জীৱন শিল্পী বিষ্ণুৰাভা
মধুমিতা শৰ্মা
যাৰ এখন হাতত মাৰণাস্ত্ৰ
আনখন হাতত গীতৰ শৰাই, নৃত্যৰ গছা
সেইজন আমাৰ বিষ্ণুৰাভা।
হালোৱা-হজুৱা,গঞাক
উৎপীড়নৰ পৰা মুক্তি দিয়াৰ হকে
ধুমুহাৰ গতিত অৰঙে- দৰঙে ভ্ৰমি ফুৰা
সেইজন আমাৰ বিষ্ণুৰাভা।
যাৰ কবিতাত ফুটি উঠে
নিঃস্ব মানুহৰ আৰ্তনাদ
বাজি উঠে
কৃষক -শ্ৰমিকৰ মুক্তিৰ গান
সেইজন আমাৰ বিষ্ণুৰাভা।
যাৰ পিছে পিছে
ৰণুৱা বনুৱাৰ বিৰাট মিছিল
কৃষক ৰাইজৰ প্ৰাণৰো প্ৰাণ
সেইজন আমাৰ বিষ্ণুৰাভা।
নটৰাজ নৃত্যৰে যিয়ে
কপাইছিল বিশ্ব ভুৱন
অভিনয়েৰে কৰিছিল জনতাক মুগ্ধ
সেইজন আমাৰ বিষ্ণুৰাভা।
যিয়ে শংকৰ- মাধৱৰ যুগল ছবি
ৰং - তালিকাৰে অংকণ কৰি
ৰাইজৰ মাজত কৰিছিল বিতৰণ
অতিকৈ আদৰৰ জীৱন শিল্পী
সেইজন আমাৰ বিষ্ণুৰাভা।
No comments:
Post a Comment