কাৰণ আছে ? - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, May 1, 2022

কাৰণ আছে ?

 


কাৰণ আছে ?

                      কাৰ্চাং তাকাৰ

                      লখিমপুৰ

                       


উন্মুক্ত জীৱনৰ বগা কাগজত

নীলা চিয়াহীৰ ৰংবোৰ হেৰাইছে

ৰঙা চিয়াহীয়ে ঠাই থান-বান কৰিছে 

কিয় কৰিছে নীলাক ৰঙা থুপেৰে

শব্দৰ ৰাগিবোৰ হেৰুৱাইছে 

কাৰণ...

কাৰণ আছে ?


জীৱনবোৰ দুমুখীয়া কেচুৰ দৰে

আপোন গাওঁখনলৈ নে

কংক্ৰিঠৰ হাবিখনলৈ ,মোক যদি সুধা 

মই কম কংক্ৰিঠৰ হাবিখনলৈ 

কিয়? গাওঁখনি তোমাৰ আপোন নহয়নে ?

হয়,মোৰ আপোন ঠাই ! গাওঁখনিয়েই

কিন্ত মোৰ বাবে চহৰেই প্ৰিয় ,

কাৰণ ,

        কাৰণ আছে বহুতো,

এদিন  খুলি কম সকলো,

হৃদয়ৰ লেফাফা খুলি

অপেক্ষা মাথো ডাকোঁৱালজনলৈ 

অপেক্ষা কেৱল সেই সময়লৈ 

কাৰণ

       কাৰণ আছে অসংখ্য ॥




ফোন - ৬০০২০৭৬৮৮৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages