অফলা
অভিজিত মিলি
তোমাৰ বুকতে বিনোদন কৰিছিলো
ৰবাব টেঙাৰ বলৰ খেলা অথবা
চুইগুডো(কাবাডী),টাংগুটি খেল
সন্ধিয়া পৰত আইতাৰ সতে জোনবাইৰ মেল।
গাঁৱলীয়া ডেকা-গাভৰুৰ প্ৰস্ফুতিত হাঁহিত
ফুলিছিল অই-নিঃতমৰ ফুল,
মলয়া বতাহত জুৰ বান্ধিছিল
ইজন সিজনলৈ অনুৰাগৰ বাৰ্তা
সন্ধিয়া পৰত নদীৰ তীৰত
দিবাকৰে নিৰলে বহি মেলানি মাগে
জোন-তৰাই গা-ধুৱে লাজুকী চাৱনীৰে
উচপ খাই উঠে অৰ্থাৎ---------
নাৱৰীয়াৰ উৎকণ্ঠ চিঞৰত।
তোমাৰ বুকু ফালি চখলে চখলে
ফালে লুইতৰ নীৰ,
কাবানৰ বিননি মোৰ আত্ম-কুটুমৰ
মচিগল তোমাৰ মানচিত্ৰ।
আজিও উচুপি উচুপি উঠে বিষণ্ণতাৰ স্মৃতি
আপোন মানুহে আপোনতাক হেৰুৱা
মনৰ বেদনাময় কুল-কুল ধ্বনি
সন্ধিয়া পৰত-------------------
নদীৰ তীৰত-------------------।
হে মোৰ বুকুৰ আপোন মানুহ
দূখেৰে ভৰা জীৱন ফুলক সূখৰ কৰি
আহাঁ সকলোৱে থাকো মিলিজুলি,
আজীৱন দঃঞি পঃল থাকে মানে--------।
No comments:
Post a Comment