অৰ্কিড (Orchid) - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, March 5, 2022

অৰ্কিড (Orchid)

 


অৰ্কিড (Orchid)

   প্ৰগ্ৰেছ মেদক        



পৌফুল বা কপৌফুল জাতীয় ফুলবোৰক  ইংৰাজীত অৰ্কিড(Orchid) বুলি কোৱা হয়।অৰ্কিড ফুলৰ প্ৰায় গোন্ধ নেথাকে।যি বোৰৰ গোন্ধ থাকে সি অতি তীব্ৰগোন্ধ হয়।অৰ্কিড  ডাঙৰ সৰু আৰু বিভিন্ন ৰঙৰ পোৱা যায়।সমগ্ৰ বিশ্বতে বৰ্তমান পৰ্যন্ত ২৪,০০০ বিধ অৰ্কিডৰ সম্ভেদ পোৱা গৈছে।আটাইতকৈ মনোমোহা আৰু অতি আকৰ্ষণীয় অৰ্কিড বিধ হ'ল কেটলিয়া,লেডী স্লিপাৰ।মিলটনিয়া আদি অৰ্কিড বোৰে ২ৰ পৰা ৬ সপ্তাহ আৰু ২মাহৰ পৰা ৫ মাহলৈ সজীৱ হৈ থাকে।কেটলিয়া জাতীয় অৰ্কিড ফুলবোৰৰ ৰামধেনুৰ সাতোটা ৰং সংমিশ্ৰণ দেখা যায়। 

     অসম আৰু খাছীয়া পাহাৰত 'ব্লু ভেণ্ডা' নামৰ অৰ্কিড বিধ পৰ্যাপ্ত পৰিমানে পোৱা যায়।এই অৰ্কিডবোৰ ফেব্ৰুৱাৰী মাহৰ পৰা ফুলিবলৈ আৰম্ভ কৰে। অসমৰ সৰহভাগ অৰ্কিড ফেব্ৰুৱাৰী,মাৰ্চ মাহৰ পৰা ফুলিবলৈ আৰম্ভ কৰে আৰু        কিছুমান বাৰিষা কালত ফুলে।

   অৰ্কিডবোৰৰ কিছুমান উষ্ণ,আৰ্দ্ৰ জলবায়ুত হয়।বালিচহীয়া মাটিত, সেমেকা ঠাইত, মুকলি হাবি,ঘাহনিৰ মাজত,জান-জুৰিৰ পাৰে পাৰে হয়।বেছিভাগ পৰজীৱি অৰ্কিড গছৰ ডালত,পাহাৰৰ শিলৰ ফাকত বা ফাটত হয়।পৰজীৱি অৰ্কিডবোৰ অন্য গছৰ ধৰে পত্ৰ-হৰিৎকণা নাথাকে, নিজে খাদ্য তৈয়াৰ কৰি ব নোৱাৰে।বাৰিষাৰ পানী,কুৱলীৰ পানী,গছৰ বাকলি,মৰিযোৱা কীট-পতংগৰ অৱশিষ্ট অংশ,বতাহে উৰুৱাই নিয়া ধুলিবালি আদি শিপাৰ কাষত পৰিলে তাৰ পৰা আহাৰ গ্ৰহন কৰে।আম,কঠালৰ দৰে খহটা বাকলি থকা গছত অৰ্কিড দিয়া হয়।কম পোহৰ,কম ৰ'দ পোৱা ঠাইত ৰুব লাগে।বৰ্তমান অতিপাত অৰ্কিড সংগ্ৰহৰ বাবে কিছুমান অৰ্কিড বিলুপ্তপ্ৰায় হৈছে।বিশেষকৈ ব্লু-ভেন্দা আৰু লেডী-স্লীপাৰ অৰ্কিড দুবিধ।

        অসমৰ অৰ্কিডৰ গোত্ৰ মুঠ ১৯৩ টা প্ৰজাতি।উত্তৰ পূৰ্বাঞ্চলত প্ৰায় ১৬০০ৰো অধিক প্ৰজাতিৰ অৰ্কিড থকা বুলি গম পোৱা যায়।

      উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত অৰুনাচল প্ৰদেশ আৰু ত্ৰিপুৰাত অধিক সংখ্যক অৰ্কিড পোৱা যায় যদিও বহুতো সুন্দৰ  প্ৰজাতিৰ অৰ্কিড বৰ্ত্তমান ৰাজ্য দুখনত বিপদাপন্ন।

    অসমৰ অৰ্কিডৰ গোত্ৰ মুঠ ১৯৩টা বুলি জনা যায়।তাৰে ভিতৰত নামবৰ অৰণ্যত বৰ্তমানলৈকে ৫১টা প্ৰজাতি নথিভূক্ত হৈছে।গৰমপানী অভয়াৰণ্য(কাৰ্বি আংলং)ত পোৱা অৰ্কিড সমূহৰ ভিতৰত-

  ১।ভেনিল্লা পেলিফেতা

  ২।কেন'ন্ট ফিপিয়াম

 ৩।নেক্টছিলিয়াচ

  ৪।কেলেন্টি মোছাকা(এই কপৌফুল প্ৰজাতিৰ অৰ্কিড বিধ অতিকৈ দুষ্প্ৰাপ্য।

  ৫।কেলেন্টি বিকুলৰ

  ৬।ফেলিন'পছিচ মেনি'ন

   ৭।অ'ৰিনডিনা গ্ৰামিনিফেলিয়া আৰু

   ৮।ভেনিল্লা ফেলিফেৰা আদি।

  অসমৰ ধেমাজি জিলাৰ পবা সংৰক্ষিত বনাঞ্চল আৰু লক্ষীমপুৰ জিলাৰ ৰঙা সংৰক্ষিত বনাঞ্চল আৰু দুলুং সংৰক্ষিত বনাঞ্চলত পোৱা অৰ্কিডবোৰৰ ভিতৰত কেতেকী,টকৌ,খাদুলি(চাইকাড),ব্লু-ভেন্দা আৰু লেডিজ শ্লিপাৰ,কপৌ,ভাটৌ আদি অৰ্কিড ফুলবোৰেই প্ৰধান।

   বৰ্তমান 

অৰ্কিডৰ কেইবাবিধো অৰ্কিড সংযোগ ঘটাই সুন্দৰ হাইব্ৰিড প্ৰজাতিৰ অৰ্কিড উলিওৱাও হৈছে‌।

                


1 comment:

  1. তথ্যসমৃদ্ধ প্ৰয়োজনীয় লেখা।ভাল লাগিল।

    ReplyDelete

Post Bottom Ad

Responsive Ads Here

Pages