পৰুৱাৰ পিঠিত পৃথিৱীখন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, March 4, 2022

পৰুৱাৰ পিঠিত পৃথিৱীখন

 


পৰুৱাৰ পিঠিত পৃথিৱীখন

                                           জীৱন নৰহ



পৰুৱা এটাই 

পৃথিৱীখন পিঠিত লৈ দৌৰিছে


পিছে পিছে আমাৰ ছােৱালীজনী 

আৰু তাইৰ লগৰ কেইজনী


পিছে পিছে সূর্য

আৰু জোন


পিছে পিছে দিন ৰাতি


পৰুৱাৰ পিঠিত 

পৃথিৱীখন


দৌৰিছে 

দৌৰিছে


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages