সুখবোৰ ক'ত পায়
কাৰ্চাং তাকাৰ
মানুহে কয় সুখবোৰ পদূলিতেই আছে
আগবাঢ়ি যোৱা লতাৰ দৰে
কিন্তু ,তেওঁলোকেতো নাজানে সুখবোৰ পাবলৈ
জীৱন যেন সুগন্ধি ফুলৰ দৰে হব লাগিব ॥
বজাৰতো নাপায় কম দামৰ হাৱাই চেণ্ডেল
আৰু কৈছা নাইক জোতা কিনাৰ
আপুনি জানাই সুখ কিনিবলৈ
বজাৰতো সুখৰ দাম নাই
তাতেই আপুনি কৈছা জীৱনটো চলিবলৈ কেৱল টকাই নহয়।
আপুনি কথা কোৱাৰ দৰে হোৱাহেতেন
পৃথিৱীক কিমান ভাল দেখিলোহেতেন
আপুনি চিনি পোৱা ,আপুনি বেয়া পোৱা
এই যে দুখীয়া মানুহ ,ৰিক্সা চলোৱা মানুহ
বেলেগৰ ঘৰত কাম কৰা মানুহেওঁ
সুখ পালেহেতেন ?
সুখবোৰ পদূলিতেই থাকিব পাৰে ,
হয়তো বৃষ্টিৰ টোপালত আবিৰ হৈ
নতুবা পদূলিত ফুলি থকা তগৰ ফুলৰ দৰে
যেতিয়াই মন যায় সুখবোৰ পখিলাৰ দৰে শুহিবলে
কিন্তু আপুনি নাজানে যে
মানুমুনি ভালপোৱা মানুহৰ কথা,
ফটোৰ ৰসগোল্লা চায় জুতিলোৱা মানুহৰ ভাষা,
এবাৰ হয়তো ভাৱি চাব পাৰা তেওঁলোকৰ হৈ
পৃথিৱীত জীয়াই থকাটো ইমান সহজ নহয়
আৰু সেইদৰে পৃথিৱীক ভালপোৱাওঁ
তাৰপিছতো সুখবোৰ পাবলৈ
হাটে-বাটে সুখবোৰ বিচাৰি ফুৰে
কিজানিবা ! কম দামতেই সুখবোৰ কিনিব পাৰেই নেকি ??
ঠিকনা
লখিমপুৰ
ফোন : ৬০০২০৭৬৮৮৬
No comments:
Post a Comment