নীলা খামৰ চিঠি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, July 3, 2022

নীলা খামৰ চিঠি



 নীলা খামৰ চিঠি



মৰমৰ,

     অনুভৱবোৰ আপোনাৰ নামতেই৷

আপুনি নহা হলেই কিজানি প্ৰেমৰ বৈতৰণীখনত উঠিবই নোৱাৰিলো হয় আৰু কি জানা অনুৰাগ শিতানত সদায় ৰাগিণী থাকিব৷সেইবাবে ধন্যবাদৰ সলনি স্বাভিমানী মৰম এটোপোলা আপোনালৈ৷

      ভালে আছা? সময়বোৰ বৰ এঢলীয়া,তোমাক বহুদিন দেখায় নাই,

মনটোত মাজে মাজে কলীয়া ডাৱৰে ঢাকি ধৰে৷মন গলেই এখন চিঠি লিখিবাচোন ভাল লাগিব,প্ৰেমিক বুলি নহলেও অচিনাকি বুলি!

       ৰাতি গভীৰ হৈ হৈ জোনটো হেৰাই যায়,চৰাইবোৰে গীত গায়,সূৰুযটোৱে গা ধুই উঠে,খুলি দিয়া খিৰিকিৰে এচাটি ৰ’দে আহি আহি মোৰ চকুত পৰে তেতিয়াও যেন অনুভৱ কৰোঁ তোমাৰ পৰশৰ৷

দীৰ্ঘদিনীয়া বাৰ্তালাপবোৰ আকৌ আৰম্ভ কৰা নাযায় নেকি?ইচ্ছা কৰিলে চোন সকলোৱেই সম্ভৱ এবাৰ তুমিও… ভালপাও তোমাক,হয়তো কথাবোৰ খোলাখুলিকৈ কব নোৱাৰোঁ কিন্তু ভালপাও তোমাক৷

         ইতি,

     তোমাৰ,…

ধনঞ্জয় ৰায়৷ধুবুৰী




ফোনঃ ৮৬৩৮৭৬৭২৮৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages