শোটা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, July 3, 2022

শোটা



 শোটা

     ৰফিক উদ্দিন 

  ‌  ডবকা, হোজাই 


  নগেন আৰু মিস্ত্ৰীৰ কাজিয়াখন আছিল বেছ আমোদজনক!

: চাৰিখন শোটা হ'লে কেনে হ'ব? - নগেন

: পাচঁখন হ'লে ভাল হ'ব ছাৰ। - মিস্ত্ৰী

: তুমি বেছি জানা নেকি?- নগেন

: আপুনি যদি বেছি জানে মোক মাতিছে কিয়? - মিস্ত্ৰী

: মই তোমাক মাতিছো নেকি? - নগেন

: আপোনাৰ পত্নীয়ে। - মিস্ত্ৰী

: কি হ'ল অ! বাদ দিয়া এইবোৰ। আচ্ছা আপুনি কওকচোন চাৰিখন শোটা কিয় হ'ব লাগে? - নগেনৰ ঘৈনীয়েক

: প্ৰথমখন পগলা মাউতৰ, দ্বিতীয়খন দালালৰ, তৃতীয়খন তোমাৰ আৰু চতুৰ্থখন ভৰি চেলেকা কেইটাৰ। - নগেন

: তুমি কোৱাচোন পাচঁখন কিয় হ'ব লাগে। - নগেনৰ ঘৈনীয়েক

: প্ৰথমখন অন্ধ ভক্ত কেইটাৰ, দ্বিতীয়খন নিমাতী কইনাৰ, তৃতীয়খন ধৰ্মান্ধ কেইটাৰ, চতুৰ্থখন টেটুফালি চিঞৰি থকা মদাহী কেইটাৰ আৰু পঞ্চমখন... - মিস্ত্ৰী

বুজিছো বুজিছো পঞ্চমখন এওঁৰ। ঠিকেই কৈছা তুমি।

: নহয় অ' তোমাৰ! - নগেন



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages