সৈনিক শিল্পী
বিষ্ণু প্ৰসাদ ৰাভা দেৱৰ চমু জীৱনীৰ আভাস ...
মিনু হাজৰিকা
সুন্দৰৰ পূজাৰী বিষ্ণু প্ৰসাদ ৰাভা দেৱৰ জন্ম হৈছিল জানুৱাৰী ৩১,১৯০৯ ঢাকা বেঙ্গঁল প্ৰেসিডেন্সিত ৷ দেউতাকৰ নাম গোপাল চন্দ্ৰ ৰাভা ৷ তেওঁ সেনা বাহিনীৰ উচ্চ পদস্থ বিষয়া আছিল আৰু অসম ৰেজিমেণ্টৰ ঢাকাত কৰ্মৰত আছিল ৷ তেওঁৰ সাতবছৰ বয়সতে দেউতাকৰ মৃত্যু হৈছিল ৷ পঢ়া শুনাত বিষ্ণু প্ৰসাদ ৰাভা অত্যন্ত মেধাবী ছাত্ৰ আছিল ৷ তেওঁ তাহানিৰ দৰং জিলাৰ ভিতৰতে প্ৰথম হৈ মেট্ৰিক পৰীক্ষা পাছ কৰিছিল ৷ সৰুৰে পৰা সংগীত সাহিত্য চৰ্চা কৰাৰ উপৰিও খেল ধেমালীতো পাৰ্গত আছিল ৷ হাইস্কুলৰ অষ্টম শ্ৰেণীত পঢ়ি থাকোতেই তেজপুৰ ফুটবল খেলত খেলাৰ সুযোগ লাভ কৰিছিল ৷ ১৯২৬ চনত তেওঁ তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয় ৷ এই পৰীক্ষাত সকলো পৰীক্ষাৰ্থীৰ ভিতৰত সৰ্ব্বোচ্চ নম্বৰ লাভ কৰাৰ বাবে তেওঁক " কুইন এমপ্ৰেছ" পদক লাভ কৰে ৷
কলেজীয়া শিক্ষা গ্ৰহণৰ বাবে তেওঁ কলিকতালৈ যায় ৷ ১৯২৮ চনত তেওঁ চেন্টপল কলেজৰ পৰা প্ৰথম বিভাগত আই এছ ছি পাছ কৰে ৷ ১৯২৯ চনত স্বাধীনতা আন্দোলনৰ পৰিপেক্ষিতত কলেজৰ বিভাগত স্নাতক শিক্ষা আৰম্ভ কৰে ৷ তেতিয়া ছাত্ৰবাসত পুলিচৰ নিৰ্যাতন আৰম্ভ হোৱাত ৰাভাই কোচবিহাৰৰ ভিক্টোৰিয়া কলেজ বৰ্তমানৰ। আচাৰ্য ব্ৰজেন্দ্ৰ নাথ শীল কলেজত নাম লগায় ৷ পঢ়ি থকা কালতেই তেখেতে ভাৰতৰ স্বাধীনতা সংগ্ৰামত নামি পৰে আৰু চি পি আই বা ভাৰতৰ বিপ্লৱী সাম্যবাদী দলত যোগ দিয়ে ৷ কোচবিহাৰতো তেখেতে স্বাধীনতা আন্দোলনত যোগদান কৰে আৰু সেই অপৰাধত কলেজ কৰ্তৃপক্ষই বাধ্যতামূলক বদলিৰ নিৰ্দেশ দিয়াত ৰংপুৰৰ কলাবিভাগৰ চতুৰ্থ বাৰ্ষিকত নাম ভৰ্ত্তি কৰে ৷ ইয়াতো আৰক্ষী তেখেতৰ পাছত পৰাত তেওঁ পঢ়া আধাতে এৰি দি ১৯৩১ চনত ঘৰলৈ ঘূৰি আহে ৷
কোচবিহাৰৰ সৰ্বেসৰ্বা এজন বৃটিছ বিষয়াই তেওঁৰ চৰকাৰী বাসভৱনৰ মূধচত সকলো সময়তে এখন বৃটিছ পতকা উৰুৱাই ৰাখিছিল ৷ এদিন ৰাতি বিষ্ণু প্ৰসাদ ৰাভা দেৱে সেই পতকা খন এৰোৱাই সেই ঠাইত ভাৰতৰ পতকা এখন আৰি থৈ আহিছিল ৷ এই কামৰ বাবেই বিট্ৰিছ চৰকাৰৰ পুলিচ আৰু চোৰাংচোৱাই তেওঁক বিচাৰি আছিল ৷ তাৰ বাবে তেওঁ কোচ বিহাৰ এৰি অসমৰ গাৱেঁ ভূঁঞে ঘূৰি ফুৰিছিল ৷ চৰকাৰ আৰু পুলিচ বিভাগে বিষ্ণু প্ৰসাদ ৰাভা দেৱৰ বাবে ১০,০০০ টকা ঘোষণা কৰিছিল ৷
১৯৪৮ চনৰ পৰা ১৯৫৩ চনলৈ বিষ্ণু প্ৰসাদ ৰাভা দেৱে অজ্ঞাত থাকিব লগীয়া হৈছিল ৷ বিষ্ণু প্ৰসাদ ৰাভা দেৱৰ জীৱনৰ যথাৰ্থ মূল্যায়ন হৈছে বুলি এতিয়াও কব নোৱাৰি ৷ তেখেতৰ অসাধাৰণ প্ৰতিভাৰ বাবেই সকলো ধৰণৰ মানুহ তেওঁৰ ওচৰলৈ মোহিত হৈ আহিছিল ৷ তেওঁৰ লগত জনসাধাৰণৰে আশা আকাঙ্খাৰ সংগতি বিচাৰি পাইছিল ৷ বিষ্ণু প্ৰসাদ ৰাভাৰ জীৱনৰ লক্ষ্য আৰু আদৰ্শ সাধাৰণ মানুহৰ প্ৰতিবিম্ব স্বৰূপ আছিল ৷ কৃষক বনুৱা আৰু মানুহৰ জীৱনৰ উন্নত কৰাটো ৰাভাদেৱৰ আকাঙ্খাৰ ভিতৰত আছিল ৷ সেই বাবে তেওঁ গাইছিল " ব’ল ব’ল ব’ল ব’ল কৃষক শক্তি দল , অ’ বনুৱা সমনীয়া আগবাঢ়ি যাওঁ ব’ল ৷"
বিষ্ণু প্ৰসাদ ৰাভা দেৱ আছিল সমন্বয়ৰ প্ৰতীক ৷ তেখেতৰ জীৱনৰ কালছোৱাত গুৰুত্ব পূৰ্ণ কাল কৰিছিল ৷বৰ্তমান বাংলাদেশ আৰু তেওঁ যি গোষ্ঠীৰ মানুহ আছিল সেই গোষ্ঠীৰ বহুতেই অসমীয়া ভাষা নাজানিছিল ,কিন্ত তেওঁ যেনেদৰে জনগোষ্ঠীৰ লগত অতি নিবিড় ভাবে মিলি যাব পাৰিছিল তেনেদৰে আন কোনো অসমীয়াই মিলিব পৰা নাছিল ৷ ইয়াতেই তেওঁৰ অসাধাৰণ ব্যক্তিত্বৰ পৰিচয় পোৱা যায় ৷
১৯৩৫ চনত যোৰহাটৰ প্ৰিয়লতা দত্তৰ সৈতে ৰাভা দেৱৰ বিবাহ হয় ৷ বিয়াৰ ছয়মাহ নৌহওঁতেই তেওঁৰ পত্নীৰ মৃত্যু হয় ৷ পত্নীৰ স্মৃতিত " পৰজনমৰ শুভ লগনত" শীৰ্ষক বিখ্যাত গীতটি ৰচনা কৰে ৷
বিষ্ণু ৰাভা দেৱে মাধৱচন্দ্ৰ বেজবৰুৱাৰ দ্বাৰা
১৯৫১ চনত বিষ্ণুৰাভাই নলবাৰী বেলশৰৰ নবীনচন্দ্ৰ মেধিৰ কন্যা কনকলতা মেধিক বিবাহ কৰায়৷ তাৰ পিছত তেওঁৰ দুটি পুত্ৰ সন্তান জন্ম হয় ৷ পৃথ্বীৰাজ ৰাভা আৰু হেমৰাজ ৰাভা ৷ পৃথ্বীৰাজ ৰাভা বৰ্তমান তেজপুৰ সমষ্টিৰ বিধায়ক ৷
১৯৬২ চনত কনকলতা মেধিৰ মৃত্যুৰ পিছত বিষ্ণু ৰাভাই কোকৰাঝাৰ জিলাৰ গোসাঁই গাওঁ অঞ্চলৰ ভাওৰাগুৰি গাৱঁৰ মোহিনী বালা বসুমতাৰীক বিয়া কৰায় ৷
মাধৱচন্দ্ৰ বেজবৰুৱাৰ দ্বাৰা সম্পাদিত "বাহী" আলোচনীৰ চিত্ৰলেখা বিভাগটো পৰিচালনা কৰিছিল ৷ জ্যোতিপ্ৰসাদৰ লগ লাগি ১৯৩৫-৩৭ চনত ৰাভাদেৱে "জয়মতী" আৰু শোণিত কুঁৱৰী " নাটকৰ বাণীবদ্ধ ৰূপ প্ৰস্তুত কৰিছিল ৷ ১৯৩৯ চনত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণ ক্ৰমে বাৰানসীত " তান্ডৱ নৃত্য " প্ৰদৰ্শন কৰি খ্যাতি অৰ্জন কৰে ৷ ইয়াতেই সৰ্বপল্লী ৰাধাকৃষ্ণণে তেখেতক " কলাগুৰু" উপাধি প্ৰদান কৰে ৷ বিষ্ণু ৰাভাৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰে ২০ জুন তাৰিখটো " বিষ্ণুৰাভা দিৱস " ৰূপে পালন কৰা হয় ৷ তেখেতৰ জন্ম শতবাৰ্ষিকী উপলক্ষে ৩১-০১-২০০৯ তাৰিখে ভাৰত চৰকাৰে এটি বিশেষ ডাকটিকট উন্মোচন কৰে ৷ তেখেতৰ স্মৃতিত সাংবাদিক তিলক দাসে " বিষ্ণুৰাভা এতিয়া কিমান ৰাতি " (গ্ৰন্থ) আৰু " বিষ্ণু ৰাভা পুনৰ উভতি আহিব " শীৰ্ষক দুখন জীৱনীও লিখি উলিয়াইছিল ৷
বিষ্ণু ৰাভা সংস্কৃতিৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত আছিল ৷ তেখেতৰ গানৰ বিশেষত্বৰ বাবে তেখেতে লিখা গীতবোৰ বিষ্ণু ৰাভা সংগীত হিচাপে পৰিচিত ৷
১৯৬৯ চনৰ ২০ জুন তাৰিখে তেওঁৰ কৰ্কট ৰোগত মৃত্যু হয় ৷ নৰীয়া অৱস্থাতে তেওঁ "এয়ে মোৰ শেষ গান "গীতটি লিখি থৈ গৈ অসমীয়া কলাকৃষ্টিৰ এক নতুন যুগৰ সূচনা কৰি থৈ যায় ৷
ফোনঃ ৭০৮৬৭৬৬৪৫৯
No comments:
Post a Comment