গাঁও - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, May 1, 2022

গাঁও

 


গাঁও

লক্ষী প্ৰসাদ ৰেগন


পুৰণি গাঁঁওখনৰ পুৰণি কথাবোৰ ইয়াত বাস কৰা

নতুন মুখৰ মানুহবোৰে একোকে নাযানে

আলি কেঁঁকুৰিত থকা শিমলুজোপা কিমান পুৰণি

নৈৰ দাঁঁতিত মৰাশবোৰ পৰি থকালৈকে

শগুনজাকে জানিছিল


গাঁঁওখনৰ নাতিদূৰত থকা জলাশয়বোৰত

কি কি মাছ আছে। এয়াও

পৰিভ্ৰমী পক্ষীজাকৰ আজিও মুখস্থ আছে


আমাৰ গাঁঁৱৰ খালৈ জুলুকি পল চালনী ধোঁৱা চাঙত উঠা

কেইবাবছৰো হ'ল

বিলখন ৰাজহুৱা হৈ থকালৈকেহে এইবোৰে

পানীত নামিছিল


গো বাটৰ মকৰাজালত লাগি জিঞা এটাৰ

ওৰে ৰাতি টোপনি ক্ষতি

কেইবাদিনো লঘুণে থকাত মকৰাৰো স্বাস্থ্যৰ অৱনতি

বুঢ়া ডাঙৰীয়াৰ ভয়তে এতিয়া এই বাটে কোনেও

বাট নোবোলে


বহু মানুহ গাঁঁও এৰি চহৰমুখী হৈছে

ঘাট মাউৰা হৈ পৰিছে গাঁঁৱৰ খেতি মাটিবোৰ

আমাৰ গাঁঁওখনলৈ কুলিজনী এতিয়াও আহে


ইয়াৰ গছ ঘৰ গোৱালি, ভঁৰাল আনকি হাঁঁহ কুকুৰাৰ

গড়াল পৰ্যন্ত পুৰণি

কিন্তু মানুহবোৰ নতুন

সময়ে আমাক পুৰণি হ'বলৈকে নিদিয়ে


আমাৰ গাঁৱৰ ওচৰে পাঁঁজৰে থকা জলাশয়বোৰৰ বয়স সুধিলে

দেউতাই ককাৰ কথা কয় ককাই আজোককাৰ


আজিকালি মৰাশবোৰ পুতি পেলোৱা হয়

তথাপি শগুনজাক আহে

বুঢ়া শিমলুজোপাত ক্ষন্তেক জিৰাই শঁতাই

খালি পেটে উভতি যায়


ফোনঃ ৮৪৮৬৭৭৩২০২


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages