পাঃনৈ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, March 4, 2022

পাঃনৈ

 


পাঃনৈ

            অশোক কুমাৰ দলে

                   ধেমাজি



মূৰত দুপৰীয়াৰ ৰ'দজাক লৈ 

নৈ গৰাত তাই বহে 


আৰু বিভোৰ হৈ চাই থাকে নৈখনলৈ


নৈত ঢৌ উঠে

পকনীয়াত খেলে ঢৌবোৰ


দু্ৰৈৰ গৰখীয়া বাঁহীত নাচি ফুৰা

কাবানৰ মাত শুনি

তাই হাঁহে


মনত ফুলে সপোনৰ চুপহি


 ঢোলে-ডগৰে এদিন আহিব উজাই সপোনৰ ৰাজকোঁৱৰ

এই নদীয়েদি


শিলৰ কাপোৰ

শিলৰ গহনা পিন্ধাই

ভটিয়াব চৈ-দিয়া নাও


তাইৰ মনত বৈ যায়

 আন এখন কল্পনাৰ নদী 


আৰু তেতিয়াৰেপৰাই

তাই বহিয়েই আছে

এই নৈখনৰ পাৰত 


চাই আছোঁ আমি 




ঠিকনা - চিনাইচুক মিচিং গাঁও ,ডাক:এৰাঢল , ধেমাজি

ফোন-৯৩৬৫২ ৫৪০৩৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages