ তেওঁলোক প্ৰস্তুত। জুবিনৰ মৃত্যুৰ বাতৰিত কতজন ঘায়েল হৈছে তাৰ লেখ জোখ হয়তো নোলাব। কাৰণ প্রতিঘৰ অসমীয়াৰ আত্মাত তেওঁৰ স্থান আছে। যাৰ মৃত্যুৰ খবৰে মানুহক আত্মহণন পৰ্যন্ত সিদ্ধান্ত ল’বলৈ বাধ্য কৰায়, তেওঁ সাধাৰণ মানুহ হ’ব নোৱাৰে। তেওঁৱেই হল অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। 


Doksiri দকচিৰি, অক্টোবৰ, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages