কণ্ডাৰ গুঃমৃণৰ ইতিবৃত্ত ( মিচিং প্ৰৱজনৰ চমু ইতিহাস )
(৩য় খণ্ড)
ইতিমধ্যে আমি পুৰ্বৰ দুটা খণ্ডত মিচিং সকলৰ বংশ পৰম্পৰা , গুঃমৃণ আৰু অপৃণ বিস্তৃতিৰ ওপৰত অৱলোকন কৰি আহিছো । কণ্ডাৰ গুঃমৃণৰ নাম বৃতান্ত তথা গুপিত অপৃণৰ উৎপত্তিৰ বিষয়ে অধ্যয়ন কৰি অহা হৈছে । পৰৱৰ্তী পৰ্যায়ত আমি পৰ্যায়ক্ৰমে কণ্ডাৰ গুঃমৃণৰ আন আন ঠেঙুলিবোৰৰ সৃষ্টি ও নাম বৃতান্তৰ বিষয়ে বহলভাৱে আলোচনা কৰিম । যিহেতুহে আন সকল পেগু ঠেঙুলিৰ জন্ম দশম শতিকাৰ পৰা ওঠৰশ শতিকাৰ মাজত হৈছে গতিকেই আমি আমাৰ এই অধ্যয়নৰ মাজৰ চোৱাত নামবোৰৰ সৃষ্টি সম্পৰ্কে আলোচনা কৰিম ।
এতিয়া আমি অধ্যয়ন কৰিবলৈ আগবাঢ়িছো মিচিং জনগোষ্ঠীটোৰ উৎপত্তিস্থলৰ সন্ধান কৰাৰ বাবে। এই সন্ধানৰ বাবে আমাৰ আগ্ৰহৰ প্ৰধান কাৰক হিচাপে দুখন উপন্যাসৰ নাম লব লাগিব । সেই দুখন হৈছে পাটকাইৰ ইপাৰে সিপাৰে আৰু কেয়ুম । দুয়োখন গ্ৰন্থ একে গৰাকী লেখিকাৰ । শ্ৰদ্ধেয় চন্দনা বাইদেউৰ একাদেমী বঁটা বিজয়ী গ্ৰন্থ দুখন অধ্যয়ন কৰাৰ পাছত মিচিং বুৰঞ্জীৰ পম খেদি চোৱাৰ আগ্ৰহ দুগুনলৈ বৃদ্ধি পালে । তেখেতে প্ৰসংগ পুথি হিচাপে উল্লেখ কৰা প্ৰাধ্যাপক এন লেগ'দেৱৰ ৰচিত ইতিহাস সমগ্ৰ , ৰিজাৰ্ভ বেংকৰ অৱসৰপ্ৰাপ্ত এজিএম তথা বিশিষ্ট বুৰঞ্জীবিদ পিটাৰ পেগু দেৱৰ ৰচনাৱলী , ডাঃ নোমল পেগুদেৱৰ ৰচনাৱলী , SK Chettarji ৰ কিৰাট জন কীৰ্তি , এচিয়াটিক চচাইটিৰ ভালেমান ডাটা গুগলত সন্ধান কৰাৰ লগতে পুৰণি চীনৰ ইতিহাস , ডঃ শচীন ৰয়ৰ "Aspects of Padam-Minyong Culture " আদি গ্ৰন্থ অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিলোঁ । তাৰোপৰি সোনাৰাম পাঞাং কটকীদেৱৰ মিৰি জাতিৰ বুৰঞ্জী , ডঃ ডম্বৰুধৰ নাথ দেৱৰ লেখনী , ডঃ জেজে কুলি ছাৰৰ মিচিং জনগোষ্ঠীৰ ওপৰত আধাৰিত কেইটামান অনন্য সংকলন , কৃষ্ণৰাম মিলি দেৱৰ লেখনী , মিলি অপৃন , পাতিৰ অপৃন , কাৰি অপৃন আদিৰ লেখনীৰ পৰা কিছু তথ্য সংগৃহীত কৰি এই লেখা প্ৰস্তুত কৰা হৈছে ।
মিচিঙৰ পুৰ্বজ কোন ?
চীনৰ প্ৰাচীন ইতিহাস অধ্যয়ন কৰিলে মিচিং সকলৰ লগত শাৰীৰিক অবয়ৱ , ধৰণ-কৰণ, আচাৰ-আচৰণ, পৰম্পৰাৰ মিল থকা তথা একেবাৰে নিকটতম ভাষিক-সামাজিক সম্পৰ্ক থকা এটা গোট হৈছে চীনামূলৰ মং মিয়াও জনগোষ্ঠী । ডঃ ডম্বৰুধৰ নাথদেৱে লিখিছে " The Chinese custom of performing the nine prostrations called Kow-Tow has also been prevelant in some way among the Misings of Assam . " এটা কথা সকলোৰে স্বীকৃত যে মিচিং সকল ইন্দো মংগোলীয়া গোষ্ঠীৰ অংশ । অসমৰ ইন্দো তিব্বেতান গোষ্ঠীৰ সঠিক উৎপত্তিস্থল বিচাৰি ইউৰোপীয়ান গৱেষক সকলে বিভিন্ন গৱেষণামূলক বক্তব্য আগবঢ়াই থৈ গৈছে । ডঃ জিএ গ্ৰিয়াৰচন , বি চি এলেন আদিয়ে মিচিং জনগোষ্ঠীৰ পুৰ্বসুৰী হিচাপে চীনামুলৰ মং মিয়াও সকলক গ্ৰহণ কৰিছে । তেওঁলোকে ইন্দো-চীনা জনগোষ্ঠীয়ে হোৱাংহু আৰু ইয়াং চি কিয়াং নদীৰ পাৰে পাৰেই প্ৰৱজিত হোৱা বুলি অনুমান কৰি গৈছে ।
সেয়হে মং মিয়াওৰ মূল বিচাৰি আমি হুৱাংহু আৰু ইয়াং চে কিয়াং নদীৰ মূললৈ তথা সেই মূলত বসবাস কৰা মং মিয়াও জনগোষ্ঠীৰ ইতিহাসলৈ উভতি চাও আহক ।
প্ৰাচীন চীনৰ ইতিহাসত মং মিয়াও সকলৰ স্থিতি আৰু মহা মানৱ চি-য়ু:
চীনৰ তিনিজন মহান উপৰিপুৰুষ অৰ্থাৎ Three Grand Ancestor of China ত অন্তৰ্ভুক্ত তিনিগৰাকী মহান পুৰুষ হৈছে য়ান দি , হুৱাং দি আৰু চি-য়ু । আমাৰ মিচিং সকলৰ উপৰিপুৰুষো সেই তিনিগৰাকী মহান উত্তৰ পুৰুষৰে এজন চি-য়ুৰ বংশাৱলী বুলি অনুমান কৰা যায় । চীনৰ জিনজিং (Zinzheeng) চহৰত এতিয়াও Hall of Three Grand Ancestor হিচাপে তিনিটাকৈ বিশাল প্ৰতিমুৰ্তি সজ্জিত কৰি থোৱা আছে । তিনিজনৰ অন্যতম বিশালকায় দ্বৈত শিং যুক্ত মহান পিতৃ পুৰুষ চি-য়ু আছিল মং-মিয়াও তথা মিচিং সকলৰ ইতিহাস স্বীকৃত প্ৰথম গৰাকী উপৰি-পুৰুষ । খ্ৰীষ্টপূৰ্ব ২৫০০ শতিকাৰ পূৰ্বে জিউল নামৰ প্ৰদেশত সম্ৰাট চি-য়ুৱে শাসন কৰিছিল । ঝুলু নামৰ এটা অঞ্চলত বৰ্তমানৰ চীনৰ জিনজিং অঞ্চলত অনুষ্ঠিত হৈছিল এক মহাকাব্যিক যুদ্ধ যাক চীনৰ ইতিহাসত The Epic battle of China হিচাপে জনা যায় আৰু যিখন যুঁজত ৰণত পৰিছিল মং মিয়ং বংশী সম্ৰাট চি-য়ু । ক্ষমতাৰ বাবেই তিনি উপৰিপুৰুষৰ মাজত হৈছিল চীনৰ এই মহাকাব্যিক যুঁজখন।
চি-য়ু আছিল জিউল প্ৰদেশৰ সম্ৰাট । জিউল প্ৰদেশখন আছিল হুৱাংহু আৰু ইয়াংচিকিয়াং নৈৰ মাজত থকা ন টাকৈ প্ৰধান জনগোষ্ঠী আৰু ইহতৰ ৮১ টা সৰু বৰ ঠাল ঠেঙুলিৰে গঠিত এক অপুৰ্ব সুন্দৰ সমভূমি অঞ্চল । জিউল প্ৰদেশৰ পূৱে হুৱাংহুৰ উপত্যকাত হুৱাং দি নামেৰে আন গৰাকী চীনৰ মহান পুৰ্বপুৰুষৰ ৰাজ্য আছিল আৰু পশ্চিম দিশত য়ান দি নামৰ তৃতীয় গৰাকী মহান পুৰুষ তথা ড্ৰেগন সম্ৰাট গৰাকীয়ে ৰাজত্ব কৰিছিল । হুৱাং দি আৰু য়ান দিৰ সন্মিলিত শক্তিৰ আক্ৰমণত পৰাজিত হৈছিল অপৰাজেয় বুলি দাৱী কৰা মহান সম্ৰাট চি-য়ু ।সুদূৰ তুন্দ্ৰা অঞ্চলৰ পৰা হাজাৰ বছৰৰ পুৰ্বে মংগোল প্ৰদেশৰ খিংগান মালভুমি অতিক্ৰম কৰি হুৱাংহু আৰু ইয়াংচিকিয়াং নদীৰ মাজৰ সমভূমিত সিচৰিত হৈ বাস কৰি থকা মিয়াও-মং জনগোষ্ঠী সকলক একত্ৰিত কৰি এখন ছত্ৰৰ তলত কেন্দ্ৰীভূত কৰি ৰাখিছিল সম্ৰাট চি-য়ুৱে । মুঠতে ন টা মং জনগোষ্ঠীৰ একাশীটা ঠাল ঠেঙুলিৰে গঠিত আছিল সম্ৰাট চি-য়ুৰ জিউল ৰাজ্য । কিন্তু চীনৰ ঝুলুত অনুষ্ঠিত সেই মহাকাব্যিক যুঁজখনত হুৱাং দি আৰু য়ান দিৰ উমৈহতীয়া শক্তিৰ ওচৰত পৰাজয় বৰণ কৰিছিল সম্ৰাট চি-য়ু ।
চি-য়ুৰ মৃত্যুৰ পাছতে আৰম্ভ হৈছিল মং মিয়ং সকলৰ দুৰ্যোগৰ দিন । চীনৰ হুয়াচিয়া সৈন্যসকলে মং মিয়াও সকলৰ জীৱন দুৰ্বিসহ কৰি তোলে । সেয়হে তেওঁলোকে সেই অঞ্চল পৰিত্যাগ কৰি নতুন ভূমিৰ সন্ধানৰ প্ৰৱজন কৰাৰ বাবে সাজু হৈ উঠে ।
আৰু তেনেকৈয়ে লাহে লাহে আৰম্ভ হৈছিল চীনৰ পৰা মং মিয়ং সহ আন আন সৰু সুৰা জনগোষ্ঠীবোৰৰ চীনৰ পৰা বহিঃ অঞ্চললৈ প্ৰৱজনৰ ইতিহাস । মিচিং সকল মং মিয়ং জনগোষ্ঠীৰ অন্তৰ্গত হয়নে নহয় সেই লৈ কিছু বাদানুবাদ আছে । বহু ইতিহাসবিদে মিচিং সকলক মং-মিয়ং গোষ্টীৰ সৈতে একাত্ম কৰিব খোজে যদিও আন একাংশই ইয়াৰ কোনো উপযুক্ত প্ৰামাণিক সমল পোৱা নাই বুলি অস্বীকাৰ কৰিব খোজে । তেওঁলোকৰ দাৱী মিচিং সকল উত্তৰ পুৰ্বাঞ্চলৰ ভূমিত সৃষ্ট এক অভিন্ন সত্বা । গোষ্ঠীগত দিশত মিল থাকিলে মং মিয়াওৰ সৈতে মিচিং সকল কোনোপধ্যেই সংপৃক্ত নহয় । মিচিং সকল অসম অৰুনাচলৰ প্ৰকৃত ভূমিপুত্ৰ । যিকি নহওক সেয়া আমি সদ্যহতে মিচিং সকল মং-মিয়ং সকলৰ সৈতে সেই ন টা জনগোষ্ঠীৰ ৮১ টা ঠেঙুলিৰ মাজৰে যে এটা বুলি ধৰি লৈ আগবাঢ়ি যাম ।
মিচিং সকলৰ প্ৰৱজনৰ আদিচোৱা:
সম্ৰাট চি-য়ু ৰণত পৰাৰ পাছত নিৰীহ মিচিং জনগোষ্ঠীও সেই সময়তেই মং মিয়াওসকলৰ সৈতে সেই স্থান এৰি ক্ৰমান্বয়ে দক্ষিন পূৱলৈ প্ৰৱজন আৰম্ভ কৰে । যুঁজৰ প্ৰতি সততে দূৰৈত আৰু শান্তিৰ সৈতে সহাৱস্থান কৰা নিৰীহ মিচিং প্ৰজাগনে নিৰাপদ বাসস্থান বিচাৰি সেই স্থানৰ পৰা Chang Jiang (Yangtze) নৈৰ সমান্তৰাল ভাৱে পূৱ দিশে য়ালুং নৈৰ পাৰে পাৰে দক্ষিন পূৱলৈ প্ৰৱজন আৰম্ভ কৰে । যুগ যুগ ধৰি উত্তৰ পূৱ চীনৰ হুৱাচিয়া শক্তিয়ে টাই সকলকে আদি কৰি মং মিয়াও তথা আমাৰ মিচিং সকলকো চীনৰ দক্ষিনতম কোনলৈ হস্তান্তৰিত হ'বলৈ বাধ্য কৰাইছিল ।
জিউলিৰ পৰা সৰ্বস্বান্ত হৈ ওলাই আহিলেও আজীৱন নদীপ্ৰিয় মিচিং জাতিয়ে য়ালুং আৰু য়াংজেৰ আকৰ্ষণ এৰিব নোৱাৰি তেওঁলোকৰ মোহনাবৰ্তী অঞ্চলত (সাগৰত মিলাৰ আগৰ অংশ) একত্ৰিত হৈ বসতি আৰম্ভ কৰে । হুৱাংহু নৈক সম্পূৰ্ণৰূপে হেৰুৱাৰ পাছত য়াংজেখনেই হৈ পৰিছিল দলৱদ্ধ পলাতক মিয়াও-মিচিং সকলৰ অশা ভৰসাৰ থলী ।
খ্ৰীষ্টপুৰ্ব ২২০০ শতিকাত তাও-টাই(তায়ো-টায়ে) ৰ নেতৃত্বত য়াংজেৰ নৈৰ নিম্নাংশত চান-মিয়াও নামেৰে এখন মং মিয়াও সাম্ৰাজ্য গঢ়ি উঠে । পাঁচশ বছৰ পৰ্যন্ত অটুত আছিল এই সাম্ৰাজ্য । ফলশ্ৰুতিত অতি শান্তিপুৰ্ণ ৰূপত মং মিচিং সকলেও চানমিয়াও বসবাস কৰি আছিল । পিছে চীনত গঢ়ি উঠা চিয়া সাম্ৰাজ্য আৰু সমসাময়িকভাৱে গঢ়ি উঠা চাঙ সাম্ৰাজ্যৰ উমৈহতীয়া শক্তিয়ে চানমিয়াওৰ অস্তিত্ব বিলোপ কৰে । সম্ৰাট তাও-টায়েৰ সিংহাসন আৰোহনৰ সময়ত চি-য়ুৰ বিশাল মুৰ্তি স্থাপনৰ লগতে সিংহদুৱাৰতো চি-য়ুৰ প্ৰতিমুৰ্তিয়ে সেই সাম্ৰাজ্যখন যে মং মিয়াওৰ সাম্ৰাজ্য আছিল তাৰ প্ৰমাণ ডাঙি ধৰে । তায়ু-টায়েৰ সন্দৰ্ভত আমাৰ মিচিং আবাং বোৰতো উল্লেখ থকা দেখা যায় ।
চানমিয়াও সাম্ৰাজ্যৰ পতনৰ পিছত মং-মিয়ং মিচিং সকলে পুনৰবাৰ জীৱনৰ নিৰাপত্তা বিচাৰি দক্ষিন দিশলৈ যাত্ৰা আৰম্ভ কৰে । যথাসম্ভৱ খ্ৰীষ্টপুৰ্ব তেৰশ শতিকাত তেওঁলোকে য়াংজেৰ নাতিদূৰৈত দুখন হ্ৰদৰ মাজত বসতি আৰম্ভ কৰে । হ্ৰদ দুটাৰ নাম আছিল দংতি(Dongti) আৰু প'য়াং হ্ৰদ । হ্ৰদ দুটিৰ উত্তৰ পাৰে হুবেই (চীনা ভাষাত হ্ৰদৰ উত্তৰ পাৰ) আৰু দক্ষিন পাৰে আছিল হুনান । দক্ষিন চীনত অৱস্থিত সেই হুনান খন বৰ্তমানৰ য়ুনান প্ৰদেশ বুলি জনা যায় । সেই দংতি হ্ৰদত পৰিছেহি জিয়াং নৈ , জিং-যুৱান নৈ আৰু লীয়ুন আদিৰ দৰে সৰু বৰ নৈ । দংতি হ্ৰদৰ পাৰৰ সুশোভিত জিউয়ি পৰ্বতৰ শোভাই মং মিচিং সকলক সেই স্থানত মোহচ্ছন্ন কৰি ৰাখিছিল ।
চু সাম্ৰাজ্য:
পৰৱৰ্তী সময়ত খ্ৰীঃপুঃ অষ্টম শতিকাত তাতেই আন এখন মং সাম্ৰাজ্য গঢ়ি উঠে । সেই নতুন মং ৰাজ্যখনৰ নাম আছিল চু (Chu) । এই সাম্ৰাজ্যৰ পশ্চিম দিশত গঢ় লৈ উঠিছিল শক্তিশালী জিন ৰাজ্য । উত্তৰ পশ্চিমত আছিল ঝাও ৰাজ্য । আৰু উত্তৰ দিশত আছিল শক্তিশালী হুৱা-চিয়া ৰাজ্য । তাৰোপৰি খ্ৰীঃপুঃ তৃতীয় শতিকালৈ হান , ৱেই লি , য়ান , চীন আদি ৰাজ্য গঢ়ি উঠে । সেই সকলোবোৰ ৰাজ্যই আছিল ইটোৱে সিটোৰ শত্ৰু । চু ৰাজ্যৰ বাহিৰে বাকী সকলোবোৰ যদিও হুৱা-চিয়া জনগোষ্ঠীৰে অধীশ্বৰ আছিল তথাপি শক্তি, ক্ষমতা আৰু লালসাত পৰি সিটোৱে ইটোৰ সৈতে নামি পৰিছিল ৰক্তপাত যুদ্ধত । সেয়েহে খ্ৰীঃপুঃ ৪৭৫ ৰ পৰা খ্ৰীঃপুঃ ২২১ লৈ ত যুদ্ধৰত ৰাজ্যৰ যুগ (Warring states period 475-221BC) হিচাপে পৰিগণিত হৈছিল । খ্ৰীঃপুঃ ২২১ ত চীনৰ প্ৰতাপী সম্ৰাট চীন চিং-হুৱান-দিয়ে সমগ্ৰ অঞ্চলত নিজৰ দখল স্থায়ীত্ব কৰি মং ৰাজ্য সহ আন আন ৰাজ্যবোৰক নিজৰ শাসনৰ আওতালৈ আনে । তেনেকৈয়ে এই "চু" সাম্ৰাজ্যৰো পতন হয় ।
উল্লেখ্য যে সেই সময়তে উত্তৰী চীন মংগোলীয় অঞ্চল আদিত গঢ়ি উঠা শক , হুন , পাথান , মংগোল , টাৰ্টাৰ আদি ৰাজকীয় শক্তিৰ ক্ৰমবৰ্ধমান শক্তিত ত্ৰাসিত হৈ সম্ৰাট চীন-চি-হুৱাং-দিয়ে "ৱান লী চাঙ চেঙ (Wan Li Chang Cheng)" অৰ্থাৎ দহ হাজাৰ লী দৈৰ্ঘ্যৰ প্ৰাচীৰ নিৰ্মাণৰ কাম আৰম্ভ কৰে । যাক আজি সমগ্ৰ বিশ্বই চীনৰ প্ৰাচীৰ (The Great Wall of China) । এই কাৰ্যৰ বাবে প্ৰয়োজনীয় শ্ৰমিক নিয়োগ কৰিবলৈ যুদ্ধত পৰাস্ত মং মিয়ং মিচিং সকলক আদেশ দিয়ে । অকট্য নিৰ্যাতনৰ মাজত যমৰ যন্ত্ৰনা ভুগি ভুগি শ্ৰমিকৰ কাম কৰি থকাৰ মং মিচিং সকলে অৱশেষত সেই ঠাই এৰি আৰু দক্ষিনলৈ গৈ এক সপোনৰ আৱাসভূমি সন্ধানৰ সিদ্ধান্ত লয় । তেনেকৈয়ে তেওঁলোকৰ দক্ষিনমুখী যাত্ৰা অব্যাহত থাকিল ।
এইবাৰ সেই নদীপ্ৰিয় জনগোষ্ঠীটোৱে বাট ললে কিনচা-কিয়াং নদীৰ পাৰে পাৰে দক্ষিন দিশলৈ । কিনচা-কিনয়াং নদীখন তিব্বতীয় পূৱ নামনিৰ অটব্য অৰণ্যৰ মাজেৰে বৈ গৈছে । সুদূৰ দক্ষিনত য়াংজেৰ সমান্তৰাল ভাৱে আন এখন নৈ পশ্চিম দিশত উত্তৰা-দক্ষিনাকৈ চিচুৱান আৰু য়ুনান অঞ্চলৰ মাজেৰে বৈ দক্ষিনৰ য়াংজেত মিলিত হৈছে সেয়াই য়াংজেৰ এটা উপনৈ য়ালুং-চিয়াং । এই য়ালুং-চিয়াং নৈৰ পশ্চিমে দক্ষিনলৈ বৈ যোৱা আন দুখন নদী হৈছে মেকং নৈ আৰু চালউইন নৈ । য়ালুং-চিয়াং য়াংজেত মিলিত হোৱাৰ ঠিক আগৰ অংশটোৱেই হৈছে পোবোৰগাং অঞ্চল ।
কিনচি-কিনয়াং নৈৰ পাৰেদি আহি থাকোতে হুৱাচিয়া সৈন্যৰ পৰা দৃষ্টি এৰুৱাবলৈ মং মিচিং সকল পোবোৰগাং অঞ্চলত তিথাপি লয় । অৱশ্যে য়ালুং-চিয়াঙৰ সিটো পাৰত ৰবগাং অঞ্চলতো জনগোষ্ঠীটোৰ কিছু কিছু ঠাল ৰৈ যায় । হান সাম্ৰাজ্যৰ আগ্ৰাসন,নিস্পেষন আৰু তিক্ততাৰে ভৰা জীৱনৰ অৱসান বিচাৰি মং জনগোষ্ঠীৰ প্ৰায়বোৰ ঠাল ঠেঙুলি ক'ৰবালৈ আতৰি গুচি গ'ল । মিয়াও মং জনগোষ্ঠীৰ প্ৰৱজনৰ বুৰঞ্জী প্ৰধানকৈ চাৰিখন নৈক কেন্দ্ৰ কৰি গঢ়ি উঠিছে । চালউইন , মেকং , য়াংজে আৰু য়ালুং । এই আটাইকেইখন নৈয়ে ওচৰা-উচৰিকৈ উত্তৰৰ পৰা দক্ষিন দিশলৈ বৈ গৈছে । অৱশ্যে চীনৰ এখন প্ৰধান নৈ হুৱাংহু এই চাৰিখন নৈৰ পৰা নিলগত খাম অঞ্চলৰ মাজেদি উত্তৰ পূৱমুৱা হৈ আতৰি গৈছে । উপৰুক্ত চাৰিখন নৈৰ প্ৰতিটো পাৰতে একোটাকৈ পৰ্বতমালাৰে মুঠ ছয়খন পৰ্বতমালা । য়াংজে আৰু য়ালুঙৰ মাজত দেখা যায় জালমোগাং পৰ্বতমালা । বিপৰীতে য়াংজে আৰু য়ালুঙৰে নিম্নাংশত পোৱা যায় পোবোৰগাং পৰ্বতমালা । য়ালুঙৰ পূৱদিশত আছে ৰবগাং পাহাৰ । সেই অঞ্চলত স্থানীয় খাম্ফা জনগোষ্ঠী সকলে বসবাস কৰিছিল । তেওঁলোকে য়ালুং পূৱ পাৰে জিউলিং নামে অঞ্চলত বসবাস কৰিছিল । জিউলিং বৰ্তমান গাঞ্জী আৰু খামডিং (ডাৰ্ডু) অঞ্চলৰ দক্ষিন পশ্চিম দিশত । তাৰ পৰাই কিছু দূৰৈত গোংগানচান পৰ্বতৰ এটা পৰ্যটন কেন্দ্ৰস্বৰূপ মিনয়া-কোংকা । তিব্বতীয় দ'খাম অঞ্চলৰ আটাইতকৈ উচ্ছ পৰ্বত শিখৰটোৱেই হৈছে এই মিনয়া কোংকা । সেই অঞ্চলত তেওঁলোককে প্ৰায় দেৰ শ বছৰ বসবাস কৰাৰ পাছত ঝাচুকা (ঝা-চু নৈৰ পাৰ) অঞ্চলত তিথাপি লয় । ঝাচুকাত থকাৰ সময়ত মিচিং সকলে চিয়ুং জনগোষ্ঠী আৰু কাম্বা জনগোষ্ঠীৰ সংস্পৰ্শলৈ আহিছিল । উল্লেখ্য যে কাম্বা সকলেও নিজক দঃঞি নাঃনেৰ বংশধৰ বুলিয়েই পৰিচয় দিয়ে ।
ক্ৰমশঃ ------
No comments:
Post a Comment