কোলাহল
জুনু বুঢ়াগোহাঞি নাথ
গুৱাহাটী
তেওঁ মোক সুধিছিল
নগৰৰ অসহনীয় কোলাহলৰ মাজত
তুমি কেনেকৈ থাকা ?
মই ক'লোঁ,
মিলিবলৈ নিজক সলাই চাই
নিৰ্বাক হ'লোঁ
কিছুমান শ্ল'গান-জাতীয় কোলাহল
শুনাৰ আগতে মৰে
বাকী শুনিবলগাবোৰ শুনি নুশুনা হ'লোঁ
দগধা কাণে
খহতাখিনি পিহি গিলি থওঁ
নিমখীয়াখিনি বতাহত পমে ৷
সদ্যহতে
নীৰৱতাক পহৰা দি আছোঁ ৷
আৰু তেওঁও গুচি আহিল
বিশৃংখল চহৰখনৰ পৰা
মোৰ নিমাওমাও চুবুৰিলে'।
ইমান মৌনতা তেওঁৰ চাগে' ভাল নালাগে
এদিন ৰাতি বাৰটাৰ ঘণ্টা বজাৰ লগে লগে
মাজনিশাৰ কথা সোঁৱৰাই দি
মোক শুবলৈ ক'লে ৷
ঘণ্টাৰ শব্দ আৰু তেওঁৰ মাতষাৰ
একেলগে এটা মিহি কোলাহল
উচপখাই উঠিলোঁ
কোলাহল বুটলি নীলা হোৱা
হাতদুখন এতিয়া থৰথৰকৈ কঁপে ৷
আহি থকাবোৰৰ ভিতৰত
সময়ৰ শব্দহে ভালকৈ আহে
আৰু কাণ দুখন থিয় কৰি থাকে ৷
তেওঁ বুজিলে
ওঁঠৰ কেঁকুৰিত কথাবোৰ চেপি
কোলাহলক ঢাকি ধৰি
টিকিবলে'
:
এইয়া মোৰ জীয়ন কৌশল ৷
No comments:
Post a Comment