ৰমজানৰ ৰোজা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, May 1, 2022

ৰমজানৰ ৰোজা

 


ৰমজানৰ ৰোজা

        মিনু হাজৰিকা                       


      এই মাহটো সমগ্ৰ বিশ্বৰ মুছলমান লোকসকলে অন্তঃ কৰণেৰে মহান আল্লাহৰ সন্তুষ্টিৰ অৰ্থে উপবাসেৰে কটায় , যাক কোৱা হয় ৰোজা ৷ ৰোজা হৈছে এক আল্লা প্ৰদত্ত বিধি যাক পবিত্ৰ কোৰান শ্বৰীফত  সুন্দৰ ভাৱে বৰ্ণনা কৰা হৈছে ৷ এই মাহটোৰ আটাইতকৈ ডাঙৰ মহত্ত্ব হ’ল , এই মাহতেই হজৰত মোহাম্মদে পবিত্ৰ কোৰানৰ প্ৰথম আয়াত (শ্লোক) আল্লাহৰ পৰা লাভ কৰিছিল ৷ এই মাহটোতেই আল্লাহে সমগ্ৰ মানৱ জাতিৰ বাবে কোৰান শ্বৰীফৰ আয়াত নজিল (অৱতীৰ্ণ ) কৰিছিল ৷ এই মাহটো ৰহমত (আল্লাহৰ দয়া)ৰ মাহ , যিটো অলংকৃত কৰা হৈছে ইবাদত নামাজ (প্ৰাৰ্থনা ) ৰোজা (উপবাস) আৰু চদকা (দান) ৰ দৰে বিশেষত্বৰ দ্বাৰা ৷

  ৰমজান শব্দটো আৰবী ৰমজ শব্দৰ পৰা উৎপত্তি হোৱা ৷ যাৰ অৰ্থ হৈছে দহন কৰা ৷ যেনেদৰে ধাতু সোণ ৰূপ আদি সমূহৰ দহন ঘটাই ইয়াৰ ময়লা বা অশুদ্ধি দূৰ কৰা হয় , ঠিক তেনেদৰেই ৰোজাই মানুহৰ দৈহিক মানসিক তথা ইন্দ্ৰিয় অশুদ্ধ সমূহ দহন কৰি জীৱনটোক পুনৰুজ্জীৱিত কৰাত সহায় কৰে ৷ উপবাহক আৰবী ভাষাত কোৱা হয় ’চিয়াম’ যাৰ ফাৰ্চী প্ৰতিশব্দ হৈছে ৰোজা ৷ ৰোজাৰ উদ্দেশ্য হৈছে মানুহক ধৈৰ্য্য , অনুশাসন , বিনম্ৰতা আৰু আধ্যাত্মিকতাৰ শিক্ষাৰে শিক্ষিত কৰা ৷ ৰমজান মাহৰ ৰোজা ৰখাৰ উদ্দেশ্য টোৱেই হৈছে আল্লাহৰ ওচৰত নিজৰ অতীতৰ সকলো গুণাহ (পাপ) ৰ তৌবাহ (প্ৰায়শ্চিত্ত) কৰা তথা সকলো অপকৰ্মৰ পৰা নিজকে মুক্ত কৰি অনাগত দিন বিলাকত সৎ আৰু চৰিত্ৰবান হোৱাৰ কচৰৎ কৰা ৷ ৰোজাই মানুহৰ আত্মনিয়ন্ত্ৰণৰ দিশটোৰ বিকাশ ঘটাই তাক শক্তিশালী কৰে ৷ যিয়ে দুশ্চিন্তা আৰু বেয়া অভ্যাসৰ পৰা নিজকে মুক্ত কৰি ৰখাত সহায় কৰে ৷ ভোক নিবাৰণৰ মানুহৰ যি সহজাত প্ৰৱণতা থাকে , তাৰ পৰা বিৰত থাকি আত্মসংযমৰ দৈনন্দিন জীৱনত প্ৰয়োগ কৰি জীৱনটো অধিক শক্তিশালী কৰিব কৰা যায় ৷ ৰোজাই মানুহক সহানুভূতিশীল কৰি তোলে , আনৰ দুখ কষ্টক বুজি তাৰ সমভাগী হোৱাৰ  মানসিকতা প্ৰদান কৰে , যিয়ে নিজৰ জীৱনটোৰ মূল্যাংকন কৰাত সহায় কৰে ৷ 

  সূৰ্যোদয়ৰ প্ৰাক মূহুৰ্তৰ পৰা সূৰ্য্যাস্তলৈকে প্ৰায় ১৪/১৫ ঘন্টা সময় কোনো ধৰণৰ খাদ্য খোৱাৰ পৰা বিৰত থাকি ৰোজা পালন কৰা হয়৷ শাৰীৰিক উপবাস হৈছে ৰোজাৰ এটা প্ৰতীক ৷ যি আভ্যন্তৰীণ আৰু প্ৰকৃত ৰোজাৰ বাহ্যিক ৰূপ ৷

  ৰমজান মাহত ৰোজা পালন কৰাটো ইছলামৰ পাঁচটা বাধ্যতামূলক স্তম্ভৰ ভিতৰত অন্যতম ৷ ১/ ’কলিমা’ - আল্লাহৰ একেশ্বৰবাদৰ প্ৰতি বিশ্বাস স্থাপন ৷

নামাজ - দিনটোত পাঁচবাৰ আল্লাহৰ প্ৰাৰ্থনা ৷ 

ৰোজা - ৰমজান মাহত ৩০ দিনৰ উপবাস ৷

জাকাত- কেৱল ধনী লোক সকলে নিজৰ জমা  ধন সম্পত্তিৰ এক অংশ প্ৰতি বছৰে দুখীয়া নিচলাৰ মাজত দান কৰা কৰ্ম ৷ 

হজ-  ধনী , সামৰ্থবান লোক সকলে জীৱনত এবাৰ পবিত্ৰ মক্কা শ্বৰীফত তীৰ্থ কৰ্ম সম্পন্ন কৰা ৷

  ৰমজান মাহৰ শেষত নতুন জোন দেখিলেই ঈদ-উল-ফিতৰ পালন কৰা হয় ৷ এইদিনটো অতি আনন্দৰ দিন কিয়নো আল্লাহৰ এটা অতিকৈ মহত্ত্বপূৰ্ণ আদেশ সফলভাৱে পালন কৰাৰ ফূৰ্তি , য’ত আছে আনক আনন্দিত কৰাৰ এক উন্মাদনা যিয়েই সকলোৰে বাবে কঢ়িয়াই আনে মাথোঁ এটি বাৰ্তা - " ঈদ-মোবাৰক " ৷৷


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages