এটা জিকমিক মোহক শব্দ
গৌতম মালাকাৰ
কৰিমগঞ্জ
বাপতিসাহোন 'বিহু' এতিয়া মাথোঁ
অতীত ৰোমন্থনৰ ৰোচক গল্প,
কবিতা বা অন্য সফল লেখাৰ
এটা জিকমিক মোহক শব্দ!
এতিয়া তাঁতশালৰ খিটখিটনিত
আমাৰ গাঁৱৰ ৰাতি নুপুৱায়,
তিলপিঠা, তেলপিঠা, ঘিলাপিঠা নামবোৰেও
সংগীতৰ ছন্দময় ফাঁকিবোৰহে ৰজনজনায়,
এলাগী ঢেঁকীৰ অভিমানী মৌনতাত
আইৰ আকাশ তেনেই নিজান-নিতাল!
আমাৰ আদৰৰ বিহুটি আজি
ঘূণেখোৱা ফঁটা ঢোলৰ বিলাপ,
বজাৰৰ আবেগহীন বিহুৱানখনৰ দৰেই
চেনাই, ৰূপহী, মৰমী শব্দবোৰো
নাটকীয় প্ৰলোভনৰ চঞ্চল আলাপ!
এতিয়া বিহুৰ স’তে
জাতিটোৰ স্পন্দনহীন আত্মীয়তা,
কুলিৰ মাত নুশুনা, কপৌৰ সুগন্ধ নিচিনা
আমাৰ নতুন প্ৰজন্ম
নিশ্চিহ্ন শিপাৰ
আবেগিক ব্যথাৰে দিকভ্ৰান্ত...
No comments:
Post a Comment