আগম মিগাং টাবুৰাম টাইদ এখনি আলেখ্য - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, July 3, 2022

আগম মিগাং টাবুৰাম টাইদ এখনি আলেখ্য


 

আগম মিগাং টাবুৰাম টাইদ

 (এখনি আলেখ্য)

জাতিৰাম কামান

গোগামুখ,ধেমাজি


      য়া হাজাৰ বছৰৰ আগৰ কথা।তেওঁলোকৰ আদি জন্মস্থান হয়তু ইয়াত নাছিল!তেওঁলোকৰ আদিম পুৰুষসকলৰ পূৰ্বতে হয়তু পৰিচিত নাছিল অসমৰ হাৱা পানীৰ লগত !পৰিচিত নাছিল তেওঁলোকৰ আদব কায়দাৰ লগত,পৰিচিত নাছিল ভৈয়ামত বাস কৰা সভ্যতা সংষ্কৃতিৰ লগত,সামাজিক ৰীতি নীতিৰ লগত,ঐতিহ্য পৰম্পৰাৰ লগত।কিন্তু এইবোৰ অতীত হল কাহানিবাই।হাজাৰ বছৰৰ আগতে স্বদেশ আৰু স্বজাতি এৰি তুষাৰাবৃত হিমভূমি গৰকি আহি ভৈয়ামলৈ গতি কৰি বৰনৈৰ পাৰে পাৰে বসবাস কৰি অসম মাতৃক আপোন কৰি  ললেহি তেওঁলোকে।লৌহিত্য বা লুইতক মিচিংসকলে বৰনৈ বুলি মাতে মৰমতে।কেৱল বৰনৈ বা লুইতেই নহয়,ইয়াৰ উপনৈ দিহিং,দিচাং,সোৱনশিৰি,ৰঙানৈ,

ধনশিৰি,বুৰৈ,জীয়াভৰলীৰ পাৰসমূহতো সিঁচৰিত হল তেওঁলোক।অসমৰ সভ্যতা সংষ্কৃতিৰ লগত মিলি গল তেওঁলোক।তেওঁলোক হল অসমৰ ভূমিপুত্ৰ,অসমত আৱহমান কালৰে পৰা বসবাস কৰি অহা দ্বিতীয় বৃহৎ জনজাতি মিচিংসকল।

    মিচিংসকল মূলতে তিব্বত বৰ্মীয় ঠালৰ তানিগোষ্ঠীৰ লোক।সমগোত্ৰীয় আদী,গাল,নিচি,আপাতানি,তাগিনসকল থাকি গল অৰুনাচলত কিন্তু মিচিংসকল হিমালয়ৰ পৰিধি ভাঙি ভৈয়ামলৈ আহি ব্ৰহ্মপুত্ৰ উপত্যাকাত থিতাপি ললেহি।

   মিচিংসকল নদীপ্ৰিয় নদীয়াল মানুহ।বৰ লুইতৰ পাৰে পাৰে তেওঁলোকৰ বসতি।লুইতৰ উপৰিও উত্তৰ আৰু উজনি অসমৰ নৈ উপনৈসমূহত বসবাস কৰা জনগোষ্ঠীটোৱেই হল মিচিংসকল।

ব্ৰহ্মপুত্ৰৰ উপনৈসমূহৰ ভিতৰত সোৱনশিৰিও এখনি সুন্দৰ নৈ।সোৱনশিৰিৰ পাৰতো মিচিংসকলৰ ঘনবসতি।সোৱনশিৰিপৰীয়া মিচিংসকলে সোৱনশিৰিক মৰমতে "অৱনৰি"বুলি মাতে।অৱনৰি হল অৱনৰিপৰীয়া মিচিঙসকলৰ হিয়াৰ আমঠু।তাঁহাতৰ বাবে সুখতো আপোন তাই, দুখতো আপোন অৱনৰি।এই অৱনৰিৰ পাৰৰ ঐতিহ্যমণ্ডিত ঘূনাসুঁতিতেই জনম,আগম মিগাং টাবু টাইদৰ।উপন্যাস সম্ৰাট ৰজনী কান্ত বৰদলৈৰ "মিৰি জীয়ৰী"খ্যাত ঘূনাসুঁতি।পানৈ জংকীৰ দেশ ঘূনাঁসুতি।টাবুৰামে সোনৰ চামুচত মুখ থৈ এই সংসাৰলৈ অহা নাছিল।তেওঁ আহিছিল যাতায়াতৰ সুচল নথকা দুৰ্গম ভিতৰুৱা অঞ্চলৰ এখন অখ্যাত গাঁৱত! তাতেই তেওঁ মেলিছিল প্ৰথম চকু, জ্ঞানৰ পোহৰ বিলাবলৈ।

   এয়া পঞ্চাচৰ দশকৰ কথা।উত্তৰ লখিমপুৰ চহৰৰ পৰা পূবে ছয়সত্তৰ কিলোমিটাৰ নিলগৰ অতি ভিতৰুৱা অয়েঙ্গীয়া গাঁৱত ১৯৪২ চনৰ ১ আগষ্টত জন্মগ্ৰহন কৰে এইজনা বৰেণ্য মিচিং শিক্ষাবিদে।পিতৃ উবাং টাইদৰ পাঁচজন পুত্ৰ সন্তানৰ নুমলীয়া পো আছিল টাবু টাইদ।লগতে দুগৰাকী ভগ্নীৰে মুঠ সাতজনীয়া দৰিদ্ৰ পৰিয়ালটো বৰ কষ্টেৰে চলিব লগীয়া হৈছিল।দুখীয়া হলেও পিতৃ উবাং টাইদে বৰপুত্ৰৰ বাদে বাকী সকলক পঢ়াশালীলৈ পঠিয়াইছিল।দুখীয়া হৈয়ো সেই সময়ত হোজা খেতিয়ক উবাং টাইদে পুত্ৰ টাবুক স্কুলত নাম লগোৱাতো সঁচাকৈ বৰ ডাঙৰ কথা।হয়তু ঈশ্বৰৰ সেয়াই ইচ্ছা আছিল।দেৱদূত সদৃশ শিশুটোৱে এসময়ত ঘূনাসুঁতিৰ ভোটা তৰাহৈ জিলিকি থাকিব বুলি কোনে ভাৱিছিল?কিন্তু সেয়াই বাস্তৱ হল।তেওঁ ঘূনাসুঁতিৰেই নহয় বৰঞ্চ অসমৰ শিক্ষাজগতত জিলিকি থকা নক্ষত্ৰসমূহৰ মাজৰ এক উজ্জ্বল নক্ষত্ৰ হৈ জিলিকি থাকিল।

     ল'ৰালি কালৰে পৰাই টাবুৰাম পঢ়াশুনাত চোকা আছিল।বুনিয়াদী শিক্ষা সাং কৰাৰ পাছত পিতৃ উবাং টাইদে উত্তৰ লখিমপুৰ চহৰলৈ টাবুৰামক পঢ়িবলৈ পঠিয়ায়।সপ্তম শ্ৰেনীত পঢ়ি থাকোতেই পিতৃৰ বিয়োগ হয়।পঞ্চাশৰ ভূমিকম্পৰ পাছত বান আৰু গঢ়া খহনীয়াৰ কবলত পৰি গাওঁখনলৈ বিপৰ্য্যয় নামি আহিছিল।তথাপি ঘৰৰ দূৰৱস্থা আৰু অতি প্ৰতিকূল অৱস্থাৰ সতে যুঁজি কঠোৰ অধ্যয়নত ব্ৰতী হৈ ১৯৫৭ চনত লখিমপুৰ চৰকাৰী উচ্ছতৰ ইংৰাজী বিদ্যালয়ৰ পৰা সুখ্যাতিৰে মেট্ৰিকৰ দেওনা পাৰ হয়।মেট্ৰিক পাছ কৰি চৰকাৰী জলপানীৰে উচ্চ শিক্ষাৰ বাবে কলিকতাৰ নৰেন্দ্ৰপুৰস্থিত ৰামকৃষ্ণ মিছন আশ্ৰমত নামভৰ্তি কৰে।১৯৬৩ চনত কলিকতা বিশ্ব বিদ্যালয় অধীনস্থ ৰামকৃষ্ণ মিছন মহাবিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত সন্মান সহ স্নাতক ডিগ্ৰী লাভ কৰে।১৯৬৪ চনত দিল্লী বিশ্ব বিদ্যালয়ত নামভৰ্তি কৰে।১৯৬৬ চনত দিল্লী বিশ্ব বিদ্যালয় অধীনস্থ হিন্দু মহাবিদ্যালয়ৰ পৰা স্নাতোকোত্তৰ ডিগ্ৰী লয়।

   ১৯৬৭ চনত কটন কলেজত প্ৰবক্তা হিচাপে যোগদান কৰে টাবু টাইদে।কটন কলেজত অধ্যাপনা কৰি থাকোঁতে বিদেশত শিক্ষাগ্ৰহনৰ বাবে জলপানী লাভ কৰি ১৯৭৪ চনত বৃটেইনৰ য়ুনিভাৰ্চিটি অৱ ৰিডিঙলৈ যায় আৰু তাৰ পৰা "প্ৰায়োগিক ভাষাতত্ব"ৰ পোষ্ট গ্ৰেজুৱেট ডিপ্লোমা লয়।তদুপৰি ব্ৰিটিচ কাউঞ্চিল ফেলোশ্বিপ ক‍াৰ্য্যসূচীৰ অধীনত ১৯৮২ চনত য়ুনিভ‍াৰ্চিটি অৱ লণ্ডন ইন্সটিটিউট অৱ এডুকেচনৰ পৰা দূৰৱৰ্তী শিক্ষা বিষয়ক চাৰ্টিফিকেট পাঠ্যক্ৰম গ্ৰহন কৰে।

   টাবু টাইদে অকল শিক্ষা বিষয়তে তেওঁৰ পৰিসৰ সীমিত কৰি ৰখা নাছিল।১৯৭০ চনত তেওঁ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হৈ ভ‍াৰতীয় প্ৰশাসনিক সেৱা আৰু বৈদেশিক সেৱাৰ বাবেও মনোনিত হৈছিল।কিন্তু দৈৱ দুৰ্বিপাশত পৰি স্বাস্থ্যজনিত কাৰণত তেওঁ সেই পদত মকৰল নহল!

  টাবু টাইদ এগৰাকী জ্ঞানপিপাসু ব্যক্তি আছিল।তেওঁ বিভিন্ন দিশত জ্ঞানৰ পাৰদৰ্শিতা দেখুৱাই থৈ গৈছে।

     একেৰাহে চৈধ্য বছৰ কটন মহাবিদ্যালয়ত অধ্যাপনা কৰাৰ পাছত অধ্যাপক পদৰ পৰা অব্যাহতি লৈ শিক্ষা বিভাগৰ উপ-সঞ্চালক পদৰ দায়িত্ব গ্ৰহন কৰে।তাৰোপৰি,পৰৱৰ্তী কালত তেওঁ ক্ৰমে SCERTৰ সঞ্চালক,অসম মাধ্যমিক শিক্ষা পৰিষদৰ সঞ্চালক,উচ্চ শিক্ষা বিভাগৰ সঞ্চালক,অসম মাধ্যমিক শিক্ষা পৰিষদৰ চেয়াৰমেন,ষ্টেট চিলেকচন বৰ্ড(হায়াৰ এডুকেচন)ৰ চেয়াৰমেন আদি পদত কাৰ্য্য নিৰ্বাহ কৰে।অৱসৰকালীন সময়ত তেওঁক অসম চৰকাৰৰ অধীনস্থ "আনন্দৰাম বৰুৱা ভাষা,কলা,সংষ্কৃতি প্ৰতিষ্ঠান"ৰ প্ৰথমগৰাকী সঞ্চালক হিচাপে নিয়োগ কৰা হয়।

    অৱসৰ কালীন কালছোৱা তেওঁ এনেয়ে বহি থকা নাছিল।স্বাস্থ্যজনিত সমস্যা থাকিও তেওঁ সামাজিক কামত সক্ৰিয় ভূমিকা পালন কৰিছিল, বিশেষকৈ ক্ৰমান্বয়ে মৰহি যাব ধৰা মিচিং ভাষাক পুনৰুত্থান কৰিবলৈ অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক নাহেন্দ্ৰ পাদুনৰ লগ লাগি ১৯৬৮ চনত 'মিচিং কৗবাঙ'ৰ জন্ম দিয়ে গুৱাহাটীত।মিচিং ভাষাৰ সংৰক্ষণ আৰু উন্নয়নৰ উদ্দেশ্যে ১৯৭২ চনত 'মিচিং আগম কৗবাং'(মিচিং সাহিত্য সভা)ৰ প্ৰতিষ্ঠা কৰে আৰু ১৯৮০ চনলৈ তেওঁ প্ৰতিষ্ঠাপক সভাপতিৰূপে কাৰ্য্যনিৰ্বাহ কৰিছিল।

  টাবু টাইদে পুত্ৰ কন্যা পৰিবাৰ আৰু বন্ধুবৰ্গৰসতে এক আঢ্যৱন্ত জীৱন যাপন কৰি লাহ বিলাহেৰে জীৱনটো অতিবাহিত কৰিব পাৰিলেহেঁতেন।কিন্তু তেওঁ আছিল ব্যতিক্ৰম!তেওঁৰ জীৱন পৰিক্ৰমা আছিল তেনেই সাধাৰন।মনিষীৰ এখন জ্ঞানৰ কুটিৰ যেন তেওঁৰ আবাসস্থল!Simple living high thinking বোলা ইংৰাজীৰ আপ্ত বাক্যষাৰী আখৰে আখৰে মিলি গৈছিল টাবু টাইদৰ ক্ষেত্ৰত।ইংৰাজী আৰু অসমীয়া ভাষাত প্ৰচুৰ ব্যুতপত্তি থকাৰ পাছতো তেওঁ নিজা কথিত ভাষা মিচিং ভাষাটো উত্তৰণ ঘটাবলৈ আহোপুৰুষাৰ্থ কৰিছিল বাবেই তেওঁক মিচিং সমাজে "আগম মিগাং"(ভাষাৰ জনক)হিচাপে বিভূষিত কৰিছে।

   তেওঁৰ সাহিত্যকৰ্ম তুলনামূলকভাৱে কম যদিও কৰাখিনিকেই তেওঁ অতি নিৰহ নিপানীকৈ কৰি অঁতাইছিল।তেওঁৰ সাহিত্যকৰ্মবোৰ হল__

১/একুঁকি নিবন্ধ/

২/মিচিং গমপিৰ কুমচুং(মিচিং শব্দকোষ)/

৩/Bani kanta Kakati,the man and his works

(ৰঞ্জিত দেৱ গোস্বামীৰ লগত যুটীয়া সম্পাদনাত)

৪/Folk songs of Misings.আদিয়েই প্ৰধান।

৫/English for Schools তেওঁ লেখা এখন সুন্দৰ ইংৰাজী অসমীয়া ব্যাকৰণ।

  টাবুৰাম টাইদে জীৱিতাৱস্থাতেই বহু সামাজিক মৰ্যদা আৰু ৰাজ্যিক সন্মান বুটলিবলৈ সক্ষম হয়।

তেওঁক মিচিং সমাজে ভাষাৰ জনক "আগম মিগাং"সন্মান যঁচাৰ লগতে অসম ৰাজ্যিক সন্মান ক্ৰমে বাসুদেৱ জালান বঁটা,চুকাফা বঁটাৰে বিভূষিত কৰা হৈছে।ঘূনাসুঁতি আৰু সোৱনশিৰিৰ ৰাইজে "অৱনৰি দগনৗ" অৰ্থাৎ "সোৱনশিৰিৰ মণি" উপাধিৰে বিভূষিত কৰিছে তেওঁক।তেওঁ অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ হিচাপেও সন্মানিত।

  টাবু টাইদ আজীৱন শিক্ষাকৰ্মত জড়িত হৈ ভাষা সাহিত্য চৰ্চা কৰাতেই ক্ষান্ত নাথাকি সংষ্কৃতিৰ পথাৰতো নিজকে আত্মপ্ৰকাশ কৰিছিল।

  অনাতাঁৰ কেন্দ্ৰ যোগে প্ৰচাৰিত কেবাটিও মিচিং লোকগীত গোৱাৰ উপৰিও ৰেকৰ্ডিঙো কৰি থৈ গৈছে তেওঁ।


   আচি জিলি জিলিক/মিকচি জিলি জিলিক

   আচি জিলি পৃনয়ৗপৗ/মিকচি জিলি পৃনপৗমা

    চিকাং অৗমলা মৗঃপৗচৃন আগদৗমই কাঃবেগমা

    তুৰদুং অৗমলা মৗঃপৗচৃন য়ালদৗমই কাঃবেগমা


ভাৱাৰ্থ:-জলধাৰাও ধাৰা/অশ্ৰুধাৰাও ধাৰা

            জলৰধাৰা হয়তু শুকাব

             কিন্তু অশ্ৰুৰ ধাৰা নুশুকায়!

        মৰিল বুলি কবলৈও মৰিশালি দেখা নাপাওঁ

    জীয়াই আছে বুলিবলৈও ছাঁটোকে দেখা নাপাওঁ


এয়া পৰম্পৰাগতভাৱে চলি অহা সুন্দৰ ঐনিতম।সংগীত পিপাসু টাবু টাইদৰ এয়া অতি প্ৰিয় অইনি:তম আছিল।তেওঁৰ কন্ঠইদি এই ঐনিতমটি নতুন ৰূপত উদ্ভাসিত হৈছে।এইবোৰ অইনিঃতম হল মিচিং সংষ্কৃতিৰ ধব্জাবাহক লোক সংগীত।এই অইনি:তমবোৰ সংৰক্ষণ কৰাত তেওঁৰ ভূমিকা অনস্বীকাৰ্য ।

    ৰুগ্ন দেহাৰে তেওঁ আৰু কিছুগীত সংৰক্ষণ কৰি গৈছে।গুৱাহাটীৰ এফবি ট্ৰাষ্টৰ সৌজন্যত "বাৰেবৰণীয়া অসম"নামৰ এলপি ৰেকৰ্ডিং জ্যোতি চিত্ৰবনত কৰা হৈছিল ১৯৮৪ চনত।তাৰেই মিচিং লোকগীত বিভাগত অনাতাঁৰ শিল্পী ৰীতা দেৱী মেদকৰ সতে তেওঁ গাইছিল জ্যোতিচিত্ৰবনত শীতৰ দোভাগ নিশা এইবুলি_____


   কেদাং কম্বং পুনকদ/অকুমইয়া আচঙ্ ক

   কাজে মলা:বজে অইয়া ঙয়িক দুংক ক

    কাজে মলা:বজে ঐয়া ঙনয়িক দুংক ক

আচিজিলি বৃতক বৃতকল বৃতমৃন লাঃবজে

লৃগাং অৗচাৰ চাৰ ক চাৰকল চাৰমৃন লাঃবজে

পঃল তাকাৰ কাৰকামপৗ কাৰমৃন লাঃবজে


ভাৱাৰ্থ:-বসন্তৰ বাহ লাগি কপৌফুলে শুৱনি কৰা জেগাত আঁহা আমি দুয়ো ঘৰ এটি সাজো/আঁহা দুয়ো আমি ঘৰ সাজি থাকোঁ.....

জিৰি জিৰি নিজৰাৰ সতে বলা দুয়ো বৈ যাওঁ

ফাগুনৰে বাহ বলা বতাহৰ সতে মিলি যাওঁ বলা

জোন তৰাৰ দৰে দুয়ো জিলিকি থাকোঁ আহাঁ....


   এইশাৰীও তেওঁ বিৰচিত এটি জনপ্ৰিয় মিচিং অইনিঃতম।মিচিং ঐনিতম হল মিচিং সংষ্কৃতিৰ প্ৰধান উপাদান।অইনিঃতম হল বিহুসুৰীয়া মিচিং লোকগীত।এই লোকগীতসমূহ কেতিয়া কেনেকৈ আৰম্ভ হল তাৰ সঠিক তথ্য নাই যদিও মিচিংসকল ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰা দিন ধৰি হয়তু কোনোবা গৰখীয়া ডেকা বা পানী আনিবলৈ যোৱা কনেঙৰ কন্ঠত প্ৰাণ পাই উঠিছিল!অথবা মুনিহ তিৰোতাৰ সমূহীয়া ৰং ধেমালীত গীত আকাৰে মুখৰ হৈছিল!

তেখেতে ব্ৰহ্মপুত্ৰৰ ইপাৰ সিপাৰৰ মানুহখিনিকো ৰোমান্টিক প্ৰেমৰ গীতৰ চলেৰে স্নেহৰ বান্ধোনেৰে বান্ধিব খুজি মনৰ বেদনা প্ৰকাশ কৰিছে এইদৰে__


   নওৱৗ কেকন দ ঙওৱৗ কেকন চ

   কাঃবেগ মৃনচুমাং তাতবেগ মৃনচুমাং

   আচৃনাং অনামৗ অইয়া.......


ভাৱাৰ্থ:-তুমি সিপাৰত ময়ো ইপাৰত

          দেখাও নাপাওঁ শুনাও নাপাওঁ

           ঘনাই মনত পৰে তোমালৈ চেনেহী

গীতফাঁকি সাধাৰন দৃষ্টিত প্ৰেমিকে প্ৰেমিকাৰ উদ্দেশ্যি গোৱা যেন লাগিলেও ইয়াৰ মাজেদি ফুটি উঠিছে নৈয়ে ভাগ কৰা উত্তৰপৰীয়া আৰু দক্ষিনপৰীয়া মিচিং সমাজত থকা সহজাত পাৰস্পৰিক টান।

     তেওঁ বিৰচিত অন্য এটি গীতত নৈপৰীয়া মিচিঙসকলৰ জীয়াই থকাৰ ছবি ফুটি উঠিছে___


আঃনৗ আৰাইপৗ মৗ:নাম অল্লুঙৗ

অইয়ৗ ঙনয়িম য়ুদবম দুঙানৗ

আঃনৗ আচি বৃতক বৃতকল

অইয়ৗ ঙনয়ি বৃদমৃন দুঃব:নৗ


ভাৱাৰ্থ:- মৰমেৰে সজা নাওঁখনি নৈৰ সোঁতে সোঁতে

         চেনাই ঐ আমি দুটিকো উটুৱাই নিছে ঐ

        নৈ'ৰ সোঁতে সোঁতে আমি দুয়ো উটি গৈ

        আছোঁ ঐ চেনাই আমি দুয়ো উটি আছো গৈ

নৈ আৰু নাওঁ মিচিং সকলৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত।নদীক ভালপোৱা মিচিঙৰ প্ৰায়বোৰ ঘৰতেই নাওঁ থাকে বাৰিষাৰ সাৰথি হিচাপে।

     পিছ পৰি থকা সমাজৰ কথা চিন্তা কৰি নব প্ৰজন্মক উদ্বু্দ্ধ কৰিবলৈ তেওঁ লিখিছিল___


য়াঃমেআ মৃমবৃৰা

য়াম্প য়াম্প অৗমলা

য়াম্পপৗ ঙলু দুঃমৃল

লৃঃনৗ দঃঞি অৱায়ে

ঙলুক য়াম্প কৗময়ে

চুপাগ আচুপ মৗতকা

চুপাগ ইৰ্ৰই অৗমতকা

দমৃৰ আমং জিন-গৗয়ে

আদিয়েচিন বেন-গৗয়ে


ভাৱাৰ্থ:-অ ডেকা গাভৰুৰ দল

           কালিলৈ কালিলৈ বুলি

           যদি সময়বোৰ পাৰ কৰোঁ

          ৰঙা বেলি মাৰ যাব

          আন্ধাৰ হব আমাৰ

          আগন্তুক দিনবোৰ।

বিচনা এৰা,জাগা জাগা

আকাশ বতাহ কঁপি যোৱাকৈ

ইৰ্ৰই বুলি চিঞৰা,

পাহাৰ খহি যোৱাকৈ

ব্ৰজ নিনাদ কৰা।


ইয়াতেই প্ৰকাশিত হৈছে নিজৰ সমাজৰ মানুহখিনিৰ প্ৰতি থকা তেওঁৰ ভালপোৱা।আজিৰ যুৱ প্ৰজন্ম হল সমাজৰ ভৱিষ্যত।কাজেই তেওঁ যুৱক যুৱতীসকলক উদ্দেশ্যি আকৌ লিখিছে___


য়াঃমেআ মৃমবৃৰা লেনতকা

অৃৰঅপৗ দাকৰৗম কৰতকা

দঞি পঃল তাকাৰকৗ দলুঃঙৗম

আনু অৗচাৰ চাৰমলাঃপৗ দুংকদৗম

ঙলুচৃন কাংকৃলাঃজে কাঃমানৗম

ঙলুচৃন দৗংকৃলাঃজে দৗঃমানৗম

অৗ  দৗঃমানৗম....


ভাৱাৰ্থ:- ওলাই আহা ডেকা গাভৰু

           একলগে আগ বাঢ়া

         জোন বেলি তৰাৰ দেশত

        ন সমীৰণ বোৱাই ন দিগন্ত ৰচোঁ আহাঁ

       নেদেখা নুশুনা কথাবোৰ চাওঁ আৰু শুনো

      উন্নতিৰ জখলাত বগাই দিগন্ত ভ্ৰমি ফুৰোঁ


আৰু অনেক ৰচনা আছে টাবু টাইদৰ।তেওঁৰ প্ৰতিটো ৰচনাতেই পোৱা যায় সমাজ সচেতনতাৰ আভাস।নিজৰ জাতি আৰু সংষ্কৃতিক ভালপোৱাৰ স্বতঃস্ফূৰ্ত বৰ্হিপ্ৰকাশ ঘটে তেওঁৰ ৰচনাত।

    টাবুৰাম টাইদ আৰু কিছুকাল জীয়াই থকা হলে মিচিং ভাষা আৰু কলা-সংষ্কৃতিৰ বিষয়ে আৰু গভীৰভাৱে হয়তু গৱেষণা কৰিলেহেঁতেন!কিন্তু সকলো নিয়তিৰ হাতৰ পুতলা।মিচিং সমাজৰ সেইজনা পুৰুধা ব্যক্তিয়ে ২০১৯ বৰ্ষৰ ১৭ আগষ্টত নশ্বৰদেহ ত্যাগ কৰে।এৰি থৈ যায় পত্নী,পুত্ৰ কন্যা জোঁৱাই বোৱাৰী নাতি নাতিনী লগতে অসমৰ সমগ্ৰ অনুৰাগী,বিশেষকৈ স্নেহৰ মিচিং সমাজখন।থাকি গল তেওঁৰ অক্ষয় কীৰ্তি।ৰাজ্যিক মৰ্য্যদাৰে অন্যেষ্টিক্ৰিয়া কৰা হল ডেকাকালত কটোৱা তেওঁৰ অতিকৈ আপোন ঠাই ধেমাজিৰ গোগামুখত।

   ভাগি গ'ল বীনখনি ছিগি গল তাঁৰ

   অৱশেষ মাথোঁ ৰল অমিয়া জোঁকাৰ।

গোগামুখৰ মিচিং কৃষ্টি ভৱনৰ আবুতানি লত্তাত নিৰৱে নিৰলে চিৰদিনৰ বাবে শুই গল টাবু টাইদ,ভাষাৰ সাধক টাবু টাইদ,জ্ঞানৰ পুজাৰী টাবু টাইদ,গুৱাহাটীবাসী সুধীসমাজৰ পৰিচিত ভদ্ৰলোক টাবু টাইদ,মিচিং ভাষাৰ জনক আগম মিগাং টাবুৰাম টাইদ,ঘূনাসুঁতিৰ মহীৰূহ,অৱনৰিৰ মণি টাবুৰাম টাইদ।হে জ্ঞানৰ পূজাৰী,শিল্পী,তোমাক সশ্ৰদ্ধ প্ৰণাম॥


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages