সন্তানৰ পৰা পিতৃ- মাতৃয়ে কি বিচাৰে
নেহেৰু পেগু
সন্তানৰ পৰা পিতৃ-মাতৃয়ে কি বিচাৰে - এই প্ৰশ্নটো নিজে বাপেক হোৱাৰ আগলৈকে কোনোদিনেই আমি নিজকে সুধি চোৱা নাছিলোঁ; মনলৈও অহা নাছিল। পিচে এতিয়া ল'ৰা-ছোৱালীবোৰ ডাঙৰ হোৱাৰ পিছত এই প্ৰশ্ন এবাৰ কিয় ; বাৰম্বাৰ মনলৈ আহে। অহাতো তেনেই স্বাভাৱিক। সিঁহতৰ কথা-বাৰ্তাই ,সিঁহতৰ চলন-ফুৰণে,সিঁহতৰ আচাৰ ব্যৱহাৰে কেতিয়াবা চিন্তাত পেলায়। মনটো সন্দিহান কৰি তোলে- এনেকুৱাকৈ মই সিঁহতক ডাঙৰ কৰিলোনে ? কি সংস্কাৰ শিকালোঁ সিঁহতক ? মানুহৰ সমাজত সিঁহত মানুহ হৈ মানুহৰ দৰে জীয়াই থাকিব পাৰিবনে ?
এয়া চিৰন্তন সত্য যে সকলো পিতৃ- মাতৃয়ে সন্তানৰ জৰিয়তে গৌৰৱাম্বিত হ'ব বিচাৰে। শিক্ষানুষ্ঠানৰ অভিভাৱকৰ সভাত স্কুলপ্ৰধানজনে যদি বহুজনৰ আগত আপোনাৰ ল'ৰাৰ প্ৰশংসা কৰে তেন্তে পৃথিৱীৰ সবাতোকৈ সুখী মানুহজন ক্ষণিকৰ বাবে হলেও আপুনিয়ে হ'ব। কাৰোবাৰ মুখত যদি আপুনি আপোনাৰ ল'ৰাৰ গুণ-গৰিমা শুনে - 'অমুকৰ ল'ৰা বৰ অমায়িক, ব্যৱহাৰ-পাতিও বৰ ভাল' তেতিয়া আপোনাৰ বুকুখন অলপ হ'লেও ফুলি উঠিব। আপোনাৰ ল'ৰা যদি মেট্ৰিকত অসমৰ ভিতৰত প্ৰথম স্থান লৈ উত্তীৰ্ণ হ'ল
আৰু আপোনাৰ সমুখত টি.ভি. ৰ সাংবাদিক উপস্থিত হৈ যদি সোধে- 'আপোনাৰ কেনে লাগিছে ' এনে কোনো পিতৃ-মাতৃ নোলাব যি বেয়া লাগিছে বুলি ক'ব। তাতোকৈ আৰু ওপৰত আপোনাৰ সন্তানে যদি আই.এ.এচ. পায় তেতিয়াতো কথাই নাই ! কিয়নো সন্তান যেতিয়া মাক বাপেকৰ আঙুলিত ধৰি পঢ়াশালীলৈ যায়, মাক বাপেকৰ সপোনো সমান্তৰাল ভাবে কল্পনাৰ আঙুলিত ধৰি আগবাঢ়ে। কামনা কৰে, মোৰ সন্তান সকলোৰে শীৰ্ষত অৱস্থান কৰক। এয়া হ'বলৈ হ'লে সৰুৰ পৰাই কিছুমান ভাল অভ্যাস লাগিব। লগ-সংগ ভাল হ'ব লাগিব। পৰিবেশো ভাল হ'ব লাগিব। কিয়নো বহু ল'ৰা-ছোৱালী সংগদোষত বেয়া হয়। ভাল বন্ধুৱে সৰগৰ দুৱাৰলৈ লৈ যাব পাৰে; কিন্তু বেয়া বন্ধুৱে নৰকৰ বাটলৈহে লৈ যায়। এয়া মনত ৰখা উচিত যে নৰকৰ পথ তেনেই ওচৰ;সুগম। কিন্তু সৰগৰ পথ বহু দূৰ আৰু দুৰ্গম।অৰ্থাৎ ভাল হবলৈ বৰ কঠিন; কিন্তু বেয়া হ'বলৈ কত পৰ !
সকলো পিতৃ- মাতৃয়ে একান্তভাবে কামনা কৰে সন্তানে নিজে খুটি খাব পৰা হওঁক। অৰ্থাৎ সন্তানৰ কিবা নহয় কিবা এটা সংস্থাপন হওঁক;স্বাৱলম্বী হওঁক। কিয়নো পিতৃ-মাতয়ে জীৱিত কালতেই আশ্বস্ত হ'ব বিচাৰে যে তেওঁলোক নাথাকিলেও সন্তানে খাই-বই জীয়াই থাকিব পাৰিব। এই সকলোবোৰ হোৱাৰ পিছত পিতৃ-মাতৃয়ে আকৌ আশা কৰে তেওঁলোকৰ পচন্দৰ কন্যা এগৰাকী বোৱাৰী হৈ আহক বা ভাল চৰিত্ৰৱান পাত্ৰত ছোৱালীজনীৰ বিয়া হওঁক। দৰাটো বা বোৱাৰী গৰাকী দেখাই শুনাই, কাজে কামে , কথাই বাৰ্তাই সুন্দৰ হওঁক। পৰিয়াল, ওচৰ চুবুৰীয়া, সম্পৰ্কীয় মানুহৰ স'তে সুসম্পৰ্ক ৰক্ষা কৰি চলক। সকলোকে শ্ৰদ্ধা কৰিব জনা হওঁক।
আজিকালি এনে বহু একক পৰিয়াল আছে যি বহু দুৰৰ পৰা বাটকুৰি বাই খা-খবৰ লবলৈ অহা আপোন জনক সন্তানে মাত এষাৰ দিবলৈ ওলাই নাহে। মাক দেউতাকেও এই বিষয়ত বৰ গুৰুত্ব দিয়া দেখা নাযায়। এয়া যেন আভিজাত্যৰ পৰম্পৰাহে। সংস্কৃতিবান পিতৃ-মাতৃয়ে সন্তানে যদি এনে কৰে বৰ কষ্ট পায়। কিয়নো মা-দেউতাও যেতিয়া সৰু হৈ আছিল তেতিয়া এই সম্পৰ্কীয় লোকসকলৰ মৰম-চেনেহৰ কোলাত আৰু আপডালৰ মাজতে তেওঁলোকো ডাঙৰ হৈছিল।সেয়েহে সকলো সংস্কৃতিবান মাক-দেউতাকে সন্তানৰ পৰা এই আশা ৰাখে যে আমাৰ সন্তানে আমাৰ সম্বন্ধীয় সকলৰ সৈতে সুসম্পৰ্ক ৰাখক। 'সংস্কৃতিবান' শব্দটো লেখাটোত বাৰে বাৰে এইবাবেই ব্যৱহাৰ কৰিছোঁ এই কাৰণেই যে আজিকালি চহৰে নগৰে এনে কিছুমান মানুহ বাস কৰে যাৰ ঘৰলৈ আপোন বা সম্পৰ্কীয় মানুহ অহা দেখা নাযায়। আচলতে এনে মানুহবোৰে সম্বন্ধীয় অহাতো আপদ বুলি ভাবে আৰু তেওঁলোকে কামনাও নকৰে। এয়া বস্তুবাদী সমাজৰ নেতিবাচক প্ৰভাৱ বা বৰ্তমানৰ সমাজত দেখা দিয়া ডাঙৰ অভিশাপ। এনেবোৰ কামে বাৰ্দ্ধক্যৰ সময়ত অৱশ্যেই মানুহঘৰক অসম্ভৱ পীড়া দিয়ে যাৰ বাবে তেওঁলোকৰ স্বাস্থ্য আৰু সামাজিক সম্পৰ্কৰ ওপৰতো ইয়াৰ কুপ্ৰভাব পৰে । এনে মানুহক বহুমূত্ৰৰোগ, প্ৰেচাৰ ,হাৰ্টৰ অসুখ আদি সহজে পায় আৰু জীয়াই থকাটোৱেই তেওঁলোকৰ বাবে নৰক হৈ পৰে।
মা-দেউতাই সকলোৰে স'তে ভাল সম্পৰ্ক ৰখাতো কিয় বিচাৰে ?.
কিয়নো তেওঁলোকে সন্তানক সুখী হোৱাতো কামনা কৰে। সুখী জীৱন কটোৱাৰ মুখ্য চৰ্তটোৱোই হ'ল সুস্বাস্থ্য আৰু উন্নত সামাজিক জীৱন। স্বাস্থ্য হৈছে জীৱনৰ পৰম ধন। সেয়েহে সুস্বাস্থ্য আৰু সুস্থ সামাজিক পৰম্পৰা ৰক্ষা কৰি জীৱন নিৰ্বাহ কৰাতো তেওঁলোকে বিচাৰে।
সকলো পিতৃ-মাতৃয়ে সন্তানৰ কল্যাণৰ বাবে যিকোনো পৰিস্থিতিত যিকোনো কাম কৰিব পাৰে।তাৰ বিনিময়ত তেওঁলোকে সন্তানৰ পৰা কিবা আশা কৰেনে ? তেওঁলোকে সন্তানৰ পৰা ধন-দৌলত একো আশা নকৰে।সন্তানৰ কুশলবাৰ্তাই তেওঁলোকৰ সঞ্জীৱনী সুধা। হাতত ফুটাকড়ি এটিও নাই; অথচ মাতৃয়ে সোধে- বাচা,তোমাৰ যাবলৈ পইচা পাতি আছেনে নাই ? এয়াই হ'ল আমাৰ সকলোৰে চিৰকল্যাণকামী জন্মদাতা।
তেওঁলোকে বিনিময়ত একো আশা নকৰিলেও কিন্তু সন্তানৰ পৰা অৱশ্যেই মৰম আৰু শ্ৰদ্ধা আশা কৰে। বহু সময়ত সন্তানে বিভিন্ন অজুহাতত পিতৃ-মাতৃক ৰূঢ় ব্যৱহাৰ কৰে;কটু কথা শুনায়।পিতৃ-মাতৃক সিঁহতৰ সুখৰ ৰাস্তাৰ বোজা বুলি ভাবে। আনকি বৃদ্ধ বয়সত নিজা ঘৰৰ পৰাও বাহিৰ কৰি দিয়ে। এয়া নিতান্তই গৰিহণাযোগ্য কাম। এনেবোৰ স্বাৰ্থপৰ সন্তান সমাজৰ কলংক। এনে সন্তানে নিজৰ ল'ৰা-ছোৱালীৰ পৰা ভৱিষ্যতত যে একে ব্যৱহাৰযে পাব সেয়া খাটাং।
No comments:
Post a Comment