সংক্ষিপ্ত - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, June 2, 2022

সংক্ষিপ্ত

 


সংক্ষিপ্ত

                অত্ৰেয়ী গোস্বামী


এমুঠি বালি উৰি গ’ল

দুহাত এতিয়া খালী৷


পিছল খাই ভৰিটো ভাগিল

তাত কল-বাকলি নাছিল৷


ইমান ইননি-বিননি

কোনেও নুশুনে৷


আকাশত দুখন ৰামধেনু

কোনেও নেদেখিলে৷


ক্ৰমশঃ সকলো মুক-বধিৰ

হোৱাৰ পথত,

গান্ধাৰী হোৱাৰ আখৰা৷




No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages