অপেন - চিক্ৰেট
ভুৱনেশ্বৰ বৈশ্য
ধমধমা
খবৰ কাগজ ,দূৰদৰ্শন আৰু সামাজিক মাধ্যমত বিশেষভাৱে চৰ্চিত হৈ অহা শাহু - বোৱাৰীৰ কাজিয়া , পুত্ৰ - জীয়ৰী থকাৰ পিছতো মা - দেউতাকক বৃদ্ধাশ্ৰমত আৰু পিতৃ - মাতৃক পুত্ৰ -বোৱাৰীৰ নিৰ্যাতন ইত্যাদি খবৰ পঢ়ি অনিন্দিতা বৰুৱাই নিজৰে কিবা দোষী দোষী যেন অনুভৱ হয । এইপিনে ঘৰলৈ নতুন বোৱাৰী অনাৰ চিন্তাই দেহ- মন খুলি খুলি খাইছে । সেয়েহে এই চিন্তাৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে ৰাতিপুৱা মন্দিৰত সেৱা প্ৰাৰ্থনা জনালে -হে প্ৰভু, পৰিবৰ্তন কৰা আৰু সু - চিন্তা দিয়া ......।
পিছদিনা মন্দিৰৰ পৰা বৰুৱানীয়ে আহি ভাল চিন্তা এটা মনলৈ অহা বুলি পুত্ৰক মাতি আনি কলে - বোপাধন, তোৰ বিয়াৰ উপযুক্ত সময় আহিছে,সেয়েহে ছোৱালী এজনীৰ খবৰ পাইছো।আমাৰ ঘৰখন আৰু সিহঁতৰ ঘৰখন একেলগে বহি আলোচনা কৰিম। তাত আমি আলোচনা কৰিম বৰ্তমান সমাজত চলি থকা অপেন - চিক্ৰেট কথাবোৰ। চিক্ৰেট কথাবোৰ অপেন কৰিম ,অপেন কথাবোৰ চিক্ৰেট কৰিম ।মা ,তই কিযে কথা কৈ আছা ? মই হলে একো বুজি পোৱা নাই। বুজিবৰ একো নাই বোপা । কথাটো হল - তই সিহঁতৰ মা - দেউতাকৰ দায়িত্ব লব লাগিব আৰু ছোৱালীয়ে আমাৰ দায়িত্ব লব লাগিব।এয়াই যদি হয় চিক্ৰেট গুচি অপেন হব । তেতিয়াহে তহঁতৰ সংসাৰখন সুখৰ হব আৰু আমাৰ মনত আনন্দৰ হাঁহি বিৰিঙাব।
ঠিকনাঃ
ধমধমা, নলবাৰী (অসম)
ফোনঃ -9864772393
পিন- 781349


No comments:
Post a Comment