কুন্ধচ
মূলঃ ৱাৰ্চন শ্যায়ৰ (কেনিয়া)
ভাৱানুবাদঃ সঞ্জীৱ সাগৰ চৌধুৰী
তোমাৰ ছোৱালীজনী কুন্ধচ
বৈ বৈ গোটেই চহৰখনক নিজৰ গৰ্ভত
এই দূৰ্বলতাক তাই ভালকৈ জানে
কেচুৱা এটিৰ দৰে মিতিৰ-কুটুমে তাইক কোলাত নল'লে
তাই স্পষ্ট কৰি দিছিল অৰণ্য আৰু সাগৰক
যে তাই সজীৱ কৰি তুলিছিল যুদ্ধৰ স্মৃতি
তাইৰ পঞ্চদশ জন্মদিনৰ দিনাখন
তুমি তাইক শিকাইছিলা
কেনেকৈ গুঠিব লাগে ৰচীৰ দৰে চুলি
আৰু আমোলমোলায় তুলিব লাগে লোবানৰ ধোঁৱাই সিবোৰ
তুমি তাইক গুলাব-জলেৰে কুলি কৰালা
আৰু তাইৰ কাহ আহিলতে ক'লা
তোমাৰ দৰে ' মকাণ্ট' ' ছোৱালীৰ পৰা আহিব নেলাগে
নিসংগতা আৰু ৰিক্ততাৰ দূৰ্গন্ধ
তুমিতো মাক হোৱা তাইৰ
তথাপি সাৱধান কৰি নিদিলা কিয় তাইক
তাইক থপিয়াই ধৰা হুহকিব ধৰা নাওঁ ধৰাদি
আৰু বুজোৱা যে পুৰুষে পচন্দ নকৰিব তাইক
যদি তাই দৃষ্টিৰ আঁতৰ হৈ থাকে মহাদ্বীপবোৰৰ দৰে
যদি তাইৰ দাঁতবোৰ হৈ থাকে সৰু সৰু উপনিৱেশবোৰৰ দৰে
যদি তাইৰ পেটটো ৰৈ যায় হৈ কোনোবা দ্বীপ সদৃশ
যদি তাইৰ উৰুদ্বয় হয় সীমান্তৰ দৰে তেতিয়া?
পুৰুষে বিচাৰে কি
তুমি মাথো পৰি থাকা
আৰু চাই থাকা জ্বলি উঠা পৃথিৱী
তোমাৰ ছোৱালীজনীৰ মুখনি
সৰু এটা বিদ্ৰোহ
তাইৰ হাতদুখনি কোনোবা গৃহযুদ্ধ
এটি শৰণাৰ্থী শিবিৰ
তাইৰ দুয়োকাণৰ পাৰ্শ্বাংশ
এটি শৰীৰ
আজৱ বস্তুৰে লুতুৰি-পুতুৰি
কিন্তু হে' ঈশ্বৰ
তাই পিন্ধি থকা নাই যে
এই পৃথিৱীখন ভালকৈ ?
No comments:
Post a Comment