জীৱন-মৃত্যু বিষয়ক - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, March 4, 2022

জীৱন-মৃত্যু বিষয়ক

 


জীৱন-মৃত্যু বিষয়ক

                                    নৱজিৎ দেউৰী

                                    ফোনঃ ৯৩৬৫২০২৯৬২



ধৰ্ম গুৰুৱে কয়, মৃত্যুৰ পিছত জীৱন

বস্তুবাদীয়ে কয়, জীৱনৰ পিছত মৃত্যু

দাৰ্শনিকে কয়, জীৱনেই মৃত্যুৰ প্ৰমাণ

বিজ্ঞানীয়ে কয়, মৃত্যুৱেই জীৱনৰ প্ৰধান।


কবিয়ে কয়, জীৱনৰ আশাই মৃত্যু

পাঠকে কয়, জীৱনেই মৃত্যুৰ আশা

গৰীবে কয়, জীৱনতকৈ মৃত্যু ভাল

ধনীয়ে কয়, মৃত্যুতকৈ জীৱন ভাল।


শিশু মানে জীৱনৰ ওচৰা ওচৰি 

বৃদ্ধ মানে মৃত্যুৰ ওচৰা ওচৰি 

ব্যস্ততাই কয়, ময়েই জীৱন

সম্পৰ্কই কয়, ময়েই মৃত্যু


ধৰ্ষিতাৰ মৃত্যুয়েই যেন জীৱন

জীৱিত ধৰ্ষক যেন মৃত্যুহীন!

হতাশাবাদীয়ে কয়, জীৱন বুলি একো নাই

আশাবাদীয়ে কয়, মৃত্যু বুলে একো নাই


এই জীয়াই থকাই জানো জীৱন? 

নে মৰি বাচি যোৱাই জীৱন? 

ক'ত পাম মৃত্যুহীন জীৱন

অথবা জীৱনহীন মৃত্যু? 


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages