বিপ্লৱী সত্তাৰ আন এক নামঃ বিষ্ণুপ্ৰসাদ ৰাভা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, July 3, 2022

বিপ্লৱী সত্তাৰ আন এক নামঃ বিষ্ণুপ্ৰসাদ ৰাভা




 বিপ্লৱী সত্তাৰ আন এক নামঃ বিষ্ণুপ্ৰসাদ ৰাভা 

আজিজুৰ ৰহমান

               নলবাৰী




    মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পাছত যিসকল মহান ব্যক্তিয়ে অসমীয়া ভাষা-সাহিত্য, কলা-সংস্কৃতি আৰু জাতিটোক সুসংহত ৰূপত প্ৰতিষ্ঠা কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল, সেইসকলৰ ভিতৰত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা নিঃসন্দেহে অন্যতম আৰু ব্যতিক্ৰম আছিল ৷ তেওঁৰ হৃদয়ত পোৱা যাই এক বিদ্ৰোহী সত্তা ৷ এই সত্তাৰ কাৰণে ৰাভা আজি প্ৰতিজন অসমীয়াৰ বাবে দিগদৰ্শী ৷ হৃদয়ত জাতীয় চেতনাবোধ লৈ জন্মগ্ৰহণ কৰা ৰাভাৰ মনটো ছাত্ৰাৱস্থাৰ পৰাই প্ৰবল বিপ্লৱী আৰু বিদ্ৰোহী আছিল ৷ তেওঁ পঢ়ি থাকোঁতে ইংৰাজ আৰু ইংৰাজসকলৰ কিছু সমাৰ্থক ভাৰতীয় তথা অসমীয়া মানুহখিনিক  ইতিকিং কৰি দেৱালত শ্লোগান হিচাপে লিখিছিল-

     “  ৰাজ্যে আছে দুইটি পাঠা, 

       একটি কালো একটি সাদা ৷

       ৰাজ্যে যদি মংগল চাও

        দুইটি পাঠাই বলি দাও ৷৷” 

ৰাভাই সৰুৰে পৰাই  অন্যায়, অনীতি, শোষণ, নিষ্পেষণ আদি দেখি দেখিয়ে এটা সময়ত তেওঁৰ মনটো বিদ্ৰোহী হৈ পৰিছিল ৷ ইয়াৰ ফলত তেওঁ সশস্ত্ৰত আত্মবিশ্বাসী হৈ পৰে ৷ যাৰ বাবে তেওঁ এখন হাতত বন্দুক আৰু আন এখন হাতত কলম তুলি লৈ তেওঁৰ বিদ্ৰোহী মনটোৱে সদায়েই অন্যায় আৰু অনীতিৰ বিৰুদ্ধে বিদ্ৰোহ আৰু বিপ্লৱ কৰি গৈছিল । তেওঁ প্ৰত্যক্ষ কৰিছিল, সমাজৰ যিবোৰ নীতি-নিয়মে দুখীয়া, নিচলা, কৃষক, শ্ৰমিক আদি জনসাধাৰণক নিজৰ প্ৰাপ্তিৰপৰা বঞ্চিত কৰি ৰাখে, সেই নীতি-নিয়মবোৰ তেওঁ  ভাঙি-ছিঙি চূৰ্ণ-বিচূৰ্ণ কৰি এখন নিকা সমাজ গঢ়িব বিচাৰিছিল ৷ সেয়ে তেওঁৰ বিপ্লৱী মনটোৱে গীতৰ মাজেৰে বিদ্ৰোহভাৱে লিখিছিল-

        “ ভাঙ্ ভাঙ্ ভাঙ্ ভাঙ্

          লোহাৰ শিকলি ভাঙ্

          ছিঙ্ ছিঙ্ ছিঙ্ ছিঙ্

          দাসৰ বান্ধোন ছিঙ্ ৷”

ভাৰতীয় জাতীয় কংগ্ৰেছৰ আহ্বানত মহাত্মা গান্ধীৰ নেতৃত্বত পৰিচালিত হোৱা ব্ৰিটিছ বিৰোধী তথা স্বাধীনতা আন্দোলনৰ জোৱাৰ যেতিয়া সমগ্ৰ ভাৰতবৰ্ষৰ চুকে-কোণে উত্তাল হৈ পৰে, তেতিয়া তাৰ প্ৰভাৱ অসমতো প্ৰত্যক্ষভাৱে পৰে ৷ ভাৰতীয় জনতাৰ আত্ম স্বৰূপ মহাত্মা গান্ধীক সত্যাগ্ৰহ আন্দোলনত পুলিচে গ্ৰেপ্তাৰ কৰাৰ ফলত সমগ্ৰ ভাৰতবৰ্ষতে গান্ধীজীক মুক্তি কৰি দিয়াৰ দাবীত প্ৰতিবাদৰ অনল শিখা জ্বলি উঠে ৷ অসমৰ তেজপুৰতো এই প্ৰতিবাদৰ অনল শিখা জ্বলি উঠে ৷ তেজপুৰত হাজাৰ হাজাৰ মানুহ লগ লাগি স্বাধীনতাৰ শ্লোগান দি গান্ধীজীক মুক্তিৰ দাবী জনায় ৷   তাত এই আন্দোলনকাৰীসকলৰ উগ্ৰমূৰ্তি ধাৰণ কৰা  দেখা পাই পুলিচে তেওঁলোকক ঘৰাঘৰি যাবলৈ কয়, অন্যথা পুলিচে তেওঁলোকৰ ওপৰত লাঠী চলাব ৷ পুলিচ বাহিনীৰ এই বাক্যবাণ  শুনাৰ পাছত কিছুমান প্ৰতিবাদকাৰীয়ে ভয়তে পিছুৱাই অহা দেখি ৰাভাই উদাত্ত হৈ বজ্ৰ কণ্ঠেৰে কৈছিল “ ৰাইজক ঘৰ নালাগে, লাগে স্বাধীনতা, ৰাইজক লাগে মুক্তি ৷” ৰাভাৰ এই কথা শুনি সকলো প্ৰতিবাদকাৰীয়ে আচৰিত হৈ পৰে ৷ তেতিয়াৰ পৰাই ৰভাই প্ৰতিবাদকাৰীসকলৰ মাজত নেতা হৈ পৰাৰ লগতে পুলিচৰ দৃষ্টিত এগৰাকী বিপ্লৱী হিচাপে ধৰা পৰে ৷

        চৰকাৰ তথা পুলিচ বাহিনীয়ে ৰাভাৰ হৃদয় আত্মাত নিবিড়ভাৱে জড়িত থকা বিপ্লৱী সত্তাটোক ৰুদ্ধ কৰিবলৈ পুলিচ বাহিনীয়ে তেওঁক কেইবাবাৰো এৰেষ্ট কৰে ৷ কিন্তু উপযুক্ত প্ৰমাণ নোপোৱাত তেওঁক পুলিচে এৰি দিবলৈ বাধ্য হয় ৷ তেওঁ অৱশ্যে কেইবাবাৰো পুলিচৰ চকুত ধূলি দি পুলিচৰ হাতৰ পৰা ৰক্ষা পৰিছিল ৷ অৱশেষত তেওঁ পুলিচৰ পৰা কিছু দূৰত থাকিবলৈ অসমৰ গাৱেঁ-ভূঞে ঘূৰি গাৱঁৰ মানুহৰ লগত সৰু সৰু সভা পাতি পৰাধীন ভাৰতক কেনেকৈ উদ্ধাৰ কৰিব পাৰি আৰু নিজৰ অধিকাৰ কেনেদৰে আদায় কৰি ল’ব পাৰি, সেই কথাবোৰ অতি সহজ-সৰলভাৱে বুজাই দি জনসাধাৰণৰ মাজত জাতীয় চেতনাবোধৰ ভাব জাগ্ৰত কৰি তোলে । তেওঁৰ নেতৃত্বতে পৰাধীন ভাৰতক উদ্ধাৰ কৰাৰ বাবে কেইবাটাও জাতীয় সংগঠনৰ জন্ম হয় ৷ তাৰ ভিতৰত “ মুক্তি ফৌজ ”, “ নাৰী মুক্তি সংঘ ”, “ কৃষক বনুৱা পঞ্চায়ত ” আদি অন্যতম আছিল ৷ ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰতবাসীয়ে ইংৰাজৰপৰা স্বাধীনতা লাভ কৰে যদিও শোষিত লোকসকলৰ মাজত কোনো বিশেষ উন্নতিৰ আভা তেওঁ দেখা নাপালে ৷ তেওঁৰ দৃষ্টিত সেই স্বাধীনতা আছিল সম্পূৰ্ণ মিছা ৷ সেয়েহে তেওঁ সেই স্বাধীনতাৰ সম্পৰ্কত নিজে স্বীকাৰ কৰি কৈছিল “ ইয়ে আজাদী ঝুঠা হ্যায় ৷” অৰ্থাৎ এই স্বাধীনতা মিছা বুলি জনসাধাৰণৰ আগত বুজাই দিয়ে আৰু তেওঁ ভূমিহীন, শ্ৰমিক আৰু কৃষকসকলৰ মাজত সুবৃহৎ আন্দোলন গঢ়ি তোলে ৷

     ৰাভাই অসমৰ বিভিন্ন ঠাই পৰিভ্ৰমণ কৰি ফুৰোঁতে প্ৰত্যক্ষ কৰিছিল  কৃষক আৰু বনুৱাসকলে বিভিন্ন প্ৰকাৰে লাঞ্ছিত-বঞ্চিত হোৱাৰ কথা ৷ মহাজনবোৰে কৃষকসকলক বিভিন্ন কৌশলেৰে উপযুক্ত সাসুবিধাৰ পৰা বঞ্চিত কৰা, প্ৰাপ্য ধন দিবলৈ সংকোচ কৰাৰ লগতে শ্ৰমিক, বনুৱাসকলক উপযুক্ত মজুৰিৰপৰাও বঞ্চিত কৰিছিল ৷ এইবোৰ কথা দেখি তেওঁৰ বিপ্লৱী মনটোৱে আৰু বেছি বিদ্ৰোহী হৈ পৰে ৷ সেয়েহে কৃষকসকলৰ উপযুক্ত সাসুবিধা দিয়া , শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি কৰা আৰু তেওঁলোকৰ অস্তিত্ব ৰক্ষাৰ কাৰণে ৰাভাই তেওঁলোকৰ অন্তৰাত্মাত বিপ্লৱ জগাই তুলিবলৈ লিখিছিল-

          “ ব’ল ব’ল ব’ল ব’ল

            কৃষক শক্তি দল

            অ বনুৱা সমনীয়া

            আগবাঢ়ি যাওঁ ব’ল ৷”

ৰাভাই ভালদৰে বুজিছিল যে দেশৰ অৰ্থনীতি তেতিয়াহে উন্ন হ’ব, যেতিয়া কৃষকসকলে মহাজনসকলৰ কবলৰ পৰা মুক্তি লাভ কৰি স্বাধীনভাৱে কৃষিকৰ্মৰ লগত জড়িত হ’ব ৷ তেওঁ কৃষকক ইমানেই ভাল পাইছিল যে যাৰ বাবে তেওঁ নিজৰ পৈতৃক সম্পত্তি কৃষকক মুক্ত মনেৰে দান কৰি কৃষকৰ প্ৰতি থকা দৰদৰ পৰিচয় দিয়ে ৷ কৃষকসকলৰ প্ৰতি অগাধ প্ৰেম থকা  ৰাভাই কেতিয়াও কৃষকসকৰ অন্যায় হোৱাটো বিচৰাব নাছিল ৷ কৃষকসকলক যাতে কোনো মহাজনে আৰু জমিদাৰবোৰে কেতিয়াও,কোনো কাৰণতে দমন কৰি নাৰাখে, তাৰ বাবে ৰাভাই তেওঁলোকক সাৱধানবাণী  কৰি দিছিল এনেদৰে-

          “ হুচিয়াৰ ! হুচিয়াৰ!!

            ধনী! মহাজন! জমিদাৰ!!

            হুচিয়াৰ! হুচিয়াৰ!! ”

এটা সময়ত ৰাভাৰ বিপ্লৱী মনটোৱে ৰাজনীতিৰ দুৱাৰদলিত প্ৰৱেশ কৰে  ৷ দুখীয়া, নিচলা, কৃষক, বনুৱাৰ হকে বিধানসভাত মাত মাতিবলৈ তেওঁ ৰাজনীতিৰ ক্ষেত্ৰতখনত ভৰি দিয়ে ১৯৫৫ চনত ভাৰতীয় কমিউনিষ্ট দলৰ যোগেদি ৷ ১৯৬৭ চনত তেওঁ তেজপুৰ সমষ্টিৰপৰা নিৰ্দলীয় প্ৰাৰ্থীহিচাপে অসম বিধানসভাৰ সদস্য হিচাপে নিৰ্বাচন হয় ৷ তেওঁ বিধান সভাৰ সদস্য হৈও বৰ্তমানৰ প্ৰায় সংখ্যক ৰাজনৈতিক নেতাৰ দৰে ধন-সম্পদৰ অট্টালিকা গঢ়াৰ মানসিকা বা ক্ষমতা পিয়াহত আতুৰ হোৱা বিধৰ নাছিল ৷ তেওঁ ৰাজনীতি কৰিছিল মূল্যবোধৰ আৰু ৰাইজৰ বাবে ৷ তেওঁৰ কাৰণে ৰাইজে সৰ্বস্ব আছিল ৷ সেয়েহে তেওঁ লিখিছে এনেদৰে-

            “ ৰাইজে ৰজা মোৰ

              প্ৰজাই ৰজা মোৰ

              সুখৰে পঞ্চায়ত ৰাজ ৷”

        মহাপুৰুষ শ্ৰীমন্তশংকৰদেৱৰ পদ অনুসৰণ কৰি ৰাভাই অসমৰ সকলো জাতি-জনগোষ্ঠীক একত্ৰিত কৰি বৰঅসম গঢ়িব বিচাৰিছিল ৷ কিন্তু ৰাভাই শোষণকাৰীসকলক পৰাভূত কৰিবৰ কাৰণে সকলো জনগোষ্ঠীৰ মানুহক একত্ৰিত হোৱাৰ বাবে আহ্বান জনাই ৷ কাৰণ তেওঁ বুজিছিল অসমৰ উন্নতি হ’বলৈ হ’লে আৰু শোষণকাৰীৰ কৱলৰ পৰা জনসাধাৰণে মুক্তি পাবলৈ হ’লে সকলো জনগোষ্ঠীৰ মানুহে একতাৰে শোষণকাৰীৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হোৱাৰ অতীৱ প্ৰয়োজন ৷ এইক্ষেত্ৰত তেওঁ জনগোষ্ঠীয় লোকসকলক উদ্দেশ্যি কৈছিল- “ জাগিব লাগিব তই মিকিৰ, কছাৰী, খাচী, ৰাভা, গাৰো, মিৰি, কুকী, বীৰ, খামটি-মিচিমি, চুতীয়া,অকা, ডফলা, ডিমাছা, দেউৰী, হাজং .....৷”

        ৰাভা এজন বিপ্লৱী সত্তাই নহয়, তেওঁ এজন স্বপ্নদ্ৰষ্টা দুৰ্দান্ত প্ৰেমিকো আছিল ৷ কিন্তু ৰাভাৰ প্ৰেম আছিল অব্যক্ত ৷ ৰাভাৰ ওচৰত গানৰ সুৰ শিকিবলৈ অহা ছাত্ৰী উষা বৰুৱাৰ প্ৰেমত পৰে তেওঁ ৷ কিন্তু তেওঁৰ হৃদয়ৰ কথা হৃদয়তে থাকি গৈছিল । কাৰণ অব্যক্ত প্ৰেমৰ কাৰণে ৰাভাই তেওঁক নিজৰ মনৰ কথা ক’ব নোৱাৰিলে ৷ যাৰ বাবে তেওঁ উষাক নিজৰ কৰি ল’ব নোৱাৰিলে ৷ সেই কথা তেওঁ অন্তৰ আত্মাৰপৰা গীতৰ আকাৰত লিখিছে-

           “ লগন উকলি গ’ল

            তেওঁ যে নহ’ল কোৱা,

            মনৰ কথাটি মোৰ

            হিয়াত গুপুতে থোৱা ৷”

                 তেওঁৰ প্ৰথমা পত্নী প্ৰিয়বালা দত্তৰ মৃত্যুত তেওঁ শোকাতুৰ হৈ বিৰহী প্ৰেমৰ আশাৰ প্ৰতীক হিচাপে লিখিছে-

          “ পৰ জনমৰ শুভ লগনত

           যদিহে আমাৰ হয় দেখা,

           পুৰাবানে প্ৰিয়ে এই জনমৰ

          মোৰ হিয়াৰ অপূৰ্ণ আশা ৷”

    এইজনা মহান বিপ্লৱী পুৰুষে গোটেই জীৱন মানুহৰ হকে কাম কৰি মৃত্যুৰ আগমুহূৰ্তত বিদীৰ্ণ হৃদয়েৰে লিখিছিল-

           “ এয়ে মোৰ শেষ গান ৷

             মোৰ জীৱন-নাটৰ শেষ ৰাগিণী

             কল্যান-খৰমান ৷”

এই গীতটোৱেই ৰাভাৰ মৰ্মবেদনা উপলব্ধি কৰা প্ৰতিজন অসমীয়াকে কন্দুৱায় ৷

           ৰাভাৰ বিপ্লৱী সত্তাৰ নীতি,আদৰ্শ, তথা মূল্য কিমান, সেয়া ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই ৰচনা কৰা “ বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি ” এই বিখ্যাত কবিতাটিৰ পৰা বাৰুকৈয়ে উপলব্ধি কৰিব পাৰি ৷ নৱপ্ৰজন্মৰ হৃদয়ত জাতীয়তাবোধৰ ভাৱ জাগ্ৰত কৰিবলৈ আৰু ৰাভাৰ বিষয়ে গভীৰভাৱে জনাবলৈ পাঠ্যপুথিত এইজনা মহান বিপ্লৱী পুৰুষৰ জীৱন দৰ্শনৰ কথাবোৰ সন্নিৱিষ্ট কৰাৰ অতিকৈ প্ৰয়োজন ৷ যাৰ চিন্তা-চেতনাই সকলো শ্ৰেণীৰ মানুহকে উদ্বুদ্ধ কৰিব পাৰে ৷



ফোনঃ ৮২৫৫০৫৫৭৪০


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages